ETV Bharat / state

মহিলাৰ সুৰক্ষাৰ কথা বিজেপিৰ মুখত শোভা নাপায় : প্ৰদেশ কংগ্ৰেছ

বিজেপিৰ আন্দোলনৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰদেশ কংগ্ৰেছৰ । বিজপি তথা ৰাজ্যৰ মুখ্যমন্ত্ৰীক কঠোৰ সমালোচনা প্ৰদেশ কংগ্ৰেছৰ উপ-সভানেত্ৰী প্ৰণতি ফুকনৰ ।

APCC react over BJP protest against Rahul Gandhi
আন্দোলনৰ প্ৰসংগকলৈ সৰৱ প্ৰদেশ কংগ্ৰেছ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 22, 2024 at 7:14 AM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী: আন্দোলনৰ প্ৰসংগকলৈ এইবাৰ সৰৱ হ'ল প্ৰদেশ কংগ্ৰেছ । ৰাজনৈতিক দলে ৰাজপথৰ আন্দোলন কৰিব নালাগে বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ এদিন পাছতে শনিবাৰে গুৱাহাটীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বিজেপি দলে । যাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰদেশ কংগ্ৰেছে ।

শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰদেশ কংগ্ৰেছৰ উপ-সভানেত্ৰী প্ৰণতি ফুকন আৰু প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়ে ।

আন্দোলনৰ প্ৰসংগকলৈ সৰৱ প্ৰদেশ কংগ্ৰেছ (ETV Bharat Assam)

সংবাদমেলত প্ৰণতি ফুকনে কয়, "ৰাজনৈতিক দলে প্ৰতিবাদ কৰিব নালাগে বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ এদিন পাছতে আজি বিজেপিৰ মহিলা মৰ্চাৰ নেত্রীসকলে লতাশিলৰ পৰা জজ খেলপথাৰলৈ প্ৰতিবাদ কৰিছে । প্ৰতিবাদ কৰাৰ কথাটো হৈছে যে ৰাহুল গান্ধীয়ে এগৰাকী সাংসদৰ গাত হাত দিছে । যদি সেইটোৱেই হয় তেন্তে নিশ্চয় ফুটেজ থাকিব আৰু সেইটো চালেই হয় । কিন্তু তাকে নকৰি মিছা কিছুমান অপব্যাখ্যা কৰি আমাৰ নেতাগৰাকীক দোষ দিবলৈ যোৱাটো অতি হাস্যকৰ আৰু ঘৃণনীয় কথা ।"

ফুকনে লগতে কয়, "তেওঁলোকে কয় যে কংগ্ৰেছত মহিলা সুৰক্ষিত নহয় । কংগ্ৰেছত মহিলা সুৰক্ষিত হয় নে নহয় সেইটো কথা বিজেপিয়ে আমাক শিকাব নালাগে । কাৰণ সৌ সিদিনা সকলোৱে দেখিছে যে জোনমণি ৰাভাক কেনেকৈ হত্যা কৰা হ'ল । তেওঁলোকৰ দলৰ এগৰাকী নেত্রী ইন্দ্ৰানী তহবিলদাৰে কেনেকৈ আত্মহত্যা কৰিবলগীয়া হ'ল । তেওঁ মৃত্যুৰ কাৰণো লিখি থৈ গৈছে ।’’

‘‘জোনমণি ৰাভাই ন্যায় নাপালে, মাকে আজিও কান্দে । আজি সেই দলৰ নেতৃসকলে কোনখন মুখেৰে কয় যে মহিলা সুৰক্ষিত নহয় । তেওঁলোকৰে এগৰাকী মহিলা নেত্রীয়ে কৈছিল যে বাজপেয়ী ভৱনত সন্ধিয়া ৭ বজাৰ পাছত মহিলা যাব নালাগে । সেয়া আমি কোৱা কথা নহয় ।" ফুকনে কয় ৷

তেওঁ লগতে কয়, "ৰাহুল গান্ধী এনেকুৱা এজন ব্যক্তি যিগৰাকী তেওঁৰ পিতৃক হত্যা কৰাজনক ৰেহাই দিয়াৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন জনোৱা পৰিয়ালৰ । তেনে এক পৰিয়ালৰ কোনো ব্যক্তিয়ে কাৰোবাক অপব্যৱহাৰ কৰিব পাৰে বুলি ভাৰতৰে নহয় বিশ্বৰ মানুহে কেতিয়াও বিশ্বাস নকৰে । ৰাহুল গান্ধী এনে এটা পৰিয়ালৰ যি মানৱতা বুজি পায় ।"

ইয়াৰোপৰি প্ৰণতি ফুকনে কয়, "বিজেপি দলটো কিছুমান বিশেষ ব্যৱসায়ীৰ হাতৰ পুতলা হৈ আছে । যাৰ বাবে তেওঁলোকে কংগ্ৰেছৰ বিৰুদ্ধে কিবা নহয় কিবা দোষ উলিয়াব বিচাৰে । জনতাৰ ক্ষোভ বুজিবলৈ তেওঁলোকৰ সময় নাই । তেওঁলোক কিছুমান বিশেষ ব্যক্তি তথা ব্যৱসায়ীক লৈ ব্যস্ত । যাৰ বাবে ভাৰতীয় জনতা পাৰ্টীক আমি ভাৰতীয় আদানীৰ পাৰ্টী বুলি ক'ব খোজো । তেওঁলোকে মহিলাৰ সুৰক্ষাৰ কথা কোৱাটো অতি লজ্জাজনক কথা ।"

মুখ্যমন্ত্ৰীক কঠোৰ সমালোচনা কৰি উপ-সভানেত্ৰীগৰাকীয়ে কয়, "মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা এনে এজন ব্যক্তি যিজনে কালি আমাক কৈছে যে কংগ্ৰেছে বন্দুক ফুটালৈ আশা কৰি আছে নেকি ? মুখেৰে কোৱা মানে কৰা । ডাঙৰ মানুহে যেতিয়া কথা কয় সেইটো তেওঁৰ অন্তৰত আছে । অন্তৰত আছে বাবেই মুখেৰে ওলাইছে । তেওঁ হয়টো কাইলৈ আমাৰ কংগ্ৰেছৰ মানুহবোৰৰ ঘৰলৈ গৈ মাৰপিট কৰিব পাৰে নাইবা কাৰোবাক গুলীয়াবও পাৰে ।’’

‘‘মৃদুল ইছলাম নিহত হোৱাৰ পিছত তেওঁলোকে চাই চাই মানুহৰ ঘৰে ঘৰে পুলিচ পঠিয়াইছে । সকলো ফালে তদন্ত লগাই দিছে । গণতান্ত্রিক দেশত সেইবোৰ হ'ব নালাগে ।" তেওঁ কয় ৷ আনহাতে এই সংবাদমেলতে মীৰা বৰঠাকুৰ গোস্বামীয়ে বিজেপিৰ মহিলা নেতৃত্বক কঠোৰ ভাষাৰে সমালোচনা কৰে ।

লগতে পঢ়ক: মহিলা সাংসদক ৰাহুল গান্ধীয়ে অপমান কৰাৰ অভিযোগ; গুৱাহাটীত বিজেপিৰ প্ৰতিবাদ - BJP PROTEST IN GUWAHATI

নাগালেণ্ডৰ মহিলা সাংসদক অসৎ আচৰণ ! ড৹ শৰ্মাই ক'লে- ক্ষমা খুজিবই লাগিব ৰাহুল গান্ধীয়ে - ASSAM CM ON RAHUL GANDHI