ETV Bharat / state

দায়বদ্ধতা প্ৰকাশ কৰি আহিছিলো, তাক আজি ছুপ্ৰিম কৰ্টে স্বীকৃতি দিলে: ভূপেন বৰা

উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি ভূপেন বৰাৰ । নিজকে অসম চুক্তি স্বাক্ষৰকাৰী দল হিচাপে বিবেচনা কৰাৰ কথা উল্লেখ বৰাৰ ।

APCC  President welcomes SC Verdict on cut of year for foreigners in Assam
উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি ভূপেন বৰাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 17, 2024 at 4:21 PM IST

|

Updated : October 17, 2024 at 4:36 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী,১৭ অক্টোবৰ: "অসম চুক্তিৰ প্ৰতি কংগ্ৰেছ দলে যি দায়বদ্ধতা প্ৰকাশ কৰি আহিছিলো তাক আজি ছুপ্ৰিম কৰ্টে স্বীকৃতি দিলে ৷'-উচ্চতম ন্যায়ালয়ৰ দ্বাৰা অসম চুক্তিৰ আধাৰত অসম চুক্তিৰ আধাৰত অসমৰ পৰা বিদেশী চিনাক্তকৰণ আৰু বিতাড়নৰ চূড়ান্ত ভিত্তি বৰ্ষ ১৯৭১ চনেই হ’ব বুলি ঘোষিত হোৱাৰ পাছত এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ।

অসম চুক্তি স্বাক্ষৰকাৰী দল হিচাপে আমি নিজকে বিবেচনা কৰো:

এক দীৰ্ঘদিনীয়া বিতৰ্কৰ অৱসান ঘটাই এই ঐতিহাসিক ৰায় দিয়াৰ পিছত ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে । গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,“তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত হোৱা অসম চুক্তিক সদায়েই আমি কংগ্ৰেছ দলে সন্মান জনাই আহিছো ।

উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি ভূপেন বৰাৰ (ETV Bharat Assam)

চুক্তি স্বাক্ষৰকাৰী দল হিচাবে আমি নিজকে বিবেচনা কৰো । কেৱল কংগ্ৰেছেই নহয় আন আন সকলো দলৰ লগতে বিজেপিৰ অটল বিহাৰী বাজপেয়ীয়েও অসম চুক্তিক এক ঐতিহাসিক দলিল বুলি অভিহিত কৰিছিল । উচ্চতম ন্যায়ালয়ৰ ১৯৭১ৰ ৰায়ৰ আমি আদৰণি জনাইছো ।”

আমাৰ দায়বদ্ধতাক স্বীকৃতি দিলে উচ্চতম ন্যায়ালয়ে:

অসমৰ জাতীয় জীৱনৰ ভৱিষ্যতৰ সৈতে জড়িত বিষয়টোৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ প্ৰসংগক্ৰমে ভূপেন বৰাই আক্ৰমণৰ লক্ষ্য কৰি ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক । লগতে ক’লে কংগ্ৰেছ দলে অসম চুক্তিৰ প্ৰতি প্ৰদৰ্শন কৰি অহা দায়বদ্ধতাক দোহাৰিছে সৰ্বোচ্চ ন্যায়ালয়ে । এই সন্দৰ্ভত বৰাই কয়,“পৰৱৰ্তী সময়ত কিছু ব্যক্তি আৰু সংগঠন, বিশেষকৈ বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত অস্থিৰ আৰু অশান্তিকৰ পৰিস্থিতি সৃষ্টি কৰিবৰ বাবে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে এই চুক্তিখনক অৱমাননা কৰিবলৈ চেষ্টা কৰি আহিছে । তাৰ জলন্ত উদাহৰণ হ’ত CAA । ইমান দিনে আমি অসম চুক্তিৰ প্ৰতি যি দায়বদ্ধতা প্ৰকাশ কৰি আহিছিলো তাক আজি ছুপ্ৰিম কৰ্টে স্বীকৃতি দিলে ।”

অসম চুক্তিৰ আত্মা ঘূৰাই আনিম:

অসম চুক্তিৰ আধাৰত ১৯৭১ চনেই বিদেশী বিতাড়নৰ ভিত্তি হৈ থাকি বুলি উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ লগে উৎসাহী হৈ ভূপেন বৰাৰ ঘোষণা,“ঐতিহাসিক অসম চুক্তিৰ প্ৰতি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে দ্বিতীয়বাৰৰ বাবে আস্থা প্ৰকাশ কৰে বুলি মই বিবেচনা কৰো । লগতে বিভিন্নজনে যিটো খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণৰ কথা কৈ আহিছে । চুকাফা আৰু মহাপুৰুষ শংকৰদেৱে দেখুৱাই যোৱা পথৰ পৰা আমি বিচলিত নহও ৷”

লগতে CAA ই অসম চুক্তিৰ আত্মাক হত্যা কৰিছে বুলি কৈ ভূপেন বৰাৰ দাবী- "সংসদত সংখ্যাগৰিষ্ঠতা পোৱাৰ পাছত কংগ্ৰেছে CAA বাতিল কৰিব । CAAই অসম চুক্তিৰ আত্মাক হত্যা কৰিছে । আমি কংগ্ৰেছ দলে কেতিয়াও CAAক সমৰ্থন কৰা নাই । আনকি AICCৰ লগত অসম কংগ্ৰেছৰ পাৰ্থক্য আছে । এই কথা আমি ৰাহুল গান্ধীকো বুজাইছিলো । সেই কাৰণে ৰাহুল গান্ধীয়ে অসমত আহি ঘোষণা কৰিছিল যে CAA আমি বিৰোধিতা কৰো । আমি আজিও CAA বিৰোধী স্থিতিত অটল আছো । যেতিয়া আমি সংসদত সংখ্যাগৰিষ্ঠতা পাম, তেতিয়া আমি অসম চুক্তিৰ আত্মা ঘূৰাই আনিম ৷”

লগতে পঢ়ক: '৫১ নহয়, ১৯৭১ চন বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ; উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

১৯৫১ নে ১৯৭১ ? অসমত নাগৰিকত্বৰ ভিত্তিবৰ্ষ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিব ৰায়

Last Updated : October 17, 2024 at 4:36 PM IST