ETV Bharat / state

বিধানসভা চাবলৈ আহিল গৌৰৱ গগৈ: সোণোৱালে ক’লে- কাম নহ’ব - GAURAV GOGOI VISITS ASSAM ASSEMBLY

সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সন্মানাৰ্থে চলা বিশেষ অধিৱেশনৰ মাজতেই বিধানসভাৰ অধিৱেশন চাবলৈ আহিল গৌৰৱ গগৈ আৰু সৰ্বানন্দ সোণোৱাল ।

Gaurav Gogoi
বিধানসভাৰ প্ৰৱেশদ্বাৰত গৌৰৱ গগৈ (Gaurav Gogoi FB)
author img

By ETV Bharat Assamese Team

Published : June 9, 2025 at 6:17 PM IST

3 Min Read

গুৱাহাটী: লোকসভা এৰি বিধানসভা চাবলৈ আহিল গৌৰৱ গগৈ ৷ কেৱল গৌৰৱ গগৈয়েই নহয়, লোকসভা এৰি কিছু সময়ৰ বাবে বিধানসভা সচিবালয়লৈ আহিল একালৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো । গৌৰৱ গগৈৰ বিধানসভা দৰ্শনক লৈ প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ।

সোমবাৰে অসম বিধানসভাত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সন্মানাৰ্থে চলিছে বিশেষ অধিৱেশন । তাৰ মাজতেই লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈ আহিল বিধানসভাৰ অধিৱেশন চাবলৈ । গৌৰৱ গগৈক দেখা গ’ল অধ্যক্ষৰ অতিথি গেলাৰীত ৷ একেটা গেলাৰীত দেখা গ'ল সোণোৱালকো ৷

Gaurav Gogoi
বিধানসভাৰ অধ্যক্ষৰ সৈতে কংগ্ৰেছৰ নেতাসকল (Gaurav Gogoi FB)

প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণৰ পিছতেই ৰাজনৈতিক জীৱনত প্ৰথমবাৰৰ বাবে বিধানসভাত উপস্থিত হয় গৌৰৱ গগৈ । গেলাৰীৰ পৰা কিছুসময় বিধানসভাৰ কাৰ্যাৱলী চোৱাৰ পিছত গৌৰৱ গগৈয়ে সদনৰ বাহিৰত সাংবাদিকৰে মত বিনিময় কৰে ।

তেওঁ কয়, “আজিৰ তাৰিখত অসম বিধানসভাৰ অধীনত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ নামত ডিব্ৰুগড় বিমানবন্দৰটো নামকৰণ কৰা যাব । এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত । এই সিদ্ধান্তক আমি সকলোৱেই সমৰ্থন কৰিছো । এই প্ৰসংগতে মই আজি অসম বিধানসভালৈ আহিছো । এতিয়াৰে পৰা যিসকল পৰ্যটক ডিব্ৰুগড়লৈ আহিব সকলোৱেই সুধাকণ্ঠৰ নাম বিমানবন্দৰত ডাঙৰকৈ দেখা পাব ।"

"আমি গৌৰৱবোধ কৰিছো, লগতে আমি দেখিছো যে ডিব্ৰুগড়ৰ সৈতে বায়ুপথেৰে যোগাযোগত বহুত সমস্যা আছে । আমি আশা কৰিম নামটো দিয়াতেই চৰকাৰ যাতে সীমাবদ্ধ নাথাকে । সন্ধিয়াৰ পিছত ডিব্ৰুগড়ৰ সৈতে গুৱাহাটী নাইবা দিল্লীৰে ডিব্ৰুগড়ৰ এয়াৰ যোগাযোগ নাথাকে । আশা কৰো এইবোৰতো লগতে চৰকাৰে চকু দিব ।” গগৈয়ে কয় ।

বিধানসভাৰ কাৰ্যাৱলী চোৱাৰ লগতে গৌৰৱ গগৈয়ে কংগ্ৰেছ বিধায়িনী দলৰ সদস্যসকলৰ সৈতে সৌজন্যমূলক সাক্ষাৎ কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীকো ।

আনহাতে, বহুদিনৰ মূৰত অসম বিধানসভাৰ চৌহদত উপস্থিত হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । অসমৰ ৰাজ্যসভাৰ দুখন আসনৰ বাবে আজি বিজেপিৰ কণাদ পুৰকায়স্থ আৰু অসম গণ পৰিষদৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ মনোনয়ন দাখিল কৰা হয় অসম বিধানসভা সচিবালয়ত । এই পৰ্বতো অংশগ্ৰহণ কৰে সোণোৱালে ।

সাংবাদিকৰ প্ৰশ্নত গৌৰৱ গগৈ অসম বিধানসভাৰ অধ্যক্ষৰ গেলেৰীত উপস্থিত থকাক লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মতে গৌৰৱ গগৈয়ে বিধানসভা চাবলৈ আহিলেও কাম নিদিব ।

গৌৰৱ গগৈৰ অসম বিধানসভা দৰ্শনক লৈ সৰ্বানন্দ সোণোৱালে মন্তব্য কৰিলে এইদৰে, ''গৌৰৱ গগৈ অধ্যক্ষৰ অনুমতি লৈ বিধানসভাৰ গেলেৰীলৈ আহিছে, কিন্তু কংগ্ৰেছে যিমান চেষ্টা কৰিলেও অসমৰ ৰাইজৰ অন্তৰ জয় কৰিব নোৱাৰে ৷”

লগতে পঢ়ক : ৰাজ্যসভাত আসনো দুখন, মনোনয়নো দিলে দুজনেই: বৈশ্য-পুৰকায়স্থ দিল্লীমুখী

লগতে পঢ়ক : বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য পুনৰ অগপৰ ৰাজ্যসভাৰ প্ৰাৰ্থী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.