বিজেপিয়ে বিভিন্ন জনগোষ্ঠীক অপমান কৰিছে: গৌৰৱ গগৈ
প্ৰদেশ কংগ্রেছৰ সভাপতি হিচাপে দায়িত্ব লোৱাৰ পাছত বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে লখিমপুৰত উপস্থিত হয় গৌৰৱ গগৈ । বিজেপিলৈ আগবঢ়ালে পৰামৰ্শ ।

Published : June 19, 2025 at 8:04 PM IST
লখিমপুৰ: বিজেপিৰ মন্ত্রী-বিধায়ক লৈ এটা পৰামর্শ আগবঢ়ালে প্ৰদেশ কংগ্রেছৰ সভাপতি গৌৰৱ গগৈয়ে । বৃহস্পতিবাৰে লখিমপুৰৰ পৰা মুখ্যমন্ত্রীকে ধৰি বিজেপিৰ মন্ত্রীসকললৈ এটা পৰামর্শ আগবঢ়ালে প্ৰদেশ কংগ্রেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে । লখিমপুৰৰ পদুমণি আই থানত সেৱা লোৱাৰ পাছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ এটা পৰামর্শ আগবঢ়ায় ।
তেওঁ আগবঢ়োৱা পৰামর্শমূলক বক্তব্যটো হ'ল,"বিজেপি আৰু ইউপিপিএল দলে মিলি বড়ো অঞ্চলৰ হেজাৰ হেজাৰ বিঘা মাটি আদানিক বিক্ৰী কৰিব বিচাৰিছে । সেইয়া বড়ো জনগোষ্ঠীৰ লগতে অসমৰ বিভিন্ন জনগোষ্ঠীৰ লগত অন্যায় আৰু অপমান কৰা হৈছে । তাৰ বাবে বড়ো জনগোষ্ঠীৰ ওচৰত তেওঁ লোকে ক্ষমা বিচাৰিব লাগে । যদি উদ্যোগ বহুৱাব লাগে তেন্তে মুখ্যমন্ত্রীয়ে এসময়ত কৈছিল যে উদ্যোগ বহুৱাবলৈ তেওঁ নিজৰ মাটি দান দিব । এতিয়া মাটি দান দিয়াৰ সময় আহিল । সৰু সৰু বা দুখীয়া জনগোষ্ঠীৰ পৰা মাটি লোৱাতকৈ মুখ্যমন্ত্রীকে ধৰি বিজেপিৰ মন্ত্রীসকলে অসমৰ চুকে কোণে যি শ শ বিঘা মাটি লৈ থৈছে সেই মাটি দান দি উদ্যোগ স্থাপন কৰিবলৈ মোৰ ফালৰ পৰা পৰামর্শ দিলোঁ ।"
এইদৰে বিজেপিৰ মন্ত্রীসকললৈ পৰামর্শ আগবঢ়ালে গৌৰৱ গগৈয়ে । সাংবাদিকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দি গৌৰৱ গগৈয়ে বিজেপিক সমালোচনা কৰে আৰু কয়,"বিজেপিয়ে বিভিন্ন জনগোষ্ঠীক অপমান কৰিছে । ভুৱা প্ৰতিশ্ৰুতি দিছে । ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব । ক'ত গ'ল সেই প্ৰতিশ্ৰুতি ? অসমৰ খিলঞ্জীয়া মানুহক তেওঁ লোকে ভূমিৰ পট্টা দিব পৰা নাই । নামত প্ৰতিশ্ৰুতি দিয়ে । কিন্তু কামত একো কৰিব পৰা নাই ।"
বিজেপিৰ বিধায়ক মানৱ ডেকাই গৌৰৱ গগৈয়ে একাংশ দুস্কৃতিকাৰীৰ পক্ষ লৈ কথা কোৱা বুলি প্ৰসংগটো সাংবাদিকে উত্থাপন কৰাত প্ৰতিক্ৰিয়া ব্যক্ত কৰি গৌৰৱ গগৈয়ে কয়, "হিন্দু ধৰ্ম বিজেপিতকৈ আৰু কংগ্রেছতকৈ পুৰণি । হিন্দু ধর্মত ৰাজনীতি কৰিছে । পাঁচ হেজাৰ বছৰতকৈ পুৰণি হিন্দু ধৰ্ম । ধৰ্মক অপমান কৰা হৈছে । যি মুখ্যমন্ত্রীয়ে নিজৰ ৰাজ্যৰ মন্দিৰ, নামঘৰৰ পৱিত্রতা ৰক্ষা কৰিব নোৱাৰে সেই মুখ্যমন্ত্রীয়ে এদিনো নিজৰ চকীত বহাৰ অধিকাৰ নাই ।"
এইদৰে বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে গৌৰৱ গগৈ । তেওঁ লগতে কয়,"মোৰ ওপৰত টাডা কেছ নাই, আলফা, ছালফাৰ সন্ত্ৰাসবাদী কেছ নাই, লুই বাৰ্জাৰ, এনচি হিল, ক'ৰবাত বাগান কিনা নাই, গতিকে একো দাগ নাপাই এতিয়া ভুৱা দাগ লগাব বিচাৰিছে । আগন্তুক দিনত কংগ্ৰেছৰ চৰকাৰ হ'ব আৰু তেওঁলোকে ক'ত ক'ত মাটি কিনিছে, ক'ত ক'ত তেওঁলোকে জল জীৱন মিচনৰ কেলেংকাৰী কৰিছে, সেই পইছাবোৰ ক'ত লুকাই আছে এটা এটা পইছাৰ হিচাপ লোৱা হ'ব ।"
তেওঁ বিজেপিক সতৰ্ক কৰি কয়,"তেওঁলোকৰ ঘৰতো কংগ্রেছ সোমাই আছে । মই তেওঁলোকৰ সকলো খবৰ পাই আছোঁ ।" উল্লেখ্য প্ৰদেশ কংগ্রেছৰ সভাপতি হিচাপে দায়িত্ব লোৱাৰ পাছত বৃহস্পতিবাৰে প্ৰথম বাৰৰ বাবে লখিমপুৰ ত উপস্থিত হয় গৌৰৱ গগৈ । তেওঁ প্ৰথমে পদুমণি আই থানত উপস্থিত হৈ দলীয় কৰ্মকৰ্তা সকলৰ সৈতে সেৱা লয় ।
সেৱা লৈ আহি গৌৰৱ গগৈয়ে সাংবাদিকৰ আগত কয়,"মই সমগ্র অসমৰ জনসাধাৰণৰ বাবে মাৰ আশীর্বাদ বিচাৰিছোঁ । যিসকলে আজিও ভূমিৰ পট্টা পোৱা নাই, যি সকলে সংস্থাপন পোৱা নাই, যিসকলে মূল্যবৃদ্ধিৰ বিৰুদ্ধে যুঁজিবলৈ সাহস পোৱা নাই সেইসকলক সাহস প্ৰদান কৰক । এইয়াই মই মাৰ পৰা আশীর্বাদ বিচাৰিছোঁ । এইবাৰ ৰাইজে কষ্ট কৰিব লাগিব । আমাক ৰাইজৰ সহায় লাগিব । ৰাইজৰ সমৰ্থন লাগিব আৰু ৰাইজ যদি ৰণত নামে তেন্তে এইবাৰ যুঁজ হ'ব । এই যুঁজত আমি জিকিম ।"
পদুমণি আই থানত সেৱা লৈ গৌৰৱ গগৈয়ে লখিমপুৰৰ বান বিধ্বস্ত আমতলা অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় । তাৰ পৰা তেওঁ নাওবৈচা সমষ্টিৰ প্ৰাক্তন কংগ্রেছী বিধায়ক সদ্য প্ৰয়াত সঞ্জয়ৰাজ চুব্বাৰ পৰিয়ালত উপস্থিত হৈ প্ৰয়াত বিধায়কগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে ।

