ETV Bharat / state

এইবাৰ কংগ্ৰেছে কংগ্ৰেছক জিকাব : প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ

ৰাজীৱ ভৱনত নিশালৈ ১২ঘণ্টীয়া বৈঠক । ৩৫খন জিলালৈ প্ৰেৰণ কৰা মুঠ ৮৮গৰাকী জিলা পৰ্যবেক্ষকৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠক । গৌৰৱ গগৈয়ে ল'লে তৃণমূলৰ বাৰ্তা ৷

APCC President Gaurav Gogoi holds crucial meeting with 88 observers in Guwahati Rajiv Bhawan
শুকুৰবাৰে নিশালৈ ১২ ঘণ্টাৰ এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় গৌৰৱ গগৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 21, 2025 at 11:38 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব লাভৰ পাছতে থমকি ৰোৱা নাই যোৰহাট সমষ্টিৰ সাংসদ গৌৰৱ গগৈ । দিন-ৰাতি একাকাৰ কৰি দলটোক শক্তিশালী কৰি ২০২৬ৰ বাবে জোৰদাৰ প্ৰস্তুতি চলাইছে গৌৰৱ গগৈয়ে । দলটোক নতুন ৰূপ দি ২০২৬ত যুঁজ দিয়াৰ বাবে পৰিকল্পনাৰে আগবাঢ়িছে সভাপতিগৰাকী ।

এঘণ্টা-দুঘণ্টা নহয় শুকুৰবাৰে নিশালৈ ১২ ঘণ্টাৰ এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় গৌৰৱ গগৈ । ৩৫ খন জিলালৈ প্ৰেৰণ কৰা মুঠ ৮৮ গৰাকী জিলা পৰ্যবেক্ষকৰ সৈতে শুকুৰবাৰে নিশা প্ৰায় ১১ বজালৈকে প্ৰায় ১২ ঘণ্টাৰ বৈঠক কৰে সভাপতি গৌৰৱ গগৈয়ে । গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত জিলাভিত্তিক এই পৰ্যালোচনা সভাত বহুকেইটা দিশত আলোচনা কৰা হয় ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ (ETV Bharat Assam)

দীঘলীয়া বৈঠকৰ অন্তত সাংবাদিকৰ আগত গৌৰৱ গগৈয়ে কয়, "আমি আমাৰ বিষয়ববীয়াক ক'ব বিচাৰিছো যে ৰাজীৱ ভৱনতকৈ ফিল্ডত থাকক, গাঁৱত থাকক । মোৰ ওচৰত থকাৰ বিপৰীতে গাঁৱৰ ৰাইজৰ ওচৰত থাকক । তেতিয়াহে তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যত শক্তিশালী হৈ থাকিব ।’’

‘‘সকলোৰে ওপৰত, প্ৰত্যেক ব্লকৰ ওপৰত আমাৰ চকু থাকিব । প্ৰতিটো ব্লক আমাৰ বাবে গুৰুত্বপূৰ্ণ । বাৰ ঘণ্টীয়া মিটিঙত আমি তৃণমূল কৰ্মীসকলৰ সকলো বাৰ্তা লাভ কৰিছো । এতিয়া আমাৰ দলৰ জ্যেষ্ঠসকলৰ দায়িত্ব যে আমি আমাৰ তৃণমূল কৰ্মীসকলৰ লাভ তথ্য অনুসৰি কাম কৰাটো । পৰ্যবেক্ষকৰ যোগেদি তৃণমূলৰ কৰ্মীসকলে আমাক সকলো কথা জনালে । এতিয়া আমি কাম কৰিব লাগিব ।" গগৈয়ে কয় ৷

APCC President Gaurav Gogoi holds crucial meeting with 88 observers in Guwahati Rajiv Bhawan
শুকুৰবাৰে নিশালৈ ১২ ঘণ্টাৰ এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় গৌৰৱ গগৈ (ETV Bharat Assam)
লগতে পঢ়ক : টীম গৌৰৱত প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীকৰ ৰাজনৈতিক অভিষেক...

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত গৌৰৱ গগৈয়ে কয়, "আমি ৮৮ গৰাকী পৰ্যবেক্ষক নিযোগ কৰিছো । পঞ্চায়ত নিৰ্বাচনত কোনে কষ্ট কৰিছিল সেইখিনি কথা আমি জানিবলৈ বিচাৰিছিলো । আগন্তুক নিৰ্বাচনত আমাক সকলোকে লাগিব । কাকো আঁতৰত ৰাখি আমি একো কৰিব বিচৰা নাই ।’’

‘‘আমাৰ কংগ্ৰেছ দলটো এখন সুন্দৰ বাগিচাৰ দৰে । সকলো ৰঙৰ ফুল আমাৰ বাগিচাত দেখা পাব । আমাৰ বিধায়কসকলে নিজৰ নিজৰ সমষ্টিত সুন্দৰভাৱে কাম কৰি আছে। আমি বিজেপি হ'বলৈ বিচৰা নাই । আমি কংগ্ৰেছ হ'বলৈ বিচাৰো । কংগ্ৰেছে কেনেদৰে নিৰ্বাচন জিকিব লাগে, কেনেদৰে শাসন কৰিব লাগে, কেনেদৰে ৰাইজৰ সেৱা কৰিব লাগে সেয়া ভালদৰে জানে ।’’ গগৈয়ে কয় ৷

APCC President Gaurav Gogoi holds crucial meeting with 88 observers in Guwahati Rajiv Bhawan
ৰাজীৱ ভৱনত নিশালৈ ১২ ঘণ্টীয়া বৈঠক (ETV Bharat Assam)

‘‘কংগ্ৰেছ এটা আন্দোলনৰ পৰা জন্ম হোৱা দল । স্বাধীনতা সংগ্ৰামৰ পৰা জন্ম হোৱা দল কংগ্ৰেছ । আমি এটা পৰিয়াল । কোৱা হয় যে কংগ্ৰেছে কংগ্ৰেছক পৰাজিত কৰে । এইবাৰ আমাৰ চেষ্টা আৰু উদ্দেশ্য যে এইবাৰ কংগ্ৰেছেহে কংগ্ৰেছক জিকাব ।" গৌৰৱ গগৈয়ে কয় ৷

লগতে পঢ়ক : হিমন্ত বিশ্ব শৰ্মাক মহম্মদ আলী জিন্না আখ্য়া গৌৰৱ গগৈৰ

লগতে পঢ়ক : কোনো বাস্তৱ হিন্দুৱে ধৰ্মীয় অনুষ্ঠান প্ৰদূষিত নকৰে- মুখ্যমন্ত্ৰীক আক্ৰমণ গৌৰৱ গগৈৰ