ETV Bharat / state

ৰাহুল গান্ধীৰ বিৰুদ্ধে গুৱাহাটীত গোচৰ তৰা কাৰ্য্যক তীব্ৰ প্ৰত্যাহ্বান ভূপেন কুমাৰ বৰাৰ

ৰাহুল গান্ধীৰ বিৰুদ্ধে পাণবজাৰ থানাত গোচৰ ৰুজু হোৱাৰ পিছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই তীব্ৰ সমালোচনা কৰিছে ।

Bhupen Kumar Bora
ৰাহুল গান্ধীৰ বিৰুদ্ধে তৰা গোচৰক প্ৰত্যাহ্বান ভূপেন ‌বৰাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 20, 2025 at 4:42 PM IST

|

Updated : January 20, 2025 at 5:03 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : এগৰাকী অধিবক্তাই কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে গুৱাহাটীৰ এখন আৰক্ষী থানাত ৰুজু কৰা গোচৰক প্ৰত্যাহ্বান জনাইছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই । গুৱাহাটীত সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি বৰাই অভিযোগ কৰি কয়,"বিজেপিয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে ভুৱা অভিযোগ দি এনেধৰণৰ গোচৰ তৰি চক্ৰান্ত কৰিছে ।" তেওঁ অভিযোগ কৰি কয় অসম আৰক্ষীয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বহতীয়া হিচাপে কাম কৰি আছে ।

ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ

উল্লেখ্য যে, ৰাষ্ট্ৰ বিৰোধী আৰু আৰ এছ এছৰ প্রধান মোহন ভাগৱতৰ বিৰুদ্ধে কটু মন্তব্য কৰাৰ অভিযোগ তুলি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা মঞ্জিত চেতিয়াই পাণবজাৰ থানাত ১৫২/১৯৭(d) ধাৰাৰ অধীনত ২৯/২০২৫ নম্বৰত ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে । মঞ্জিত চেতিয়াই এজাহাৰখনত উল্লেখ কৰে, "১৫ জানুৱাৰীত দিল্লীৰ কোটলা মাৰ্গৰ কংগ্ৰেছ দলৰ নতুন মুখ্য কাৰ্যালয় ইন্দিৰা ভৱন উদ্বোধনী অনুষ্ঠানত ভাষণ দি বিতৰ্কিত মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে । ৰাহুল গান্ধীয়ে কৈছিল বিজেপি আৰু আৰএছএছয়ে প্ৰতিটো প্ৰতিষ্ঠান দখল কৰিছে আৰু আমি এতিয়া বিজেপি, আৰএছএছ আৰু ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে যুঁজ দি আছো । নেতাৰ পদত অধিষ্ঠিত এজন ব্যক্তিৰ দ্বাৰা ৰাজহুৱা মঞ্চত দিয়া এনে মন্তব্য এটা সাধাৰণ ৰাজনৈতিক মন্তব্য নহয় ।"

ৰাহুল গান্ধীৰ বিৰুদ্ধে গুৱাহাটীত গোচৰ,তীব্ৰ প্ৰত্যাহ্বান ভূপেন কুমাৰ বৰাৰ (ETV Bharat)

ভূপেন কুমাৰ বৰাৰ প্ৰতিক্ৰিয়া

এই কথাৰ বিৰোধিতা কৰি বৰাই কয়, "ৰাহুল গান্ধীৰ বক্তব্যৰ ভুল ব্যাখ্যা কৰিছে । ৰাহুল গান্ধীয়ে ৰাষ্ট্ৰ‌বিৰোধী কোনো বক্তব্য দিয়া নাই । ৰাহুল গান্ধীয়ে সংবিধানৰ গণ্ডীৰ ভিতৰত থাকি বক্তৃতা দিছিল ।" তেওঁ কয়, "যেতিয়া কংগ্ৰেছ দলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব‌ শৰ্মাই উচটনিমূলক আৰু সাম্প্ৰদায়িকমূলক বক্তৃতা দিয়াৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ তৰিব যায়, সেই গোচৰ আৰক্ষীয়ে ৰুজু নকৰে ।‌ কিন্তু ৰাহুল গান্ধীৰ বিৰুদ্ধে ভুৱা গোচৰ দিলেও আৰক্ষীয়ে সেই গোচৰ ততালিকে ৰুজু কৰে ।" ভূপেন কুমাৰ বৰাই লগতে কয়, "ৰাহুল গান্ধীৰ বিৰুদ্ধে দিয়া গোচৰটোৰ চোৱা-চিতা কৰাৰ বাবে এগৰাকী জ্যেষ্ঠ অধিবক্তাক দায়িত্ব দিয়া হৈছে ।"

হাতীক ৰাজনৈতিক মুনাফাৰ বাবে ব্যৱহাৰ হিমন্ত বিশ্ব শৰ্মাৰ

শেহতীয়াকৈ কেইবাখনো বাহনত অসমৰ পৰা হাতী সৰবৰাহ সন্দৰ্ভত ভূপেন কুমাৰ বৰাই কয়, "মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই হাতীক নিজৰ ৰাজনৈতিক মুনাফাৰ বাবে ব্যৱহাৰ কৰিছে । আৰ্থিক লাভলাভৰ‌ বাবে হাতীক মুখ্যমন্ত্ৰীয়ে ব্যৱহাৰ কৰিছে । আৰক্ষীৰ বিশাল কনভয়ৰ মাজত গুৱাহাটীৰ মাজমজিয়াৰে দেওবাৰে ২০ খনৰো অধিক এনিমেল এম্বুলেন্সত হাতী নিয়াকলৈ সৃষ্টি হোৱা ব্যাপক প্ৰতিক্ৰিয়াৰ পিছত ভূপেন কুমাৰ বৰাই এই‌ মন্তব্য কৰে । তেওঁ কয় যে আম্বানিৰ চিৰিয়াখানালৈ অসমৰ যোগেদি সৰবৰাহ কৰা হৈছে হাতী । গুৱাহাটীৰ মাজেৰে গুজৰাটলৈ লৈ যোৱা হৈছে হাতীকেইটা । তেওঁ লগতে কয়,"মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আৱেগ-অনুভূতি নাই । সেই কথা কালি ৰাজপথত অসমৰ মানুহে প্ৰত্যক্ষ কৰিছে ।"

লগতে পঢ়ক :পাণবজাৰ থানাত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু - CONGRESS LEADER RAHUL GANDHI

Last Updated : January 20, 2025 at 5:03 PM IST