পি আৰ চি সন্দৰ্ভত মুখ্যমন্ত্ৰী-শিক্ষামন্ত্ৰীৰ ওলোটা খৰক লৈ ভূপেন বৰাৰ তীব্ৰ সমালোচনা - APCC President Bhupen Borah
APCC President Bhupen Borah: তদন্ত হৈছে ভেকোঁভাওনা ৷ ডাইৰেক্টৰ কোন ! পিৰামিডৰ আটাইতকৈ তলৰ লেয়াৰটোত থাকে ডাইৰেক্টৰ ৷ ডাইৰেক্টৰে চৰকাৰৰ নীতি আৰু নিৰ্দেশনা পালন কৰে ৷ ইয়াত মুখ্যমন্ত্ৰী জড়িত ৷ আৰ এছ এছক ভাল লগাবলৈ পি আৰ চি শেষ কৰি দিলে ৷ কিন্তু দল-সংগঠনে মাত মতাত ডাইৰেক্টৰৰ ওপৰত সকলো দোষ জাপি দিলে ৷ উচ্চ শিক্ষা সঞ্চালকালয়ে জাৰি কৰা বিতৰ্কিত নিৰ্দেশনা ৰাজ্য চৰকাৰে বাতিল কৰাৰ পাচতেই চৰকাৰৰ বিৰুদ্ধে এইদৰে সৰৱ হৈ পৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷

Published : July 10, 2024 at 3:45 PM IST
গুৱাহাটী, ১০ জুলাই: ৰাজ্যৰ উচ্চ শিক্ষা সঞ্চালকালয়ৰ শিক্ষা বিভাগৰ চাকৰিত স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ নালাগে বুলি দিয়া বিতৰ্কিত নিৰ্দেশনাক লৈ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে ওলোটা খৰ মৰাৰ পিচত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা । গুৱাহাটীত বুধবাৰে এই সন্দৰ্ভত সাংবাদিকৰ আগত মন্তব্য কৰি ভূপেন বৰাই মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক এই নিৰ্দেশ জাৰি কৰা ৰাজ্যৰ উচ্চ শিক্ষা সঞ্চালকালয়ৰ উপ-সঞ্চালক সুমিত্ৰা দেৱক চাকৰিৰ পৰা নিলম্বন কৰাৰ প্ৰত্যাহ্বান জনায় ।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই অভিযোগ কৰি কয় যে, এই সমস্ত প্ৰক্ৰিয়া মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ নিৰ্দেশমতে হৈছে । এতিয়া প্ৰতিবাদৰ জোৱাৰ উঠাৰ পিচত সকলো দোষ উচ্চ শিক্ষা সঞ্চালকালয়ৰ সঞ্চালকৰ ওপৰত দোষ জাপি দি মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে নিজকে ধোৱা তুলসীৰ পাত সজালে নহ'ব বুলি বৰাই দাবী কৰে ।
মন কৰিবলগীয়া যে, ৰাজ্যৰ উচ্চ শিক্ষা সঞ্চালকালয়ৰ উপ-সঞ্চালক সুমিত্ৰা দেৱে যোৱা ৪ জুলাইত এক পত্ৰযোগে পি আৰ চি অৰ্থাৎ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্র নোহোৱাকৈ অসমৰ উচ্চ শিক্ষাৰ চাকৰিত আবেদন কৰিব পৰা যাব বুলি নিৰ্দেশনা দিছিল । উচ্চ শিক্ষা সঞ্চালকালয়ে জাৰি কৰা নিৰ্দেশনাৰ পাচতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । বিভিন্ন দল-সংগঠনে ইয়াৰ বিৰোধিতা কৰিছিল । তাৰ পিচতেই মুখ্যমন্ত্ৰী এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । চৰকাৰৰ অনুমতি অবিহনেই জাননী জাৰি কৰা বুলি উল্লেখ কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ।
বৰাই কয় যে, এই প্ৰক্ৰিয়াটোৰ লগত মুখ্যমন্ত্ৰী আৰু আৰ এছ এছ জড়িত আছে । তাত কোনো সন্দেহ নাই যে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ পৰা এনে নিৰ্দেশ পোৱাৰ বাবে উচ্চ শিক্ষা সঞ্চালকালয়ৰ উপ-সঞ্চালকে এই জাননী জাৰি কৰিছে । গতিকে মুখ্যমন্ত্ৰীৰ যদি সাহস আছে উচ্চ শিক্ষা সঞ্চালকালয়ৰ উপ-সঞ্চালকক চাকৰিৰ পৰা নিলম্বন কৰি দেখুৱাওক বুলি প্ৰত্যাহ্বান জনাই বৰাই ।

