ৰাইজে ২ তাৰিখে বিস্ফোৰণ ঘটাব; কাৰ বিৰুদ্ধে কোনে আৰু কিয় বিস্ফোৰণ ঘটাব ?
হিমন্ত বিশ্ব শৰ্মাই কয়লা ছিণ্ডিকেটৰ নামত ৫০০ কোটি টকা ঘটি আছে : ভূপেন বৰা ৷

Published : April 26, 2025 at 7:05 PM IST
মৰাণ :মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও ছিণ্ডিকেটত জড়িত । মুখ্যমন্ত্ৰীগৰাকীয়ে এই ছিণ্ডিকেটৰ নামত শ শ কোটি টকা লাভ কৰে । এই কথা আমি কোৱা নাই । এই অভিযোগ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ । মুখ্য়মন্ত্ৰীয়ে কেনেদৰে লাভ কৰে এই ধন তাৰো ব্য়াখ্য়া কৰিলে প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিগৰাকীয়ে ।
শনিবাৰে চৰাইদেউ জিলাৰ মৰাণৰ কচুমাৰীত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিগৰাকীয়ে কয়, "কালি মেঘালয়ৰ শ্বিলঙৰ এনফ'ৰ্চমেণ্ট ডাইৰেক্টৰে প্ৰেছ বিবৃতি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়লা ছিণ্ডিকেটৰ নামত ৫০০ কোটি টকা ঘটি আছে । আমি আচৰিত হৈছো হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত প্ৰাকৃতিক সম্পদৰ লুণ্ঠন আৰু ছিণ্ডিকেট হৈছে । অবৈধ ছিণ্ডিকেটৰ পইছা লৈ বিজেপি অহংকাৰী হৈ পৰিছে । তেওঁলোকে ধনবল, বাহুবল লৈ নিৰ্বাচন খেলিবলৈ আহিছে ।"
কংগ্ৰেছৰ সময়ত মূল্য়বৃদ্ধিৰ প্ৰতিবাদ কৰাসকলক সমালোচনা :
চৰাইদেউ জিলা কংগ্ৰেছৰ উদ্যোগত, মাহমৰা আৰু লাকুৱা ব্ল'ক কংগ্ৰেছৰ সহযোগত অনুষ্ঠিত সভাত বক্তব্য আগবঢ়ায় ভূপেন বৰাই কয়, "বিজেপিৰ ধনবল, বাহুবল, ধমকিৰ মাজত এইবাৰ কংগ্ৰেছ দলে নিৰ্বাচন খেলিবলগীয়া হৈছে ৷ গণতন্ত্ৰত ধনবল, বাহুবল ডাঙৰ কথা নহয়, ৰাইজৰ মনোবলহে ডাঙৰ কথা ৷" ৰাইজৰ মনোবলে সকলো ওফৰাই দিব পাৰে বুলি মন্তব্য কৰি ভূপেন বৰাই পুনৰ কয়, "কংগ্ৰেছৰ দিনত আলু-পিয়াঁজৰ দাম বাঢ়োতে ডিঙিত আলু-পিয়াঁজৰ মালা পিন্ধা, চিলিণ্ডাৰৰ দাম বাঢ়োতে গৰুগাড়ী চলোৱা বিজেপিৰ নেতাসকলে এতিয়া আলু-পিয়াঁজ-চিলিণ্ডাৰৰ তিনিগুণ মূল্যবৃদ্ধি হোৱাৰ পাছতো মূল্যবৃদ্ধিৰ বিৰুদ্ধে কিয় মাত নামাতে ।"
বিজেপি চৰকাৰৰ দিনত পৰিৱৰ্তনৰ নামত গাঁৱত পদূলীয়ে পদূলীয়ে মদৰ দোকান খুলি দিয়া হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে মদৰ কৰ আৰু ঋণ নহ'লে চৰকাৰ চলাব নোৱাৰে বুলি মন্তব্য় কৰি ভূপেন বৰাই কয়, "অসমত এটা পৰিয়ালহে ধনী হৈছে ৷ চাহ বাগান, টিভি, পেপাৰ বিক্ৰী কৰিব বুলি গম পালে পৰিয়ালটোৱে কিনিবলৈ ৰৈ থাকে ।"
ভাষণ প্ৰসংগত মহাভাৰতৰ শ্ৰীকৃষ্ণ-অৰ্জুনৰ কথোপকথনৰ উদাহৰণ দি ভূপেন বৰাই এইবাৰ নিৰ্বাচন বিজেপিৰ অন্যায়, অনীতি, দুৰ্নীতি, লুণ্ঠনৰ বিৰুদ্ধে কংগ্ৰেছৰ যুঁজ বুলি তেওঁ মন্তব্য কৰে । তদুপৰি আলু, কণী, শাক-পাচলি, বালি, শিল, কয়লাৰ অবৈধ ছিণ্ডিকেটৰ ধনেৰে বিজেপি দল বাহুবল-ধনবলেৰে বলীয়ান হৈছে বুলি উল্লেখ কৰি এইবাৰ নিৰ্বাচনত অসমৰ ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিব বুলি মন্তব্য কৰে ।
ৰাইজে ২ তাৰিখে বিস্ফোৰণ ঘটাব :
পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে হেলিকপ্টাৰ উৰুৱাই প্ৰচাৰত ব্যস্ত থকা বিষয়ত সাংবাদিকৰ আগত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়, "যদি অসমৰ ৰাইজ তেওঁলোকৰ লগত আছে তেতিয়া হ'লে কিয় ইমান ভয় খাইছে । ৰাইজে এতিয়া মনে মনে আছে যদিও ২ তাৰিখে বিস্ফোৰণ ঘটাব ।"
হিমন্ত বিশ্ব শৰ্মাই ৰাইজ হৃদস্পন্দন জানে :
মুখ্যমন্ত্ৰীয়ে ৰাজ্যত কোনো বিৰোধী নাই বুলি নিৰ্বাচনী প্ৰচাৰ সভাত ঘোষণা কৰাক লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, "যদি ফিল্ডত কংগ্ৰেছ নাই বিজেপিয়ে কিয় ইমান ডাঙৰ প্ৰচাৰ কৰিব লাগে । তেওঁলোক যদি জয়লাভ কৰি আছে তেতিয়া হ'লে আমাৰ প্ৰাৰ্থীসকলক ধনবল আৰু আৰক্ষী পঠিয়াই ভাবুকি কিয় দিছে ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ হৃদস্পন্দন জানে । উজনি অসমত ৰাইজে ভিতৰি ভিতৰি গুজৰি গুমৰি আছে বিভিন্ন সমস্যাক লৈ । বিজেপি চৰকাৰে ৰাইজৰ সমস্যা সমাধান কৰিব নোৱাৰিব বুলি ৰাইজে বুজি উঠিছে । পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত দেখা পাব কংগ্ৰেছৰ শক্তি কিমান ।"

