ডাবল ইঞ্জিনৰ চৰকাৰতো বাদেই, অসমত ছিংগল ইঞ্জিনো নাই: জীতেন্দ্ৰ সিং - APCC in charge Jitendra Singh
Flood relief of Congress : মায়াঙৰ বন্য়াৰ্তৰ খবৰ ল'লে অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙে । বানাক্ৰান্তক সাহাৰ্য বিতৰণ কৰি চৰকাৰক তীব্ৰ সমালোচনা ।

Published : July 15, 2024 at 6:52 PM IST
ধিং, ১৫ জুলাই: অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙে সোমবাৰৰ পৰা ১৭ জুলাইলৈ প্ৰদেশ কংগ্ৰেছৰ নেতা-কৰ্মীৰে পৃথকে পৃথকে বৈঠকত মিলিত হৈছে । ইয়াৰ সোমবাৰে পূৰ্বে মৰিগাঁও জিলাৰ মায়ঙৰ বান পৰিস্থিতিৰ বুজ লৈ চৰকাৰক তীব্ৰ সমালোচনা কৰে অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়কগৰাকীয়ে ।
সোমবাৰে পুৱা নেতাগৰাকীয়ে বানাক্ৰান্তৰ মাজত বান সাহাৰ্য বিতৰণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে । প্ৰতিবাৰেই নিৰ্বাচনৰ পূৰ্বেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বান সমস্য়াৰ স্থায়ী সমাধান কৰিব বুলি কয় যদিও ভয়াৱহ বানপানীৰ মাজত ৰাজ্য়ৰ জনতা ককবকাই থকাৰ পিচতো খবৰ লোৱা নাই বুলি সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়কগৰাকীয়ে ।
তেওঁ পুনৰ কয় যে ডাবল ইঞ্জিনৰ চৰকাৰ বান পৰিস্থিতিৰ মোকাবিলা কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে । প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়কগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কয়," মুখ্যমন্ত্ৰীয়ে ভাৰতৰ বিভিন্ন স্থানত গৈ বিভিন্ন ধৰণৰ বক্তৃতা প্ৰদান কৰে যদিও অসমৰ বানপানীৰ দুৰ্যোগৰ মোকাবিলা কৰিব নোৱাৰে । ডাবল ইঞ্জিনৰ চৰকাৰ আছে বুলি কৈ থাকে যদিও অসমত ছিংগল ইঞ্জিনৰ চৰকাৰ থকাটোৱে দেখা নাই ।" তেওঁ পুনৰ কয়," অসম বানপানীত উটি যাও যাও অৱস্থা হৈছে । চাৰিওফালে কেৱল পানী আৰু পানী । মানুহৰ মাজত খাদ্যৰ নাটনি হৈছে। কিন্তু চৰকাৰখনে কি কৰিছে ?"
লগতে পঢ়ক:চৰকাৰক মথাউৰি মেৰামতি-নিৰ্মাণৰ হিচাপ বিচাৰিলে গৌৰৱ গগৈয়ে - MP Gaurav Gogoi
প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়কগৰাকীয়ে চাউল,দাইলকে আদি কৰি বিভিন্ন খাদ্য সামগ্ৰী বানাক্ৰান্তৰ মাজত বিতৰণ কৰে । মায়ঙৰ কটহগুৰীত বানত আৱদ্ধ হৈ থকা লোকসকলৰ অৱস্থাৰ বুজ লৈ খাদ্য সামগ্ৰী বিতৰণ কৰে । তেওঁ লগতে মায়ঙৰ ১ নং মূৰকাটা ,কটহগুৰি,গাজাৰী,পাভকাটী,আদি বিভিন্ন বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে ।
প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়কগৰাকীক এই ভ্ৰমণত সংগ দিয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক ৰেকিবুদ্দিন আহমেদ, জাকিৰ হুছেইন শিকদাৰ, লাহৰীঘাট সমষ্টিৰ বিধায়ক আচিফ মহম্মদ নাজাৰে । ইপিনে, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই 'কা' সন্দৰ্ভত মন্তব্য় কৰি কয়," আমি আইনী যুদ্ধত নামিছো । 'কা' আমি নামানো ।"

