ETV Bharat / state

৫০ হাজাৰ টকা উৎকোচ বিচাৰি হাত দাঙিলে লাটমণ্ডলে

মৰাণত অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত লাট মণ্ডল । দুৰ্নীতি নিবাৰক শাখাই নগদ ধনৰ সৈতে হাতে-লোটে গ্ৰেপ্তাৰ কৰে লাট মণ্ডল হীৰেন নাথক ।

Anti-corruption branch arrested Lat Mondal for taking a bribe of 50 thousand rupees in Moran
৫০ হাজাৰ টকা উৎকোচ বিচাৰি হাত দাঙিলে লাটমণ্ডলে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 5, 2025 at 8:30 PM IST

2 Min Read
Choose ETV Bharat

ডিব্ৰুগড়: দুৰ্নীতি নিৰ্মূলৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে কঠোৰ অভিযান অব্যাহত ৰাখিছে । গাঁওবুঢ়াৰ পৰা চৰকাৰী শীৰ্ষ বিষয়ালৈকে হাত দাঙিব লগা হৈছে ঘোচলৈ । ইমানৰ পাছতো যেন গা লৰা নাই একাংশ চৰকাৰী কৰ্মচাৰীৰ । মুখ্যমন্ত্ৰীয়ে চৰকাৰী কৰ্মচাৰীক কোনো কামত এক টকাও নল'বলৈ কঠোৰ সকিয়নী দিয়াৰ পাছতো গুৰুত্ব নাই একাংশ চৰকাৰী কৰ্মচাৰীৰ ।

দৰমহাৰ পইচাৰে নোজোৰে দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীক ।‌ ফলত মঙলবাৰে মৰাণ ৰাজহ চক্ৰৰ কাৰ্যালয়ত উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল লাটমণ্ডল । অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাই নগদ ধনসহ হাতে-লোটে গ্ৰেপ্তাৰ কৰে লাট মণ্ডল হীৰেন নাথক । ধৃত হীৰেন নাথৰ ঘৰ ধুবুৰীত ৷ ছমাহৰ পূৰ্বে মৰাণ ৰাজহ চক্ৰৰ কাৰ্যালয়লৈ বদলি হৈ আহিছিল হীৰেন নাথ ৷

৫০ হাজাৰ টকা উৎকোচ বিচাৰি হাত দাঙিলে লাটমণ্ডলে (ETV Bharat Assam)

ডিব্ৰুগড় জিলাৰ মৰাণৰ ২ নং সৰুপথাৰ নিবাসী স্বপ্নালী চেতিয়া নামৰ মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত মঙলবাৰে বিয়লি অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ ১৭ জনীয়া এটা দলে মৰাণ ৰাজহ চক্ৰ কাৰ্যালয়ত চলাইছিল অভিযান । মহিলাগৰাকীৰ মাকৰ নামত থকা মাটি জীয়েকৰ নামত নামজাৰি কৰাৰ বাবদ ৫০ হাজাৰ টকা উৎকোচ বিচাৰিছিল লাটমণ্ডল হীৰেন নাথে ।

অৱশেষত আৰক্ষীৰ জালত পৰে হীৰেন নাথ ৷ দুৰ্নীতি নিবাৰক শাখাই লাট মণ্ডল হীৰেন নাথক গ্ৰেপ্তাৰ কৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়তে জেৰা চলাই আছে ৷

Anti-corruption branch arrested Lat Mondal for taking a bribe of 50 thousand rupees in Moran
লাট মণ্ডল হীৰেন নাথক গ্ৰেপ্তাৰ (ETV Bharat Assam)

মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত নতুনকৈ কৰিছিল যোগদান:

ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উৎকোচ লৈ লাটমণ্ডল গ্ৰেপ্তাৰ হোৱা পাছতেই মৰাণৰ ৰাজহ চক্ৰ বিষয়া কুইন গগৈয়ে কয়, "এইটো বেয়া কথা হৈছে । ‌হীৰেন নাথ নামৰ জ্যেষ্ঠ মণ্ডলজনে ইয়াত নতুনকৈ যোগদান কৰিছিল । আমি কাৰ্যালয়ত ব্যস্ত হৈ আছিলো । এতিয়া গম পাইছো তেওঁ মাটি নামজাৰিৰ নামত বহু পইছা ডিমাণ্ড কৰিছিল । দুৰ্নীতি নিবাৰক শাখাই তেওঁক ধৰিছে । এতিয়া অভিযোগকাৰীয়ে মোক লগ কৰি কৈছে বাইদেউ মণ্ডলজনে আজিলৈকে আপোনাৰ ওচৰলৈ আহিবলৈ নিদিলে । মণ্ডলে মই নজনাকৈ সকলো কাম কৰি আহিছিল । ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে ।"‌

লগতে পঢ়ক: কেঁচা চাহপাতৰ মূল্য হ্ৰাস আৰু সামগ্ৰীৰ মূল্যবৃদ্ধিত সৰৱ অখিল গগৈ - AKHIL GOGOI

উৰিয়ামঘাটৰ পিছত এইবাৰ নেঘেৰিবিল, বয়-বস্তু সামৰি ঘৰ-বাৰী এৰিছে একাংশই - NEGHERIBIL EVICTION