কলিয়াবৰ : দুৰ্নীতিৰ বিৰুদ্ধে শূন্যসহনশীল নীতি গ্ৰহণ কৰি আহিছে বিজেপি চৰকাৰে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাইও অসমৰ প্ৰতিটো চৰকাৰী কাৰ্যালয় দুৰ্নীতিমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছে । আনকি এই ক্ষেত্ৰত প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দি থৈছে মুখ্যমন্ত্ৰীয়ে । কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাকো যেন কেৰেপ নকৰে একাংশ চৰকাৰী বিষয়া তথা কৰ্মচাৰীয়ে ।
এইবাৰ পুনৰ উৎকোচ লৈ ৰাজ্যত গ্ৰেপ্তাৰ হ'ল চৰকাৰী কৰ্মচাৰী । ভূমিৰ গুৰুত্বপূৰ্ণ নথি উলিয়াই দিয়াৰ নামত বিচাৰিছিল ১০ হাজাৰ টকা । এজন লোকৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে চৰকাৰী কৰ্মচাৰীজনক ।
এই ঘটনা নগাঁও জিলাৰ কলিয়াবৰ । শুকুৰবাৰে হঠাৎ কলিয়াবৰ সমজিলা কাৰ্যালয়ত সংযুক্ত হৈ থকা উপ-পঞ্জীয়কৰ কাৰ্যালয়ত চলিল দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ অভিযান । এজন লোকৰ পৰা ৪ হাজাৰ টকা উৎকোচ লৈ থাকোতে অভিযানকাৰী দলটোৱে হাতে-লোটে ধৰা পেলাই কাৰ্যালয়টোৰ এজন কৰ্মচাৰীক । কৰ্মচাৰীজন অধীৰ দাস বুলি জানিব পৰা গৈছে ।
জানিব পৰা মতে, কলিয়াবৰ উপ-পঞ্জীয়কৰ কাৰ্যালয়ৰ কৰ্মচাৰী অধীৰ দাসে ভূমিৰ নথি দিয়াৰ নামত চাবিৰ হুছেইন আহমেদ নামৰ লোকজনৰ পৰা ১০ হাজাৰ টকা বিচাৰিছিল । কিন্তু ইমান টকাৰ দিব নোৱাৰো বুলি কোৱাত ৪ হাজাৰ টকাত মান্তি হৈছিল । এই সন্দৰ্ভত চাবিৰ হুছেইনে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাত অভিযোগ দাখিল কৰে । লগে লগে নিৰ্দিষ্ট পৰিকল্পনাৰ ভিত্তিত ধন লৈ থকা অৱস্থাতে চৰকাৰী কৰ্মচাৰী অধীৰ দাসক কৰায়ত্ত কৰা হয় ।
দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ উপ-আৰক্ষী অধীক্ষক হিতেশ শৰ্মা, তদন্তকাৰী বিষয়া তথা পৰিদৰ্শক তপন তালুকদাৰ, পৰিদৰ্শক নৃপেন শইকীয়াৰ নেতৃত্বত এই অভিযান চলোৱা হৈছিল । ঘোচখোৰ অধীৰ দাসৰ ভাড়াঘৰতো দলটোৱে অভিযান চলায় । অভিযানকাৰী দলটোৱে ভাড়াঘৰৰ পৰা বহু আপত্তিজনক চৰকাৰী নথি-পত্ৰ জব্দ কৰা বুলি জানিব পৰা গৈছে । শেহতীয়াকৈ এডিআৰই পৰীক্ষাত উত্তীৰ্ণ হৈ নিযুক্তি লাভ কৰিছিল লংকাৰ অধীৰ দাসে ।
সমগ্ৰ ঘটনা সন্দৰ্ভত অভিযোগকাৰীয়ে কয়, "...মোক ক'লে টকা ১০ হাজাৰ লাগিব, তেতিয়া আপুনি কপিখন পাব । কেইদিনমান গ'ল আকৌ তেওঁৰ ওচৰত আহিলো । তেতিয়া ক'লে ৬ হাজাৰ টকা লাগিব । মই ক'লো ৬ হাজাৰ টকা দিব নোৱাৰিম । পিছত ভিজিলেন্সৰ অফিচত মই অভিযোগ দিলো । আজি ৪ হাজাৰ টকা দিয়া হ'ল তেতিয়া হাতে-লোটে ধৰিলে ।"
লগতে পঢ়ক :সৎকাৰ কৰাৰ পিচতেই জীৱন্তে উদ্ধাৰ সন্ধানহীন কিশোৰী - MISSING TEENAGER RESCUED