ETV Bharat / state

GMCH ত সদ্যোজাত বিক্ৰী কৰা ঘটনাৰ লগত জড়িত মহিলাক গ্ৰেপ্তাৰ

প্ৰসংগ : GMCHৰ সমীপত শিশু বিক্ৰী কৰা ঘটনা । ঘটনাৰে লগত জড়িত আন এগৰাকী মহিলাক গ্ৰেপ্তাৰ ।

Woman arrested in connection with Infant Sold at GMCH
প্ৰসংগ : GMCHৰ সমীপত শিশু বিক্ৰী কৰা ঘটনা (File photo)
author img

By ETV Bharat Assamese Team

Published : April 7, 2025 at 5:47 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : জি এম চি এইচত শিশু বিক্ৰী কৰা ঘটনা সন্দৰ্ভত পোহৰলৈ আহিছে আন এক তথ্য । জি এম চি এইচত জন্মলাভ কৰা সদ্যোজাত সন্তান এটিক পিতৃ-মাতৃয়ে ২ লাখ টকাত বিক্ৰী কৰা ঘটনা সন্দর্ভত ভঙাগড় থানাৰ আৰক্ষীয়ে পুনৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

ভঙাগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মহিলাগৰাকীৰ নাম চম্পী বসুমতাৰী । সংবাদ মাধ্যমৰ আগত এই কথা আৰক্ষীৰ ফালৰ পৰা পোনপটীায়াকৈ উল্লেখ কৰা নাই যদিও আৰক্ষীৰ এক সূত্ৰই এই কথা প্ৰকাশ কৰিছে । ইয়াৰ পূৰ্বে মনু হক নামৰ মহিলা এগৰাকীকো ভঙাগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ।

উল্লেখ্য যে, খানাপাৰাৰ এগৰাকী কিশোৰী সন্ধানহীন হোৱা গোচৰত দিছপুৰ থানাৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল মুনু হকক । মানৱ সৰবৰাহৰ সৈতে জড়িত এই মহিলা দালালটোৱে জি এম চি এইচত শিশু বিক্ৰীৰ ঘটনাত পুনৰ গ্ৰেপ্তাৰ হোৱাৰ পিচত আৰক্ষীয়ে সন্দেহ কৰিছে যে তেওঁৰ নেতৃত্বত এনে এটা চক্র গুৱাহাটীত সক্রিয় হৈ আছে ।

GUWAHATI ILLEGAL ADOPTION CASE
প্ৰসংগ : GMCHৰ সমীপত শিশু বিক্ৰী কৰা ঘটনা (ETV Bharat)

জি এম চি এইচত জন্মলাভ কৰা নদিনীয়া শিশু এটিক এই মহিলা দালালটোৱে নলবাৰীৰ পৰিয়াল এটাক ২ লাখ টকাত বিক্ৰী কৰোৱাই দিছিল । শিশুটিক বিক্ৰী কৰা দম্পতীয়ে জি এম চি এইচৰ পৰা ৰিলিজ লৈ ওলাই অহাৰ পথতে নদিনীয়া সদ্যোজাত কন্যা সন্তানটিক সঁপি দিছিল নলবাৰীৰ কুলেন তালুকদাৰৰ পৰিয়ালক । এই ঘটনাটো সংঘটিত হৈছিল ৩০ মাৰ্চত ।

নলবাৰীৰ কুলেন তালুকদাৰ আৰু ভাতৃ ভাস্কৰ তালুকদাৰে সদ্যোজাত সন্তানটিক দুই লাখ টকাত ক্ৰয় কৰিছিল । এই ঘটনাৰ খবৰ পোৱাৰ পিছতেই এই সন্দর্ভত বেলশৰ থানাত শিশু সুৰক্ষা সমিতিয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত পৰৱৰ্তী সময়ত ভঙাগড় আৰক্ষীয়ে শিশু বিক্ৰীৰ ঘটনাৰ সৈতে জড়িত দালাল মুনু হক আৰু চম্পী বসুমতাৰীক গ্রেপ্তাৰ কৰাল লগতে ক্ৰয় কৰা দুই ভাতৃ কুলেন তালুকদাৰ আৰু ভাতৃ ভাস্কৰ তালুকদাৰকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ।

লগতে পঢ়ক : সদ্যোজাত বিক্ৰীত জড়িত মহিলাক গ্ৰেপ্তাৰ; ন ন তথ্য উদ্ধাৰ আৰক্ষীৰ

লগতে পঢ়ক : জি এম চি এইচলৈ আহোতে সাৱধান ! চিকিৎসা মহাবিদ্যালয়ৰ চাফাইকৰ্মীৰ দ্বাৰাই...