ETV Bharat / state

বছৰৰ বিশেষ দিনটোত কিয় এইখন থানত ভিৰ বাঢ়ে ভক্তৰ ?

স্বৰ্গদেউ চুহুংমুং বা দিহিঙ্গীয়া ৰজাৰ দিনতে প্ৰতিষ্ঠা কৰা এখন থান । এই থানৰ চাৰিওফালে আজিও আছে ওখ ঢাপ ।

Haladhibari Nagar Than in Dibrugarh
আহোম ৰাজত্বকালত প্ৰতিষ্ঠা হোৱা নগৰ থান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 30, 2025 at 6:23 PM IST

3 Min Read
Choose ETV Bharat

মৰাণ: আহোম ৰাজ শাসনত প্ৰতিষ্ঠা হোৱা ঐতিহাসিক নগৰ থানলৈ বছৰৰ এটা বিশেষ দিনত ঢপলিয়াই আহে অসমৰ ৰাইজ । চুহুংমুং দিহিঙীয়া ৰজা হৈ থকা দিনতে প্ৰতিষ্ঠিত নগৰ থানত সেৱা লৈ মনোকামনা পুৰণ কৰি আহিছে ৰাইজে ।

ইতিহাসৰ পাত লুটিয়াই চালে দেখা যায় যে ৬০০ বছৰীয়া আহোম ৰাজ শাসনৰ এজন অন্যতম শ্ৰেষ্ঠ ৰজা আছিল স্বৰ্গদেউ চুহুংমুং বা দিহিঙ্গীয়া । ইতিহাসৰ পাতত উল্লেখ থকা অনুসৰি দিহিঙ্গীয়া ৰজা বা স্বৰ্গদেউ চুহুংমুঙে ১৪৯৭ খ্ৰীষ্টাব্দৰ পৰা ১৫৩৯ খ্ৰীষ্টাব্দলৈ প্ৰায় ৪২ বছৰ আহোম ৰাজ্য শাসন কৰিছিল । এইগৰাকী ৰজাই নিজৰ শাসনকালত আহোম ৰাজ্যৰ সীমা বৃদ্ধি কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছিল । এই দিহিঙ্গীয়া ৰজাৰ দিনতে ডিব্ৰুগড় জিলাৰ খোৱাং হালধিবাৰীত প্ৰতিষ্ঠা হৈছিল ঐতিহাসিক নগৰ থান । বুৰঞ্জীবিদসকলে উল্লেখ কৰা অনুসৰি দিহিঙ্গীয়া ৰজাই খোৱাঙৰ হালধিবাৰীত নগৰ স্থাপন কৰিছিল । সেয়ে নগৰ থানৰ চাৰিওফালে আজিও ওখ ঢাপ দেখিবলৈ পোৱা যায় । নগৰ থানৰ চৌহদত বিভিন্ন সময়ত ৰজাদিনীয়া বিভিন্ন সামগ্ৰী উদ্ধাৰ হৈছে ।

আহোম ৰাজত্বকালত প্ৰতিষ্ঠা হোৱা নগৰ থান (ETV Bharat Assam)

ফাগুন-চ'তত ৰাজহুৱা সবাহ :

আধ্যাত্মিকতাৰ এক সুন্দৰ ছবি দেখিবলৈ পোৱা গৈছে হালধিবাৰী নগৰ থানত । থানখনৰ বছৰেকীয়া ৰাজহুৱা সবাহভাগি আজি অনুষ্ঠিত হৈছে । ১৯৬২ চনৰে পৰা প্ৰতি বছৰে ফাগুন-চ'ত মাহত এই ৰাজহুৱা সবাহ দিবা-নৈশ কাৰ্যসূচীৰে আয়োজন কৰা হয় । প্ৰায় অৰ্ধ শতাধিক গাঁও একত্ৰিত হৈ আয়োজন কৰা এই অনুষ্ঠানত দূৰ-দূৰণিৰ বহু ভক্তপ্ৰাণ লোকে অংশগ্ৰহণ কৰে । পুৱা ধৰ্মধ্বজা উত্তোলনেৰে এই কাৰ্যসূচী আৰম্ভ হয় । শাৰী শাৰী চাকি-বন্তি আৰু শ শ ভক্তপ্ৰাণ লোকৰ উপস্থিতিৰে সমগ্ৰ অঞ্চলটো জীপাল হৈ পৰে । দিবা-নৈশ কাৰ্যসূচীত নিশালৈ টোকাৰী গীত, দিহানামকে আদি কৰি কেইবাটাও কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৰাজহুৱা সবাহ ।

Haladhibari Nagar Than in Dibrugarh
আহোমৰ ৰাজত্বকালত প্ৰতিষ্ঠা হোৱা নগৰ থান (ETV Bharat Assam)

মনৰ কামনা পূৰ্ণ হোৱাৰ বিশ্বাস:

স্বৰ্গদেউ চুহুংমুং বা দিহিঙ্গীয়া ৰজাৰ দিনতে প্ৰতিষ্ঠা লাভ কৰা নগৰ থানখনত পূৰ্বে কেনেদৰে কাৰ্যসূচী কৰিছিল সেই কথা জনা নাযায় যদিও স্থানীয় ৰাইজে উল্লেখ কৰা মতে, ১৯৬২ চনৰে পৰা প্ৰতি বছৰে ফাগুন-চ'ত মাহত ৰাইজে একত্ৰিত হৈ বছেৰেকীয়া সবাহ অনুষ্ঠিত কৰি আহিছে । ঐতিহ্যমণ্ডিত এই হালধিবাৰী নগৰ থানত এই বছৰীয়া সবাহ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰেহি । এইবাৰো তেনে এক পৰিবেশে বিৰাজ কৰিছে ।

লোকবিশ্বাস অনুসৰি এই ঐতিহাসিক হালধিবাৰী নগৰ থানত সেৱা ল'লে মনৰ কামনা পূৰণ হয় । এই থানৰ নিৰ্মাণ কিমান চনত হৈছিল সেই কথা সঠিক ৰূপত আজিও জানিব পৰা হোৱা নাই যদিও থানখনত আজিও ৰজাদিনীয়া ঐতিহাসিক সমল উপলব্ধ । প্ৰায়ে পুৰাতত্ত্ব বিভাগৰ বিষয়াৰ দলে আহি ঐতিহাসিক থানখন পৰিদৰ্শন কৰাৰ লগতে থানৰ চৌহদত তথ্য বিচাৰি খননকাৰ্য চলাই আহিছে ।

Haladhibari Nagar Than in Dibrugarh
আহোমৰ ৰাজত্বকালত প্ৰতিষ্ঠা হোৱা নগৰ থান (ETV Bharat Assam)

উন্নয়নৰ বাবে চৰকাৰক আহ্বান ৰাইজৰ:

ঐতিহাসিক নগৰ থানৰ সৌন্দৰ্য বৰ্ধন কৰি তুলিলে অধিক পৰ্যটনৰ কেন্দ্ৰস্থল হৈ উঠাৰ সম্ভাৱনা অধিক। সেয়ে স্থানীয় ৰাইজে চৰকাৰক এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে । বিশেষকৈ নগৰ থানৰ চাৰি সীমাত দেৱাল নিৰ্মাণ কৰা, নগৰ থানলৈ যোৱা পথ নিৰ্মাণ কৰা আদি কামসমূহ কৰিবলৈ চৰকাৰলৈ আহ্বান স্থানীয় ৰাইজৰ ।

লগতে পঢ়ক:ঐতিহাসিক হজৰত লংগৰ আউলিয়াৰ মাজাৰ: আধ্যাত্মিক চেতনাৰে মনোবাঞ্ছা পূৰণৰ এক দৰ্শন ক্ষেত্ৰ - HISTORICAL HAZRAT LANGAR MAZAR

গৱেষণাৰ প্ৰচুৰ সম্ভাৱনাপূৰ্ণ কছাৰী ৰজাদিনীয়া এক ভগ্নাৱশেষ - HISTORICAL MONUMENT OF KACHARI KING