গুৱাহাটী: নিজৰ ওপৰত গভীৰ আস্থা আৰু বিশ্বাস থাকিলে অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰি । লক্ষ্য সুদৃঢ় হ'লে সকলো বাধা নেওচি আগুৱাই যাব পাৰি । সেই কথাকেই প্ৰমাণ কৰিছে গুৱাহাটীৰ গীতানগৰৰ বাসিন্দা অনুপ মজুমদাৰে । সাধাৰণতে দৃষ্টিহীনতাৰ কথা ক'লে প্ৰথমে মনলৈ আন্ধাৰৰ কথাই আহে । তাৰে মাজতে জন্মান্ধ আৰু হঠাতে অসুস্থতা বা আন কিবা কাৰণত দৃষ্টিহীন হোৱাৰ মাজত যথেষ্ট পাৰ্থক্য আছে ।
কাৰণ জন্মান্ধ আৰু হঠাতে অন্ধ হোৱাজনৰ ধ্যান-ধাৰণা পৃথক । জীৱনটোকে দৃষ্টিৰে উপলব্ধি কৰাৰ পাছত হঠাতে দৃষ্টি হেৰুওৱাটো অত্যন্ত বেদনাদায়ক । সেয়া ভুক্তভোগীজনেহে উপলব্ধি কৰিব পাৰে । যাক ভাষাৰে বুজোৱাটো সম্ভৱ নহয় । জীৱনৰ ৪০টা বসন্ত অতিক্ৰম কৰাৰ পাছত হঠাতে সকলো আন্ধাৰ হৈ পৰিলে মানুহ স্বাভাৱিকতে মানসিক আৰু শাৰীৰিকভাৱে ভাগি পৰে । কিন্তু অনুপ মজুমদাৰে হতাশা নাইবা নিৰাশাৰ বিপৰীতে বাস্তৱক স্বীকাৰ কৰি জীৱনটো উপভোগ কৰাৰ প্ৰতিহে ধাৱমান হয় ।
যাৰ বাবে আজি তেওঁ দৃষ্টিহীন হোৱাৰ পাছতো কাৰো ওপৰত বোজা নহৈ নিজৰ ভৰিত নিজে থিয় দিবলৈ সক্ষম হৈছে । আন্ধাৰৰ মাজত তেওঁ পোহৰৰ সন্ধান কৰিব পাৰিছে । হঠাতে দৃষ্টি হেৰুৱালেও তেওঁ হেৰুওৱা নাই জীৱনৰ ছন্দ ।
দৃষ্টিহীন হোৱাৰ পাছত অনুপ মজুমদাৰে কিদৰে আগুৱাই নিছিল জীৱনটোক :
আজিৰ পৰা প্ৰায় ৭ বছৰ পূৰ্বে চকুৰ এক বিশেষ অসুখৰ বাবে অনুপ মজুমদাৰে প্ৰথমতে সোঁ চকু আৰু তাৰ পাছত বাওঁ চকুৰ দৃষ্টি হেৰুৱায় । জীৱনৰ চাৰিটা দশক সুন্দৰ পৃথিৱীখনক উপভোগ কৰি থকা অনুপ মজুমদাৰে হঠাতে দৃষ্টি হেৰুৱাই প্ৰথমতে একপ্ৰকাৰ ভাগি পৰিছিল । গুৱাহাটীতে জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা অনুপ মজুমদাৰে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ পাছত প্ৰথমতে চি এ ফাৰ্মত প্ৰশিক্ষণ লৈ একাউণ্টচৰ কামত নিয়োজিত হয় ।

সুদীৰ্ঘ প্ৰায় ২৮ বছৰ একাউণ্টচৰ কৰ্মব্যস্ততাৰ মাজত থকা অনুপ মজুমদাৰৰ জীৱনলৈ ২০১৮ চনত নামি আহে ঘোৰ অমানিশা । চকুৰ এক বিশেষ ৰোগৰ বাবে তেওঁ এটাৰ পাছত আনটোকৈ দুটা চকুৰে দৃষ্টি হেৰুৱাই হৈ পৰে অন্ধ । কিন্তু হঠাতে অহা সেই আন্ধাৰৰ মাজত বিলিন হৈ যোৱাৰ বিপৰীতে তেওঁ কিবা এটা কৰি আগুৱাই যোৱাৰ সংকল্প গ্ৰহণ কৰে । সেই সংকল্পত অৰিহণা যোগাই পত্নী আৰু পৰিয়ালৰ লোকে । আন্ধাৰৰ মাজত তেওঁ আলোকৰ যাত্রা আৰম্ভ কৰে ।
গুৱাহাটীৰ পূব-গীতানগৰত আৰম্ভ কৰে 'লোকনাথ এণ্টাৰপ্ৰাইজ' নামৰ এখন ষ্টেচনাৰী দোকান । বিশেষকৈ অফিচ আৰু স্কুল ষ্টেচনাৰী । ইয়াৰ পূৰ্বে তেওঁ বিক্ৰমজ্যোতি দাস নামৰ এজন ব্যক্তিৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁৰ সহযোগত দৃষ্টিহীন লোকসকলক জীৱনৰ বাবে প্রশিক্ষণ দিয়া এটা এন জি অ'ৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰে । সেই প্ৰশিক্ষণ লোৱাৰ পাছত তেওঁ আন্ধাৰৰ মাজত পোহৰৰ সন্ধান কৰি ব্যৱসায়টো আৰম্ভ কৰে ।

এতিয়া তেওঁ কাৰো ওপৰত নিৰ্ভৰশীল নহয় । সকলো কাম নিজেই কৰে । ঘৰৰ পৰা 'ষ্টিক' লৈ নিজেই দোকানলৈ আহি দোকান খোলে । গ্ৰাহকে বিচৰা অনুসৰি সকলো সামগ্ৰী তেওঁ বিনাদ্বিধাই দিবলৈ সক্ষম । নিজৰ সুবিধা অনুসৰি তেওঁ দোকানখন সজাই লৈছে । ক'ত কি আছে সকলো তেওঁ নিজেই উপলব্ধি কৰে । টকা-পইচাৰ লেনদেনো তেওঁ নিজেই কৰে । কেতিয়াবা কিছুমান অসুবিধা হ'লে গ্ৰাহকক সুধি কৰে । অৱশ্যে গ্ৰাহকৰ ওপৰত বিশ্বাস ৰাখি তেওঁ নিজৰ এই ব্যৱসায় চলাই আছে আৰু বিগত সাত বছৰে তেওঁ গ্ৰাহকৰ পৰা সেই বিশ্বাসখিনি পাইছে ।
আজিলৈকে কোনেও তেওঁক দৃষ্টিহীন বুলি ঠগ-প্ৰৱঞ্চনা কৰা নাই । অৱশ্যে সন্ধিয়া সময়ত তেওঁৰ পত্নীয়ে সহযোগ কৰে । তেওঁ কয় যে তেওঁক কাৰো সহানুভূতি নালাগে, লাগে মাথো সহযোগিতা । তেওঁ কয়,“মই আত্মমর্যাদাৰে বাচিব বিচাৰো । কেৱল আপোনালোকৰ সহায় আৰু বিশ্বাসৰ প্ৰয়োজন ।” সকলো সময়তে সহযোগ কৰা অনুপ মজুমদাৰৰ পত্নী মধুমিতা দত্ত মজুমদাৰে কয়, "ইমান এটা ডাঙৰ আঘাতৰ পাছতো তেওঁ বিচলিত নহৈ এনেদৰে নিজৰ ভৰিৰ ওপৰত থিয় দিয়াটো মোৰ বাবে ডাঙৰ কথা । তেওঁ কাৰো ওপৰত বোজা হোৱা নাই ।"

তেওঁ লগতে কয়, "সকলো কাম নিজেই কৰে । আমি কাৰো পৰা একো দয়া নিবিচাৰো । বিচাৰো কেৱল সহযোগ । যাতে আমি এই জীৱন হাৰি নাযাই আগুৱাই যাব পাৰো ।" জীৱনৰ বাস্তৱ কঠোৰতাৰ সন্মূখীন হৈ আন্ধাৰৰ মাজত পোহৰৰ সন্ধান কৰি আগুৱাই যোৱা অনুপ মজুমদাৰ বহুতৰে বাবে অনুপ্ৰেৰণাৰ প্ৰতীক । 'লোকনাথ এণ্টাৰপ্ৰাইজ'ৰ সন্মুখত বাৰ্তা হিচাপে লিখা আছে এনেধৰণে-"এক অন্ধ ব্যক্তিৰ দ্বাৰা পৰিচালিত দোকান, য'ত প্ৰতিটো ভ্ৰমণ দৃষ্টিৰ পৰা নহয়, মনৰ পৰা পথ নিৰ্দেশিত । আহি চাওঁক, এক অতি বিশেষ অভিজ্ঞতা । মনৰে পৰিচালিত দোকান, য'ত দৃষ্টিৰ পৰা মুক্ত এক দৃষ্টি আছে ।"