ETV Bharat / state

পুৰুষৰ সমান্তৰালভাৱে সেনাবাহিনীত মহিলাৰ অন্তৰ্ভুক্তি পূৰ্বতকৈ বৃদ্ধি পাইছে: কৰ্ণেল ডুবে

কেনেকৈ মকৰল হয় ভাৰতীয় সেনাত ? লাগে কি কি যোগ্যতা ? সেনাত বৃদ্ধি পাইছে মহিলাৰ অন্তৰ্ভুক্তি । সৱিশেষ এই প্ৰতিবেদনত ।

An exclusive interview with Army Commander Colonel Ambarish Dubey
সেনা বিষয়া সঞ্চালক কৰ্ণেল অম্বৰীশ ডুবেৰ সৈতে সাক্ষাৎকাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 9, 2025 at 8:39 PM IST

4 Min Read
Choose ETV Bharat

তেজপুৰ: ভাৰতীয় সেনাত মহিলাৰ অন্তৰ্ভুক্তি আৰু মহিলাৰ পাৰদৰ্শিতাই নতুন প্ৰজন্মৰ যুৱতীসকলৰ বাবে এক উদাহৰণ হৈ পৰিছে । শেহতীয়াকৈ অপাৰেশ্যন সিন্দুৰৰ পিছত একমাত্ৰ মহিলা সেনা বাহিনীৰ বিষয়া যোদ্ধা কৰ্ণেল ছোফিয়া কুৰেশ্বীৰ পাৰদৰ্শিতাই এক নতুন দিগন্তৰ সূচনা কৰিছে । সেনাৰ অগ্নিবীৰ আৰু পোনপটীয়াকৈ বিষয়া পৰ্যায়ত যোগদানৰ বাবে অসম তথা অৰুণাচল প্ৰদেশৰ মকৰলৰ সেনা বিষয়া সঞ্চালক কৰ্ণেল অম্বৰীশ ডুবেই এই বিষয়ে সদৰী কৰে ।

ই টিভি ভাৰতৰ জেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ লগত হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কৰ্ণেল ডুবেই কয়, "মহিলাই যথেষ্ট ভাবে প্ৰভাৱিত হৈছে তেওঁলোকে নিজাববীয়াকৈ সেনাৰ অন্তৰ্ভুক্ত হবলৈ চেষ্টা অব্যাহত ৰাখিছে । মই বহুতো মহাবিদ্যালয় আৰু এন চি চিৰ ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যে যেতিয়া সেনাৰ বাবে যোগদানৰ ভাষণ প্ৰদান কৰোঁ, তেতিয়া দেখিবলৈ পাওঁ যে পুৰুষৰ সমান্তৰালভাৱে মহিলা বেছিকৈ প্ৰভাৱিত হৈছে । বিগত সময়ছোৱাত মহিলাই একমাত্ৰ বিষয়া পৰ্যায়ত অন্তৰ্ভুক্ত হৈছিল এতিয়া পুৰুষৰ সমান্তৰালভাৱে মহিলাই অন্য পদবীত যোগদান কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে ।"

কেনেকৈ মকৰল হয় ভাৰতীয় সেনাত ? (ETV Bharat Assam)

তেওঁ লগতে কয়, "বিশেষকৈ সেনাত বৰ্তমান মহিলাৰ অন্তৰ্ভুক্ত সেনা পুলিচতো হয় আৰু সেয়া মিলিটেৰী পুলিচ বুলি জনা যায় । বৰ্তমান মহিলাৰ অন্য ৰাজ্যৰ তুলনাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ মহিলাই এক নতুন পণ কৰি লৈছে সেনাত ভৰ্তি হোৱাৰ বাবে, ই এক আশাৰ বতৰা কঢ়িয়াই আনিছে ।"

অসম তথা অৰুণাচল প্ৰদেশত আহি থকা দিনত কেবাটাও নিযুক্তিৰ বাবে সেনাবাহিনীৰ দ্বাৰা মকৰল বিচৰা হৈছে । সেয়া ইতিমধ্যেই নিৰ্বাচিত হোৱাসকলৰ বাবে অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ ৰূপাত অহা ছেপ্টেম্বৰ মাহত শাৰীৰিক পৰীক্ষা অনুষ্ঠিত হ'ব বুলি সঞ্চালক কৰ্ণেল ডুবেই জনায় ।

উল্লেখযোগ্য যে, বিগত বৰ্ষত মধ্য অসমৰ চাৰিখন জিলাৰ পৰা বিশেষকৈ শোণিতপুৰ, বিশ্বনাথ, নগাঁও আৰু মৰিগাঁও জিলাৰ পৰা যুৱক আৰু যুৱতীয়ে এই অগ্নিবীৰত যোগদান কৰিছে । অগ্নিবীৰ হৈছে ভাৰতীয় সেনাত যোগদান কৰাৰ বাবে সেনা বাহিনীৰ ১৫০ নং আইন অনুসৰি আৰম্ভ হোৱা চাৰিবছৰীয়া বিশেষ সেৱা । এজন অগ্নিবীৰ ভাৰতীয় সেনাৰ স্থল, জল আৰু বায়ু সেনাৰ অন্তৰ্ভুক্ত কৰা হয় । এই চাৰিখন জিলাৰ পৰা বিগত বৰ্ষত প্ৰায় ১৫০০ যুৱক-যুৱতীক অগ্নিবীৰৰ নিযুক্তি দিয়া হয় ।

An exclusive interview with Army Commander Colonel Ambarish Dubey
সেনা নিযুক্তি কাৰ্যালয় (ETV Bharat Assam)

ইতিমধ্যে অৰুণাচল প্ৰদেশৰ নাহৰলাগুণত শেহতীয়া ভাবে কম্বাইণ্ড এণ্ট্ৰেন্স পৰীক্ষা অনুষ্ঠিত হৈ গৈছে আৰু ছেপ্টেম্বৰ মাহৰ ৩-৫ তাৰিখত ৰূপাত এই শাৰীৰিক পৰীক্ষা অনুষ্ঠিত হ'ব । কৰ্ণেল ডুবেই কয়,"আজিকালি কোনো ধৰণৰ পোষ্টল বা ডাকযোগে প্ৰাৰ্থীক মকৰলৰ বাবে জাননী দিয়া নহয় । সেয়া প্ৰাৰ্থীৰ মবাইল ফোনৰ নম্বৰত এছ এম এছ আৰু ব্যক্তিগত ই মেইল যুগে নিৰ্বাচিত প্ৰাৰ্থীক জনোৱা হয় । বিশেষকৈ সেনাৰ ৱেবচাইটৰ তথা সেনাৰ ৱেব পৰ্টেল www.joinindianarmy.nic.in ত গৈ এই প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব ।"

প্ৰথমে শাৰীৰিক যোগ্যতাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত লিখিত পৰীক্ষা আৰু পৰৱৰ্তী সময়ত মৌখিক অনুষ্ঠিত হয় বুলি তেওঁ জনায় । তেওঁ কয়, "সেনাৰ এই মকৰলত কোনোধৰণৰ দ্বিতীয় পক্ষ নাথাকে আৰু ইয়াত প্ৰাৰ্থীগৰাকীয়ে নিজেই নিজৰ যোগ্যতা নিৰূপণ কৰে । কাৰণ সেনাৰ বাবে যি উচ্চতা, যি সাহস দক্ষতাৰ প্ৰয়োজন সেই সকলো থকাৰ পিছতহে মকলত উত্তীৰ্ণ হয় । বিশেষকৈ প্ৰাৰ্থীগৰাকীয়ে শাৰীৰিক দক্ষতা নিৰ্ণয় কৰাৰ পিছত লিখিত পৰীক্ষাত সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য হোৱাৰ পিছত তেওঁ অন্তৰ্ভুক্ত হ'বলৈ পাৰে ।"

লগতে পঢ়ক: 'ফেমিনা'ৰ বেটুপাতত অসম সন্তান মেজৰ ডাঃ দ্বীপান্বিতা কলিতা ! জানো আহক তেওঁৰ বিষয়ে - MAJOR DWIPANNITA KALITA

গ্ৰন্থৰ পৰা চিমেণ্ট কোম্পানীলৈ... অসম কেবিনেটৰ কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ? - ASSAM CABINET