ETV Bharat / state

নিৰাপত্তাৰক্ষী আৰু সন্দেহযুক্ত এন এচ চি এনৰ মাজত গুলীয়াগুলী, নিহত 3 উগ্ৰপন্থী, আহত 4 আৰক্ষী

ডিমা হাছাও জিলাত নিৰাপত্তা বাহিনীৰ লগতে সন্দেহযুক্ত এন এচ চি এন (আইএম) উগ্ৰপন্থী গোটৰ গুলীয়াগুলী ।

an exchange of fire with Security Forces with suspected NSCA cadres
নিৰাপত্তাৰক্ষী আৰু সন্দেহযুক্ত NSCNৰ মাজত গুলীয়াগুলী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 29, 2025 at 5:13 PM IST

|

Updated : April 29, 2025 at 9:23 PM IST

2 Min Read
Choose ETV Bharat

হাফলং: হঠাত্‍ গুলীৰ শব্দ শুনা গ'ল অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওত । এই গুলীয়াগুলী সংঘটিত হয় ডিমা হাছাও নিৰাপত্তা বাহিনী আৰু সন্দেহযুক্ত এন এচ চি এন (আই এম) উগ্ৰপন্থী সংগঠনৰ মাজত ।

জানিব পৰা মতে, হাফলং আৰক্ষী থানাৰ অন্তৰ্গত দিহামলাইত এই গুলীয়াগুলীৰ ঘটনা সংগঠিত হয় । মঙলবাৰে এন কুবিং আৰু হাৰাকিলোৰ মাজৰ ডিহামলাই অঞ্চলত নিৰাপত্তা বাহিনী আৰু সন্দেহযুক্ত এন এছ চি এন (আই এম)ৰ মাজত হয় এক মুখামুখি সংঘৰ্ষ ।

এই সংঘৰ্ষত এন এছ চি এন (আই এম) ৰ তিনিজন সদস্য নিহত হয় । লগতে নিৰাপত্তা বাহিনীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ২ টা একে ৪৭ ৰাইফেল, এটা পিষ্টল আৰু গোলাবাৰুদৰ ভঁৰাল ।

an exchange of fire with Security Forces with suspected NSCA cadres
নিৰাপত্তাৰক্ষী আৰু সন্দেহযুক্ত এন এচ চি এনৰ মাজত গুলীয়াগুলী (ETV Bharat)

ইপিনে ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক মায়ংক কুমাৰে নিৰাপত্তা বাহিনীৰ সৈতে সন্দেহযুক্ত এন এছ চি এন (আই এম) উগ্ৰপন্থী গোটৰ গুলীয়াগুলী হোৱা ঘটনাৰ কথা স্বীকাৰ কৰিছে । তেওঁ কয়, ''এতিয়াও এই অঞ্চলত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে । প্ৰত্যন্ত অঞ্চল হোৱাৰ বাবে এতিয়া বিস্তাৰিত তথ্যৰ বাবে অপেক্ষা কৰিব লাগিব ।''

এজন শীৰ্ষ বিষয়াই কয়, "উগ্ৰপন্থীৰ উপস্থিতিৰ তথ্যৰ ভিত্তিত অসম আৰক্ষী আৰু কেন্দ্ৰীয় বাহিনীৰ যৌথ দলে যোৱা দুদিনৰ পৰা অঞ্চলটোত অভিযান আৰম্ভ কৰে । অসম আৰক্ষী আৰু কেন্দ্ৰীয় বাহিনীৰ অভিযানৰ সময়তে​​নিৰাপত্তাৰক্ষীৰ দল আৰু উগ্ৰপন্থীৰ মাজত গুলীচালনা হয় । ফলত তিনিজন উগ্ৰপন্থী থিতাতে নিহত হয় ।"

an exchange of fire with Security Forces with suspected NSCA cadres
হাফলং আৰক্ষী থানাৰ অন্তৰ্গত দিহামলাইত গুলীয়াগুলী (ETV Bharat)

ৰাজ্য আন এজন জ্যেষ্ঠ আৰক্ষীৰ বিষয়াই কয়, "আমি সেই স্থানৰ পৰা দুটা এ কে ৪৭ ৰাইফল, এটা পিষ্টল আৰু এটা গুলীৰ ভঁৰাল উদ্ধাৰ কৰিছো । আমি তদন্ত আৰম্ভ কৰিছো আৰু উগ্ৰপন্থী দলটোৰ সহযোগীসকলক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান আৰম্ভ কৰিছো ।"

an exchange of fire with Security Forces with suspected NSCA cadres
নিৰাপত্তা বাহিনীৰ লগতে সন্দেহযুক্ত এন এচ চি এন (আইএম) উগ্ৰপন্থী গোটৰ গুলীয়াগুলী (ETV Bharat)

ইপিনে জানিব পৰা গৈছে উগ্ৰপন্থীৰ সৈতে হোৱা এই সংঘৰ্ষত চাৰিগৰাকী আৰক্ষী আহত হৈছে । আহত আৰক্ষীৰ ভিতৰত এজন উপ-আৰক্ষী অধীক্ষকো আছে । আহত চাৰিগৰাকী আৰক্ষীক হাফলং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

লগতে পঢ়ক : ধাৰাবাহিকভাৱে যুদ্ধবিৰতি উলংঘন, নিশাৰ আন্ধাৰত আকৌ পাকিস্তানী সেনাই চলালে গুলী
Last Updated : April 29, 2025 at 9:23 PM IST