ETV Bharat / state

মাকৰ পৰা বিচ্ছিন্ন হোৱা হাতীৰ পোৱালিৰ লগত ধেমালি বনকৰ্মীৰ

মাজুলীৰ বনকৰ্মী লগত জাকৰ পৰা বিচ্ছিন্ন হোৱা এটা হাতী পোৱালিৰ ধেমালি ।

Elephant calf separated from herd keeps forest guards engaged in Majuli
মাকৰ পৰা বিচ্ছিন্ন হোৱা হাতীৰ পোৱালিৰ লগত ধেমালি বন কৰ্মীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 2, 2024 at 1:49 PM IST

2 Min Read
Choose ETV Bharat

মাজুলী: মাজুলীৰ বিভিন্ন প্ৰান্তত বিগত কেইবাদিনো ধৰি এটা হাতীৰ বৃহৎ জাকে বিচৰণ কৰি আছে । এই হাতীৰ জাকটোৱে মাজুলীৰ খেতি পথাৰত বিস্তৰ ক্ষতিসাধন কৰিছে । যোৱা তিনি চাৰিটা দিনত এই হাতীৰ জাকটোৱে লাচন চাপৰি অঞ্চলত বিচৰণ কৰি আছিল । ইয়াৰ মাজতে লাচন চাপৰিত শুকুৰবাৰে পুৱা মাকৰ সৈতে এটা পোৱালি হাতী বিচৰণ কৰি থকা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছিল । মানুহ দেখি মাইকী হাতীজনীয়ে নিজৰ পোৱালি এৰি আঁতৰি গৈছিল ।

লাচন চাপৰিৰ স্থানীয় ৰাইজে হাতীৰ পোৱালিটোক নিৰাপদ স্থানত ৰাখি বন বিভাগৰ লোকক খবৰ দিছিল । সেই সময়ত হাতীৰ পোৱালিটো যথেষ্ট ভাগৰুৱা হৈ পৰা দেখা গৈছিল । ইফালে পৰৱৰ্তী সময়ত উক্ত স্থানত বন বিভাগৰ লোক উপস্থিত হৈছিল ।

মাকৰ পৰা বিচ্ছিন্ন হোৱা হাতীৰ পোৱালিৰ লগত ধেমালি বন কৰ্মীৰ (ETV Bharat Assam)

হাতীৰ পোৱালিটোক শুকুৰবাৰে দিনৰ ভাগত পশু চিকিৎসকে চিকিৎসা প্ৰদান কৰিছিল । পৰিচৰ্যা কৰা বনকৰ্মীয়ে ‘‘দেহা আহ’’ বুলি মাতিলেই দৌৰিবলৈ ধৰিছিল হাতী পোৱালিটোৱে । চিকিৎসা প্ৰদান কৰা পাচত সুস্থ হোৱাত হাতী পোৱালিটোক মাকৰ লগ লগাবলৈ নিব বিচৰা হৈছিল ব্ৰহ্মপুত্ৰৰ চাপৰিৰ দিশে ।

শুকুৰবাৰে বিয়লিৰ ভাগত এখন ট্ৰেক্টৰত লৈ যোৱা হৈছিল ব্ৰহ্মপুত্ৰৰ পাৰলৈ, কিন্তু মানুহৰ সংগ এৰিব বিচৰা নাই হাতী পোৱালি ‘দেহা’ই । ইফালে মাকক বিচাৰি চিঞৰিছিল কণমানি হাতী পোৱালি ‘দেহা’ই । সন্ধিয়াৰ ভাগলৈ এই হাতী পোৱালিটোক তাৰ মাকৰ লগত লগ লগাবলৈ বন বিভাগৰ লোকে ব্ৰহ্মপুত্ৰৰ চাপৰিত এৰি আহিছিল হাতীৰ জাকটোৰ পৰা কিছু নিলগত ।

বন বিভাগৰ ফালৰ পৰা জনোৱা মতে, শনিবাৰে পুৱাৰ ভাগত হাতী পোৱালিটোক এৰি থৈ অহা স্থান বন বিভাগৰ লোকে পৰিদৰ্শন কৰিব যদি পোৱালিটো দেখা পাই তেতিয়া উৰ্ধতম কৰ্তৃপক্ষৰ লগত আলোচনা কৰি হাতীৰ পোৱালিটোৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব ।

কিন্তু সুভাগ্যক্ৰমে শনিবাৰে পুৱা হাতীৰ পোৱালিটোক এৰি থৈ অহা উক্ত স্থানত বন বিভাগে প্ৰত্যক্ষ কৰা নাছিল ৷ সম্ভৱতঃ হাতীৰ পোৱালিটোৱে মাকৰ সৈতে উক্ত স্থানৰ পৰা আঁতৰি গৈছে ৷

লগতে পঢ়ক: কাজিৰঙাত ২০২৪-২৫ পৰ্যটন বৰ্ষৰ প্ৰথম এমাহতে সংগ্ৰহ ৬৫ লাখ টকাৰ ৰাজহ

গাঁৱতে সপোন ৰচিছে খুমটাইৰ ৰাইজে