ETV Bharat / state

পেলনীয়া চাহ গছৰ মূঢ়াই স্থান পাইছে বিলাসী কোঠাত, ইয়াৰ আঁৰত কোন ?

পেলনীয়া চাহ গছৰ মূঢ়াক জীৱন্ত ৰূপ দিছে এজন শিল্পীয়ে । ডিকমৰ সুৰেশ ৰায়ে পেলনীয়া চাহ গছৰে আচবাব নিৰ্মাণ কৰি উলিয়াইছে স্বাৱলম্বিতাৰ পথ ।

An artist has made various furniture from the trunk of a discarded tea tree in Dibrugarh
পেলনীয়া চাহ গছৰ মূঢ়াই স্থান পাইছে বিলাসী কোঠাত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 3, 2025 at 8:14 PM IST

3 Min Read
Choose ETV Bharat

ডিব্ৰুগড়: পেলনীয়া গছৰ মূঢ়াক জীৱন্ত ৰূপ দিছে ডিকমৰ এজন শিল্পীয়ে । বিগত কেইবাবছৰ ধৰি ডিকমৰ এইজন শিল্পীয়ে চাহ গছৰ পেলনীয়া মূঢ়াৰ পৰা নিৰ্মাণ কৰিছে ঘৰুৱা বিভিন্ন আচবাব । চাহ নগৰী হিচাপে পৰিচয় থকা ডিব্ৰুগড়ত সহজে উপলব্ধ হয় চাহগছ । বাগিচাসমূহত উৎপাদন কমি অহাৰ লগে লগে পুৰণি চাহ গছসমূহ উভালি পেলোৱা হয় । চাহ গছসমূহ উভালি বাগিচাৰ চাহ শ্ৰমিকসকলক খৰি হিচাপে ব্যৱহাৰ কৰিবলৈ দিয়া হয় ।

শ্ৰমিকে খৰি হিচাপে ব্যৱহাৰ কৰা চাহ গছ সমূহক পুনৰ জীৱন্ত ৰূপ দিয়াৰ প্ৰয়াস সুৰেশ ৰায়ৰ । প্ৰচাৰ বিমুখ শিল্পীজনৰ সৃষ্টিকৰ্মক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে । পেলনীয়া গছৰ মূঢ়াৰে বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰি জীৱন্ত ৰূপ দিবলৈ সক্ষম হোৱা শিল্পীজনৰ সামগ্ৰী ক্ৰয় কৰিবলৈ বিভিন্ন জনে ভিৰ কৰেহি তেওঁৰ গৃহত । চাহ গছৰ মূঢ়াৰ সহায়ত আচবাব নিৰ্মাণ কৰি স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে ডিব্ৰুগড় জিলাৰ ডিকমৰ এইজন সুৰেশ ৰায় । বিগত ১৫ বছৰে চাহ বাগিচা অঞ্চলৰ পৰা পেলনীয়া চাহ গছসমূহ সংগ্ৰহ কৰি ডাইনিং টেবুল, চাহ টেবুল, ষ্টেণ্ড কৰ্ণাৰ আদি নিৰ্মাণ কৰিছে অতি সুনিপুণভাৱে ।

পেলনীয়া চাহ গছৰ মূঢ়াই স্থান পাইছে বিলাসী কোঠাত (ETV Bharat Assam)

নিৰ্মাণ কৰা আচবাবসমূহ অসমৰ বাহিৰৰ লোকে ক্ৰয় কৰি লৈ যায় বুলি জানিবলৈ দিছে । ডিকমৰ এখন আচ-বাব বনোৱা প্ৰতিষ্ঠানত কিছুদিন কাম কৰা পাছতেই নিজাকৈ এইসমূহ সামগ্ৰী নিৰ্মাণ কৰি আহিছে সুৰেশ ৰায়ে । এই সামগ্ৰীসমূহ নিৰ্মাণ কৰি পৰিয়াল চলোৱাৰ লগতে আন শ্ৰমিকক মাজে সময়ে উপাৰ্জনৰ পথ উলিয়াই দিবলৈ সক্ষম হৈছে শিল্পী জনে ।

An artist has made various furniture from the trunk of a discarded tea tree in Dibrugarh
চাহ গছৰ মূঢ়াৰে নিৰ্মিত সামগ্ৰী (ETV Bharat Assam)
An artist has made various furniture from the trunk of a discarded tea tree in Dibrugarh
চাহ গছৰ মূঢ়াৰে নিৰ্মিত সামগ্ৰী (ETV Bharat Assam)
An artist has made various furniture from the trunk of a discarded tea tree in Dibrugarh
চাহ গছৰ মূঢ়াৰে নিৰ্মিত সামগ্ৰী (ETV Bharat Assam)

পেলনীয়া চাহ গছৰে আচবাব নিৰ্মাণ কৰি উলিয়াইছে স্বাৱলম্বিতাৰ পথ:

শ্ৰমিকে খৰি হিচাপে ব্যৱহাৰ কৰা পেলনীয়া চাহ গছসমূহক পুনৰ জীৱন্ত ৰূপ দিয়াৰ বাবে প্ৰয়াস চলোৱা সুৰেশ ৰায়ে কয়,"এই কাম কৰি ভাল লগা বাবেই কৰি আছোঁ । চাহ গছৰ মূঢ়াৰ পৰা নিৰ্মাণ কৰা আচ-বাবসমূহ অসমৰ মানুহে খুব কম ব্যৱহাৰ কৰে । কিন্ত অসমৰ বাহিৰৰ মানুহ আহিলেই এইসমূহ লৈ যায় । বিগত ১৫ বছৰে পেলনীয়া চাহ গছৰ পৰাই ডাইনিং টেবুল, চাহ টেবুল, ষ্টেণ্ড কৰ্ণাৰ আদি নিৰ্মাণ কৰি আহিছোঁ । চাহ বাগিচাৰ পৰা যেতিয়া চাহ গছসমূহ উভালি দিয়ে তেতিয়া শ্ৰমিকসকলৰ ঘৰৰ পৰা কিছু টকা দি এইবোৰ সংগ্ৰহ কৰি আনো । এই আচ-বাব ক্ৰয় কৰা মানুহৰ সংখ্যা অসমত কম, তথাপিও এইসমূহ নিৰ্মাণ কৰি পৰিয়াল চলাই আহিছোঁ । সামগ্ৰী সমূহ ১৫০০ৰ পৰা ৫০০০ টাকলৈকে বিক্ৰী হয় ।"

লগতে পঢ়ক: ঘৰৰ চুকত পৰি ৰোৱা পেলনীয়া থাৰ্মক’লেৰে ৩০হাজাৰ শৰাই-জাপি নিৰ্মাণ কৰি মৌচুম কৰিলে বিশ্ব ৰেকৰ্ড - ASSAMESE TRADITIONAL XORAI AND JAPI

ৰঙালী বিহুৰ প্ৰাকক্ষণত সুখবৰ; অসমীয়া গহনালৈ জি আই টেগ