ETV Bharat / state

ইতিহাসৰ পাতৰ পৰা ক্ৰমাৎ নাইকীয়া হোৱাৰ পথত দালাই লামাৰ লগত সম্পৰ্ক থকা এটা ৰে’ল ষ্টেচন

অসমৰ এটা ইতিহাস প্ৰসিদ্ধ ৰে’ল ষ্টেচন, যাৰ সম্পৰ্ক আছে তিব্বতীয় ধৰ্মগুৰু দালাই লামাৰ সৈতে ৷ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ এক বিশেষ প্ৰতিবেদন...

A railway station in Tezpur is associated with the Dalai Lama
ইতিহাস প্ৰসিদ্ধ ৰে’ল ষ্টেচন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 24, 2025 at 6:57 PM IST

|

Updated : March 24, 2025 at 9:57 PM IST

4 Min Read
Choose ETV Bharat

তেজপুৰ: এটা বিশেষ ৰে’ল ষ্টেচন, য’ত এসময়ত মানুহে ঠাহ খাই আছিল ৷ ইখনৰ পাছত সিখন ৰে’লেৰে কঢ়িওৱা হৈছিল কেঁচা চাহপাত, কাঠ ইত্যাদি ৷ এসময়ৰ সেই ব্যস্ততাপূৰ্ণ ৰে’ল ষ্টেচনটোত আজি প্ৰতিফলিত হৈছে এক বিপৰীত ছবি ৷ মানুহটো বাদেই গৰু এটাও দেখা পোৱা নাযায় এই ষ্টেচনটোত ৷

দেশে স্বাধীনতা লাভ কৰাৰ পূৰ্বৰ এই ইতিহাস প্ৰসিদ্ধ ৰে’লৱে ষ্টেচনটোত আজি নিমাওমাও সদৃশ পৰিৱেশ ৷ চীন-ভাৰতৰ যুদ্ধৰ সাক্ষ্য বহন কৰা এই ৰে’লৱে ষ্টেচনৰ লগত জড়িত আছে দালাই লামাই তিব্বতৰ পৰা অসমলৈ অহা সময়ৰ ইতিহাস ৷ অসমৰ ২০০ বছৰীয়া চাহ শিল্পৰ লগতো অতি ওতঃপ্ৰোতভাৱে জড়িত এই ৰে’ল ষ্টেচনটো ।

ইতিহাসৰ পাতৰ পৰা ক্ৰমাৎ নাইকীয়া হোৱাৰ পথত এটা ৰে’ল ষ্টেচন (ETV Bharat Assam)

আমি উল্লেখ কৰা এই ষ্টেচনটো আছে তেজপুৰত ৷ এটা সময়ত এই ৰে’ল ষ্টেচনটো তেজপুৰ চহৰৰ হৃৎপিণ্ড আছিল ৷ আহকচোন জানিবলৈ চেষ্টা কৰো এই ষ্টেচনটোৰ বিষয়ে নজনা কিছু কথা...

  • ইতিহাস :

তেজপুৰ চহৰৰ বহু পুৰণি ঘটনা-পৰিঘটনাৰ সাক্ষী বৃটিছ শাসনৰ সময়ত আৰম্ভ হোৱা এই ৰে’ল ষ্টেচনটো । ব্ৰিটিছ শাসনৰ সময়ত এই ৰে’ল ষ্টেচনটোৰ সম্পৰ্ক আছিল ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত জাহাজ ঘাটৰ লগত । সেই সময়ত ব্ৰহ্মপুত্ৰৰ বুকুৱেদি ব্ৰিটিছ চৰকাৰে অসমত চাহ উদ্যোগ স্থাপনৰ বাবে অনা বিভিন্ন কাৰিকৰী সামগ্ৰী জাহাজেৰে আনি সেইসমূহ ইয়াৰ পৰা ৰে’লৰে অন্য ঠাইলৈ নিছিল ।

A railway station in Tezpur is associated with the Dalai Lama
ইতিহাস প্ৰসিদ্ধ এই ৰে’ল ষ্টেচনটো এতিয়া পৰিত্যক্ত (ETV Bharat Assam)

কিন্তু সেই অতীতৰ বহু ঘটনা-পৰিঘটনাৰ সাক্ষ্য বহন কৰা তেজপুৰ জাহাজঘাটৰ এই পুৰণি ৰে’ল ষ্টেচনটো বৰ্তমান সম্পূৰ্ণৰূপে বিকল হৈ পৰি ৰৈছে ৷ তেজপুৰ চহৰৰ গাতে লাগি থকা আৱৰ্ত ভৱন আৰু ব্ৰহ্মপুত্ৰৰ জাহাজ ঘাটৰ কাষতে অৱস্থিত এই শতিকা পুৰণি ৰে’ল ষ্টেচনটোলৈ আজি কোনো নাহে ৷

  • পুনৰ উজ্জীৱিত কৰিবলৈ দাবী :

তেজপুৰৰ এই ৰে’লৱে ষ্টেচনৰ পুনৰ আৰম্ভ কৰিবলৈ ২০২৩ বৰ্ষত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৰাইজে আহ্বান জনোৱাৰ উপৰি উত্তৰ-পূব ৰে’লৱেৰ মহা প্ৰবন্ধকলৈ এক পত্ৰও প্ৰেৰণ কৰিছিল ৷ পিছত কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক কমিটী ফৰ ৰিভাইভেল অফ তেজপুৰ ৰেলৱে ষ্টেচন নামৰ এক সামাজিক সংগঠনৰ দ্বাৰা আবেদন জনোৱা হৈছিল । ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱক ৰে’ল ভৱনত সাংসদ বীৰেন্দ্ৰ কুমাৰ বৈশ্যৰ নেতৃত্বত যোৱা দলটোৱে লগ কৰি এই সমস্যাৰ বিষয়ে উল্লেখ কৰিছিল ।

উক্ত সংগঠনৰ সভাপতি নির্মলেন্দু ৰয়ে ই টিভি ভাৰতক কয়, "এই ষ্টেচনৰ বহুতো ইতিহাস আছে, বিশেষকৈ তিব্বতীয় ধৰ্মগুৰু দালাই লামা চীনৰ আগ্ৰাসনত তিব্বত ত্যাগ কৰি পলায়ন কৰাৰ সময়ত মিছামাৰীৰ পৰা তেজপুৰলৈ ৰে’লেৰে আহিছিল আৰু তেওঁ ইয়াৰ পৰা ৰে’লৰে দিল্লীলৈ যাত্ৰা কৰিছিল । সেই সময়ত নেৰ'গজ ট্ৰেইন চলিছিল ৷ পৰৱৰ্তী সময়ত স্বাধীনতাৰ পিছত ইয়াক মিটাৰগজ লৈ পৰিৱৰ্তন কৰা হয় ।’’

‘‘ৰে’ল সেৱাৰ সুবিধা হেৰুওৱাৰ বাবে সমস্যাত পৰিছে দৰিদ্ৰ আৰু নিপীড়িত লোকসকল ৷ কিয়নো বৰ্তমান তেজপুৰ চহৰৰ পৰা ৮ কিলোমিটাৰ নিলগত থকা ডেকাৰগাঁও ৰে’ল ষ্টেচনলৈ যাবলৈ যথেষ্ট পৰিমাণে খৰচ হোৱাৰ লগতে যানজঁটৰ সমস্যাৰ বাবে বহু সময়ৰ প্ৰয়োজন হয় । ফলস্বৰূপে ৰে’লৰ ভাৰাৰ তুলনাত ৰে’ল ষ্টেচনলৈ যোৱাৰ খৰচ বেছি হয় ।’’ নির্মলেন্দু ৰয়ে কয় ৷

তেওঁ কয়, ‘‘বহুতো প্ৰভাৱশালী ৰাজনৈতিক লোকৰ হেঁচাত এই ৰে’ল ষ্টেচন বন্ধ হৈ পৰিল ৷ আমি ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীক বিষয়টো দৃষ্টিগোচৰ কৰিছো আৰু তেখেতে এই বিষয়ে আশ্বাস প্ৰদান কৰিছে যদিও বৰ্তমানলৈকে একো হৈ উঠাগৈ নাই ।’’ ৰয়ে আৰু কয়, ‘‘এই ষ্টেচনৰ পৰাই দালাই লামাক তেজপুৰ চহৰৰ পৰা প্ৰত্যাপৰ্ণ কৰাৰ বাবে স্পেচিয়েল ৰে’ল চলোৱা হৈছিল ৷ গতিকে ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰে ইয়াক পুনৰ উজ্জীৱিত কৰিব লাগে ।"

আনহাতে স্থানীয় ব্যক্তি পূৰ্ণ চেত্ৰীয়ে কয়, "এই ষ্টেচনৰ পৰা গোৰখপুৰলৈ ৰে’ল চলিছিল ৷ আমি ইয়াত ৰৈ ৰে’ল চাবলৈ আহো ৷ মোৰ মায়ে ৰে’লত উঠি পৰিয়ালৰ লোকৰ ঘৰলৈ গৈছিল । কিন্তু বৰ্তমান কিছুমান লোকৰ ৰাজনীতিৰ বাবে ষ্টেচনটোৰ অচল অৱস্থা হ’ল । আমি এই ষ্টেচনতো পুনৰ আৰম্ভ হোৱাটো বিচাৰিছো ।’’

এগৰাকী স্থানীয় ব্যক্তিয়ে কয়, "এই ষ্টেচনটোক ব্ৰিটিছৰ দিনৰ ৱান টি পি বুলি কৈছিল ৷ বৰ্তমান বন্ধ হৈ থকাত আমাৰ স্থানীয় ৰাইজৰ বহু অসুবিধাৰ সন্মুখীন হৈছে ৷ গতিকে ইয়াক পুনৰ উজ্জীৱিত কৰাৰ প্ৰয়োজন আছে ।’’

লগতে পঢ়ক : অৰুণে আঁচল পাতি দিয়া অৰুণাচলৰ কেইখনমান মনোমোহা পৰ্যটনস্থলী
Last Updated : March 24, 2025 at 9:57 PM IST