ETV Bharat / state

তিনি যুৱকক জ্বলাই হত্যা কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰৰ দাবীত আমছুৰ ঘাইপথ অৱৰোধ - AMSU Protest against brutal murder

Goalpara AMSU protest :গোৱালপাৰাৰ তিনি যুৱকক জীৱন্তে জ্বলাই হত্যা কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰৰ দাবীত আমছুৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ । মেঘালয় প্ৰশাসনে তিনি যুৱকৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে অসম-মেঘালয় সংযোগী পথ বন্ধ কৰি দিয়াৰ হুংকাৰ আমছুৰ সভাপতিৰ ।

Goalpara AMSU protest
দামৰাত ২১৭ নং ৰাষ্ট্ৰীয় পথত ধৰ্ণা আমছুৰ
author img

By ETV Bharat Assamese Team

Published : April 20, 2024 at 8:04 PM IST

2 Min Read
Choose ETV Bharat
দামৰাত ২১৭ নং ৰাষ্ট্ৰীয় পথত ধৰ্ণা আমছুৰ

গোৱালপাৰা, ২০ এপ্ৰিল: মেঘালয়ৰ পূৱ গাৰো পাহাৰ জিলাৰ ওৱাগাচিত অসমৰ তিনি যুৱকক জীৱন্তে জ্বলাই হত্যা কৰাৰ প্ৰতিবাদত দুধনৈৰ দামৰাত ২১৭ নং ৰাষ্ট্ৰীয় পথত ধৰ্ণা আমছুৰ । গোৱালপাৰা জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ আহ্বানত এই প্ৰতিবাদ ৷ অসম-মেঘালয় সংযোগী ৰাষ্ট্ৰীয় পথত কৰা এই উত্তাল প্ৰতিবাদত 'হত্যাকাৰীক গ্ৰেপ্তাৰ কৰক', 'মেঘালয় চৰকাৰ হায় হায়', 'মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা হায় হায়', 'মেঘালয়ত অসমীয়াক অত্যাচাৰ কৰা বন্ধ কৰক', 'মেঘালয়ত অসমীয়াক নিৰাপত্তা দিয়ক' আদি শ্লোগান দিয়ে প্ৰতিবাদকাৰীসকলে ।

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে অংশগ্ৰহণ কৰি মৃতকৰ পৰিয়ালে উপযুক্ত ক্ষতিপূৰণ নাপালে আৰু হত্যাকাৰীক গ্ৰেপ্তাৰ নকৰিলে পৰৱৰ্তী সময়ত অসম-মেঘালয় সংযোগী সকলো পথ বন্ধ কৰি দিয়াৰ হুংকাৰ দিয়ে ৷ উল্লেখযোগ্য যে ১৬ এপ্ৰিলত ছুইফট ডিজায়াৰ বাহনৰে জমিৰ উদ্দিন(৩৫), নুৰ মহম্মদ(৩৬) আৰু জাহিদুল ইছলাম (২৬) মেঘালয়লৈ গৈছিল । পিচদিনা পুৱা ওৱাগাচিৰ বনাঞ্চলত জ্বলি ছাই হোৱা বাহনসহ উদ্ধাৰ হৈছিল যুৱক তিনিজনৰ মৃতদেহ ।

আত্মীয়ই উল্লেখ কৰা অনুসৰি সোমবাৰে নিশা জমিৰ উদ্দিনৰ AS 01 EY 5247 নম্বৰৰ বাহননেৰে মেঘালয়লৈ গৈছিল যুৱক তিনিজন । কিন্তু মঙলবাৰৰ দিনৰ ভাগৰ পৰাই মোবাইল বন্ধ পোৱা যায় তিনিওজনৰে । সেইদিনা নিশা পৰ্যন্ত তেওঁলোক উভতি নহাত মঙলবাৰে সন্ধিয়া মটিয়া থানাত নিৰুদ্দেশৰ গোচৰ তৰিছিল নুৰ মহম্মদৰ পৰিয়ালে । বাহনখনত থকা জিপিএছৰ জৰিয়তে ঘটনাস্থলীৰ বিষয়ে জানিব পাৰে পৰিয়াল আৰু আৰক্ষীয়ে । তাৰ পিচত মেঘালয় আৰক্ষীৰ সহায়ত প্ৰথমে জ্বলি প্ৰায় ছাঁই হৈ যোৱা বাহনখনৰ সন্ধান লাভ কৰে ৷ পিচত বাহনৰ কাষতেই এটা গাঁতত পুতি থোৱা অৱস্থাত জ্বলাই দিয়া মৃতদেহ তিনিটা উদ্ধাৰ কৰা হয় ।

লগতে পঢ়ক:মেঘালয়ত তিনি অসমৰ যুৱকক জীৱন্তে জ্বলাই পুতি থ’লে গাঁতত - ASSAMESE YOUTHS BURNT IN MEGHALAYA