ETV Bharat / state

অমৃত পাল সিংসহ 9 সহযোগীয়ে পৰিয়ালৰ সৈতে যোগাযোগ কৰিব নোৱাৰাৰ অভিযোগ অধিবক্তাৰ

Amritpal Singh : অমৃত পাল সিং সহ আন 9 সহযোগীক ফোনৰ যোগাযোগ ব্যৱস্থাৰ পৰা বঞ্চিত কৰাৰ অভিযোগ অধিবক্তাৰ ৷ এই কাৰ্যত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে প্ৰাক্তন লোকসভাৰ সাংসদ তথা অধিবক্তা গৰাকীয়ে ৷

Amritpal Singh
অমৃত পাল সিঙৰ অধিবক্তাৰ অভিযোগ
author img

By ETV Bharat Assamese Team

Published : March 13, 2024 at 8:37 PM IST

2 Min Read
Choose ETV Bharat
অমৃত পাল সিং সহ 9 সহযোগীক ফোন যোগাযোগ ব্যৱস্থাৰ পৰা বঞ্চিত কৰাৰ অভিযোগ

ডিব্ৰুগড়, 13 মাৰ্চ : ৱাৰিছ পঞ্জাৱ দেৰ অমৃতপাল সিং সহ আন 9 খালিস্তানী নেতাই দিন পাৰ কৰিছে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ৷ পঞ্জাৱৰ ঘটনাৰ পাচতে পৰৱৰ্তী সময়ত অমৃতপাল সিঙক পঞ্জাৱৰ মোগা জিলাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পাচতেই ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হয় ৷ লগতে অমৃতপাল সিঙৰ আন 9 সহযোগীকো অনা হয় ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ ৷

বৰ্তমান কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছে এই সকল খালিস্তানী নেতাক ৷ কিন্ত শেহতীয়াকৈ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী অমৃত পাল সিং সহ আন 9 সহযোগীক ফোনৰ যোগাযোগ ব্যৱস্থাৰ পৰা বঞ্চিত কৰাৰ অভিযোগ অমৃতপাল সিঙৰ অধিবক্তা তথা প্ৰাক্তন সাংসদ ৰাজদেৱ সিং খালছাৰ ৷ নিৰ্বাচনী আয়োগে নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ এনে ব্যৱস্থা গ্ৰহণ কৰিছে, কিন্তু কাৰাবন্দী সকলক এনেকৈ পৰিয়ালৰ সৈতে ফোনত কথা পতাৰ পৰা বঞ্চিত কৰাটো নিৰ্বাচনৰ লগত কি সম্পর্ক বুজা নাই বুলি মন্তব্য অধিবক্তা ৰাজদেৱ সিং খালচাৰ ৷

এক ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰি কাৰাগাৰ কৰ্তৃপক্ষ তথা চৰকাৰৰ এই কাৰ্যত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে প্ৰাক্তন লোকসভাৰ সাংসদ তথা অধিবক্তা গৰাকীয়ে ৷ তেওঁ শেহতীয়াকৈ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত অমৃত পাল সিঙক সাক্ষাৎ কৰি এই কথা জানিব পৰা বুলি ভিডিঅ’ বাৰ্তাত উল্লেখ কৰিছে ৷ ইফালে কাৰাগাৰত অমৃত পাল সিঙৰ সহযোগী সকলে কৰি থকা অনশনৰ বাবে তেওঁলোকৰ স্বাস্থ্য অধিক অৱনতি ঘটা বুলিও মন্তব্য কৰিছে অধিবক্তাগৰাকীয়ে ৷ উল্লেখ্য যে,অমৃত পাল সিং সহ‌ ৯ খালিস্তানীক পঞ্জাৱলৈ হস্তান্তৰ কৰাৰ দাবীত কাৰাগাৰৰ ভিতৰতেই অনশন কৰি আছে কাৰাবন্দী কেইজনে ৷ ইতিমধ্যে তিনিজন কাৰাবন্দীক অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল ৷

লগতে পঢ়ক : কোনে ষড়যন্ত্ৰ কৰিছে অমৃতপাল সিঙৰ বিৰুদ্ধে ? ক’লে পিতৃয়ে