শোণিতপুৰৰ ৩৫,২২৮ গৰাকী যোগ্য কৃষকলৈ পি এম কিষাণ আঁচনিৰ ১৭ নং কিস্তিৰ ধন - PM Kisan Samman Nidhi
PM Kisan Samman Nidhi : প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ১৭ সংখ্যক কিস্তি মুকলি কৰা হৈছে । দেশৰ ৯ কোটি ৩০ লাখ হিতাধিকাৰী কৃষকৰ একাউণ্টলৈ ২০ হাজাৰ কোটি টকা ডি বি টি মাধ্যমৰে হস্তান্তৰ ।

Published : June 19, 2024 at 8:53 AM IST
তেজপুৰ, ১৯ জুন: তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈ নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে 'প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি' আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰী কৃষকসকললৈ ১৭ নং কিস্তিৰ অনুদান হস্তান্তৰ কৰে । উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা লাইভ ৱেবকাষ্ট প্ৰক্ৰিয়াৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় ৯ কোটি ৩০ লাখ হিতাধিকাৰী কৃষকৰ একাউণ্টলৈ ২০ হাজাৰ কোটি টকা ডি বি টি মাধ্যমৰে হস্তান্তৰ কৰে ।
সেই উপলক্ষে শোণিতপুৰ জিলা কৃষি বিভাগ আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বিয়লি ৪ বজাৰ পৰা কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰেক্ষাগৃহত জিলা প্ৰশাসনৰ সহযোগত কেন্দ্রীয়ভাৱে এখন সভা তথা অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ আয়োজন কৰা হয় ।
এই অনুষ্ঠানটোৰ অংশস্বৰূপে জিলা কৃষি বিভাগৰ উদ্যোগত ১৫ টা কৃষিচক্রৰ অন্তৰ্গত গাঁও পঞ্চায়ত সমূহত ভি এন অ', কৃষি সখীসকলৰ সহযোগত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ১৭ নং কিস্তি মুকলি অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয় ।
উল্লেখ্য যে, শোণিতপুৰ জিলাৰ সৰ্বমুঠ ৩৫,২২৮ গৰাকী যোগ্য হিতাধীকাৰীয়ে প্ৰধানমন্ত্ৰী কৃষক সম্মান নিধিৰ ১৭ নং কিস্তি লাভ কৰিছে ।
লগতে পঢ়ক:প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ কিস্তি সোমালনে নাই কেনেদৰে জানিব ? - PM Kisan Samman Nidhi
দেশৰ প্ৰায় ৯.৩০ কোটি পিএম কিষাণ আঁচনিৰ যোগ্য হিতাধিকাৰীৰ একাউণ্টলৈ এই লাইভ ৱেবকাষ্ট অনুষ্ঠানৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিস্তিৰ ধন হস্তান্তৰ কৰে । উক্ত অনুষ্ঠানত সংশ্লিষ্ট কৃষি উন্নয়ন বিষয়া, কৃষি পৰিদৰ্শক, কৃষি সম্প্ৰসাৰণ সহায়কসকলৰ লগতে বিভাগীয় বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ।
জিলা উন্নয়ন আয়ুক্ত গয়া প্ৰসাদ আগৰৱালাৰ সঞ্চালনাত কেন্দ্ৰীয়ভাৱে আয়োজিত উক্ত অনুষ্ঠানত জিলা কৃষি বিষয়া প্ৰাঞ্জল শৰ্মা, কৃষি বিজ্ঞান কেন্দ্ৰ, শোণিতপুৰৰ মুখ্য বিজ্ঞানী অংগনা শৰ্মা, কৃষি বিজ্ঞানীসকলৰ উপৰি কৃষি উন্নয়ন বিষয়া পঞ্চমীকা দত্ত, মিডিয়া বিশেষজ্ঞ বিতোপন শইকীয়া, আঁচনি বিষয়া ৰঞ্জিতা গোস্বামী, কৃষি সম্প্ৰসাৰণ সহায়ক ধ্ৰুৱজ্যোতি শইকীয়া, চমছেৰ আহমেদ, বিশ্বজিৎ দেৱনাথৰ লগতে শতাধিক কৃষক ৰাইজে অংশগ্ৰহণ কৰে ।

