গুৱাহাটীত গৃহমন্ত্ৰী অমিত শ্বাহ : খাৰঘূলিত মুকলি কৰিব নৱনিৰ্মিত ৰাজভৱন
খানাপাৰাত অমিত শ্বাহে সম্বোধন কৰিব বিজেপি আৰু এনডিএ-ৰ পঞ্চায়ত প্ৰতিনিধিক । কলাক্ষেত্ৰত বক্তৃতা আগবঢ়াব প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানতো ৷

Published : August 29, 2025 at 9:21 AM IST
গুৱাহাটী : শুকুৰবাৰৰ দিনটোত গুৱাহাটীত তিনিটাকৈ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ এই উদ্দেশ্যে আগষ্টত অসমলৈ দুদিনীয়া কাৰ্যসূচীৰে ২৮ আগষ্ট, বৃহস্পতিবাৰে সন্ধিয়া গুৱাহাটীত বিমানযোগে আহি উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ।
গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ২৮ আগষ্ট, বৃহস্পতিবাৰে সন্ধিয়া উপস্থিত হৈ অমিত শ্বাহ উপস্থিত হয় ৰাজ্যিক মুখ্যকাৰ্যালয় বাজপেয়ী ভৱনত ।
Honoured to welcome Hon'ble Union Home Minister Shri @AmitShah ji at Guwahati Airport.
— Himanta Biswa Sarma (@himantabiswa) August 28, 2025
Adarniya Amit Shah ji will soon chair the Core Committee meeting of @BJP4Assam and take part in various programmes tomorrow.
We look forward to his leadership and counsel. pic.twitter.com/P4xXJtl1AX
বাজপেয়ী ভৱনত উপস্থিত হৈ ক’ৰ কমিটীৰ বৈঠকত মিলিত হয় । এই সভা সমাগত ২০২৬ৰ বিধানসভা নিৰ্বাচনকেন্দ্ৰিক বুলি ধাৰণা কৰা হৈছে । ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এই বৈঠক সফল পূৰ্বক বুলি সভাৰ শেষত মন্তব্য কৰে ।

পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি শুকুৰবাৰৰ দিনটোত মুঠ তিনিটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয গৃহমন্ত্ৰীগৰাকীয়ে । পুৱা ১১:০০ বজাত গুৱাহাটীৰ খাৰঘূলিস্থিত নতুনকৈ নিৰ্মাণ কৰি ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ উইঙৰ আনুষ্ঠানিক উদ্বোধন কৰিব অমিত শ্বাহে ৷

এই অনুষ্ঠানতেই ৰাষ্ট্ৰীয় চাইবাৰ ফৰেনছিক পৰীক্ষাগাৰৰ ই-উদ্বোধন আৰু আই টি বি পি, এছ এছ বি তথা অসম ৰাইফলছৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ ই-উদ্বোধন তথা ই-আধাৰশিলা স্থাপন কৰিব গৃহমন্ত্ৰীগৰাকীয়ে । ইতিমধ্যেই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা নিশ্চিত কৰিছে ৷
Chaired the Assam BJP's core committee meeting at the state BJP HQs in Guwahati.
— Amit Shah (@AmitShah) August 28, 2025
Under the leadership of PM Shri @narendramodi Ji the Himanta Biswa Sarma government is fulfilling the aspirations of the people of Assam. Each and every Karyakarta of the BJP should dedicate… pic.twitter.com/MVoRccD0Km
অমিত শ্বাহৰ অসমত দিনটোৰ উল্লেখযোগ্য কাৰ্যসূচী হ’ল দুপৰীয়া ১:৩০ বজাত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসালয় খেলপথাৰত হ’বলগীয়া পঞ্চায়ত প্ৰতিনিধি সম্মিলনত অংশগ্ৰহণ ৷

শেহতীয়াভাৱে অনুষ্ঠিত অসমৰ পঞ্চায়ত নিৰ্বাচনত জয়যুক্ত হোৱা ভাৰতীয় জনতা পাৰ্টী আৰু এনডিএৰ অন্তৰ্ভুক্ত দলসমূহৰ পঞ্চায়ত প্ৰতিনিধিসকলক গৃহমন্ত্ৰী অমিত শ্বাহে খানাপাৰাৰ অনুষ্ঠানত সংকল্প পাঠ কৰোৱাব ৷
Team BJP is all set for the big battle.#AssamElections2026 pic.twitter.com/2XIv3WYCqi
— Himanta Biswa Sarma (@himantabiswa) August 28, 2025
তৃতীয় কাৰ্যসূচী ৰূপে শুকুৰবাৰে অসমত গৃহমন্ত্ৰী অমিত শ্বাহে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হ’বলগীয়া অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব । বিয়লি ৩:৩০ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই কাৰ্যসূচীৰ পিছত সন্ধিয়া গৃহমন্ত্ৰী শ্বাহ দিল্লীলৈ ৰাওনা হোৱাৰ কথা ৷

