মনে-প্ৰাণে অসমীয়া হৈ পৰিল আমেৰিকাৰ জীয়াৰী ৰেহেনা
আমেৰিকা জীয়াৰী ৰেহেনা খেচকিৰ কণ্ঠত প্ৰাণ পাই উঠিল শুদ্ধ ৰূপত বিহু নাম । পুনৰ বিহু নাম গাই ৰঙালী বিহুক আদৰাত ব্যস্ত ৰেহেনা খেচকি ।

Published : April 12, 2025 at 9:43 PM IST
|Updated : April 12, 2025 at 11:10 PM IST
যোৰহাট: অসমীয়া ভাষাক বিশ্বদৰবাৰলৈ যোৱাত কোনোধৰণৰ কৃপনালি কৰা নাই আমেৰিকা জীয়াৰী আৰু অসমৰ বোৱাৰী ৰেহেনা খেচকিয়ে । কাৰণ ৰেহেনা খেচকিয়ে নিজেই অসমীয়া ভাষা আয়ত্ত কৰা পিছত নিজৰ কণমানি সন্তানটিক যোৰহাট বৰভেটা এখন চৰকাৰী অংগনবাড়ী কেন্দ্ৰত অসমীয়া ভাষা আয়ত্ত কৰিব আৰু বুজি পোৱাৰ বাবে নামভৰ্তি কৰাই দিছে ।
ইয়াৰ সমান্তৰালভাৱে আমেৰিকা জীয়াৰী আৰু অসম বোৱাৰী ৰেহেনা খেচকিয়ে শনিবাৰে যোৰহাটৰ বলিয়াগোঁহাই পুখুৰী প্ৰাংগণৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা বিহু কৰ্মশালা উপস্থিত হয় । কৰ্মশালাত অংশগ্ৰহণ কৰা কণ কণ শিশু সকলৰ সন্মুখত ৰেহেনাই জুৰিলে পুৰণি বিহু নাম আৰু ৰেহেনাই গোৱা বিহু নামৰ তালে নাচিলে কণমানিসকলে, বিদেশী জীয়াৰী ৰেহেনা খেচগি কন্ঠত প্ৰাণ পাই উঠা বিহু নাম চৌদিশে বিয়পি পৰিল । ৰেহেনাক হাত চাপৰি বজাই সহযোগ কৰিলে উপস্থিত থকা সকলোৱে, ৰেহেনাই শুদ্ধ ৰূপত গাই যোৱা বিহু নামে মুগ্ধ কৰিলে উপস্থিত সকলোকে ।
তিনিমাহৰ পূৰ্বে চাৰিবছৰীয়া কন্যা সন্তাৰ সৈতে যোৰহাটৰ বৰভেটাৰ ঘৰলৈ অহা ৰেহেনা খেচকিয়ে বিহু শেষ কৰিয়েই পুনৰ উভতি যাব আমেৰিকালৈ । এই সময়তছোৱাত ৰেহেনাই কণমানি সন্তানটিক অসমীয়া ভাষা জ্ঞান দিয়া লগতে নিজেও বৰগীত চৰ্চা কৰা লগতে অসমীয়া কৃষ্টি-সংস্কৃতি, বিহুৰ পৰম্পৰা শিকা আৰু বুজাত আত্মনিয়োগ কৰিছে ।
উল্লেখ্য যে কেইবছৰমান আগতে অংগৰাগ পাপন মহন্ত লগত বিহু অনুষ্ঠানত গীত পৰিৱেশন কৰি খলকনি সৃষ্টি কৰা ৰেহেনা খেচকি বৰ্তমান আমেৰিকাৰ এখন শিক্ষানুষ্ঠানত শিক্ষয়িত্ৰীৰূপে কৰ্মৰত হৈ থকা লগত তেওঁ স্বামী আমেৰিকাৰ এটা মিউজিক ষ্টুডিঅ'ত কৰ্মৰত হৈ আছে ।

