ডুমডুমাৰ গান্ধীমূৰ্তি প্ৰসংগ : বিতৰ্ক দেখি প্ৰশাসনে ক'লে গান্ধীমূৰ্তিও থাকিব ক্ল’ক টাৱাৰো হ'ব - Gandhi’s Statue in Doom Dooma
Tinsukia DC on Gandhi’s Statue: ডুমডুমাৰ গান্ধীমূৰ্তি উচ্ছেদ বিতৰ্ক সম্পৰ্কত জিলা আয়ুক্তৰ স্পষ্টীকৰণ ৷ গান্ধীচ’কত স্থাপন হ'ব ক্ল’ক টাৱাৰৰ লগতে গান্ধীৰ 7 ফুট উচ্চতাৰ নতুন সুউচ্চ প্ৰতিমূৰ্তি ৷ শনিবাৰে এক বিজ্ঞপ্তিযোগে জিলা আয়ুক্ত স্বপ্নীল পালে জনালে এই কথা ৷

Published : July 13, 2024 at 8:42 PM IST
তিনিচুকীয়া, 13 জুলাই: ডুমডুমাৰ গান্ধীমূৰ্তি বিতৰ্ক সন্দৰ্ভত অৱশেষত প্ৰশাসনে গ্ৰহণ কৰিলে গুৰুত্বপূৰ্ণ ভূমিকা ৷ তিনিচুকীয়া জিলাৰ ডুমডুমা নগৰৰ মাজমজিয়াৰ গান্ধী চ’কত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিটো উক্ত স্থানৰ পৰা আঁতৰোৱাক লৈ বিগত কিছুদিন ধৰি একাংশ দল-সংগঠনে প্ৰকাশ কৰা প্ৰতিক্ৰিয়াৰ প্ৰতি লক্ষ্য ৰাখি জিলা আয়ুক্ত স্বপ্নীল পালে শনিবাৰে এই সম্পৰ্কত নিজৰ স্থিতি স্পষ্ট কৰিছে ।

এক প্ৰেছ বিজ্ঞপ্তিযোগে জিলা আয়ুক্তগৰাকীয়ে কয়, "ডুমডুমাত 1958 চনতে নিৰ্মিত 5 ফুট 8 ইঞ্চি উচ্চতাৰ গান্ধীজীৰ প্ৰতিমূৰ্তিটো নষ্ট হ'বলৈ ধৰাত উক্ত স্থানতে তাতোকৈ অলপ ডাঙৰ 7 ফুট উচ্চতাৰ এটি প্ৰতিমূৰ্তিসহ এটা ক্ল’ক টাৱাৰ নিৰ্মাণৰ বাবে পৌৰসভাই বিগত 15 ফেব্ৰুৱাৰীৰ দিনা এখন বৈঠকযোগে সিদ্ধান্ত গ্ৰহণ কৰে । চহৰখনৰ সৌন্দৰ্যবৰ্ধনৰ বাবে পঞ্চদশ বিত্ত আয়োগৰ পৰা লাভ কৰা পুঁজিৰে হাতত লোৱা এই নতুন আঁচনিখনৰ যোৱা 7 মাৰ্চত স্থানীয় যথেষ্টসংখ্যক লোকৰ উপস্থিতিত আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰা হয় । সেইদিনা এই উপলক্ষে অনুষ্ঠিত ৰাজহুৱা সভাখনতো ৰাইজে এই আচঁনিখনৰ প্ৰতি সন্মতি প্ৰকাশ কৰিছিল ৷ কোনেও ইয়াৰ প্ৰতিবাদ কৰা নাছিল । সেয়েহে এই আচঁনিখনৰ কাম আৰম্ভ কৰা হয় আৰু যোৱা 5 জুলাইত মহাত্মা গান্ধীৰ পুৰণি মূৰ্তিটো কোনো বাধা অবিহনে স-সন্মানে উক্ত স্থানৰ পৰা আঁতৰাই পৌৰসভাৰ নিজৰ কাৰ্যালয়ত সুৰক্ষিত অৱস্থাত ৰখা হৈছে ।"

জিলা আয়ুক্তগৰাকীয়ে এই কথা প্ৰকাশ কৰি লগতে কয় যে প্ৰতিমূৰ্তিটো স্থানান্তৰৰ সময়তো ৰাইজৰ ফালৰ পৰা কোনেও প্ৰতিবাদ কৰা আৰু আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল ৷ আঁচনিখনৰ কাম সম্পূৰ্ণ হ’লে উক্ত স্থানত ক্ল’ক টাৱাৰসহ 7 ফুট উচ্চতাৰ নতুন গান্ধীমূৰ্তি এটা স্থাপন কৰা হ'ব ।
উল্লেখ কৰিব লাগিব যে, গান্ধীমূৰ্তিটো পূৰ্বৰ স্থানৰ পৰা আঁতৰোৱা হ’ব বুলি প্ৰকাশ হোৱাৰ পাচতে স্থানীয় বিভিন্ন দল-সংগঠনৰ লগতে মহাত্মা গান্ধীৰ নাতি তুষাৰ গান্ধীয়েও বিষয়টো সন্দৰ্ভত খেদ প্ৰকাশ কৰিছিল সামাজিক মাধ্যমযোগে ৷ ইয়াৰ পাচতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিষয়টোত উদ্বিগ্নতা প্ৰকাশ কৰি এনে কাম কোনো কাৰণতেই কৰিবলৈ দিয়া নহ’ব বুলি সামাজিক মাধ্যমযোগে স্পষ্ট কৰি দিছিল ৷ ইয়াৰ পাচতেই জিলা আয়ুক্তগৰাকীৰ শেহতীয়া স্থিতি তথা পদক্ষেপ আদৰণীয় যদিও সময়েহে পৰিস্কাৰ কৰিব আচল ছবিখন ৷

