যোৰহাট: পুনৰ অসম ভূমিত নগাৰ আগ্ৰাসন ! যোৰহাট জিলাৰ অন্তৰ্গত মৰিয়নীৰ অসম-নাগালেণ্ড সীমান্তত পুনৰ একাংশ নগা দুবৃত্তই চলাইছে আতংক । অসমৰ বহু ভূমি নগাই দখল কৰাৰ পিছত মৰিয়নী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত মৰঙিয়াল খণ্ডবন বিষয়াৰ কাৰ্যালয় অধীনস্থ তিৰু হিলচ সংৰক্ষিত বনাঞ্চলৰ লখিমীজান পাহাৰত বৃহস্পতিবাৰে নগাই অগ্নিসংযোগ কৰে ৷ ফলত মুহূৰ্তৰ ভিতৰত তিৰু হিলছ বনাঞ্চলখন জুইৰ লেলিহান শিখাই আগুৰি ধৰে ৷
বনাঞ্চলখনত অগ্নি সংযোগ কৰাৰ মূল কাৰণটোৱে হ’ল তিৰু হিলছ সংৰক্ষিত বনাঞ্চলখনৰ ভূমি বেদখলৰ কৰা । আনহাতে এই বনাঞ্চলখনত নগাই অগ্নিসংযোগ কৰাৰ ফলত বনাঞ্চলখনৰ অধিকাংশ সেউজ বনভূমি জুইত জাহ যায় ।
অসমৰ বনাঞ্চলৰ ভূমি নগাই দখল কৰাৰ বাবে কৰা অগ্নি সংযোগৰ ফলত অসম-নাগালেণ্ড সীমান্তত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ৷ আনকি নিৰাপত্তাহীনতাত ভূগিছে সীমান্তৱতী অসমীয়া । অসমৰ বনভূমিত নগাই অগ্নিসংযোগ কৰা খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ চৰজমিন তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।
সীমান্তৱৰ্তী এজন লোকে কয়, ‘‘দীৰ্ঘদিন ধৰি নগাই অসমৰ ভূমি দখল কৰি আহিছে ৷ কেতিয়াবা যদি লখিমীজান পাহাৰ কাটি ধ্বংস কৰিছে, আন কেতিয়াবা নগাই অসমৰ সীমান্তৱৰ্তী বনাঞ্চলত কৰিছে অগ্নি সংযোগ ৷ উদ্দেশ্য মাত্ৰ এটাই- বনাঞ্চলৰ মাটি দখল কৰা ।’’
নগা দুৰ্বৃত্তৰ এই কাৰ্যত স্থানীয় নগা প্ৰশাসনেও সহযোগ কৰে বুলি তেওঁ সংবাদ মাধ্যমৰ আগত অভিযোগ উত্থাপন কৰে । নগাই বাৰে বাৰে অসমৰ ওপৰত কৰা এনে কাৰ্যৰ বিৰুদ্ধে যোৰহাট জিলা প্ৰশাসনক বিহীত ব্যৱস্থা গ্ৰহণ কৰি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে আহ্বান জনায় ৷
উল্লেখ্য যে বিগত সময় ধৰি নগাই অসমৰ তিৰু হিলচ, দিচৈ আৰু দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ অধিকাংশ ভূমি দখল কৰি নিজৰ হাতলৈ নিলে ৷ এই অভিযোগ দীৰ্ঘদিনীয়া । ইফালে অসমৰ ভূমি নগালেণ্ডকে ধৰি কেইবাখনো চুবুৰীয়া ৰাজ্যই দখল কৰি থকা বুলি অসম চৰকাৰে বিধানসভাৰ মজিয়াতো উল্লেখ কৰিছিল ৷