ETV Bharat / state

জয়ৰ পাছত চলিল পাৰ্টী, তাৰ পাছত প্ৰাৰ্থীৰ প্ৰতিবাদ - ASSAM PANCHAYAT ELECTION RESULTS

সোণাৰিত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাত অনিয়মৰ অভিযোগ । জয়ী ঘোষণাৰ পাছতো তালিকাত কংগ্ৰেছ প্ৰাৰ্থীৰ নাম নহাৰ অভিযোগ ।

Allegations of irregularities in the vote counting in Panchayat election at Sonari
জয়ী ঘোষণাৰ পাছতো তালিকাত কংগ্ৰেছ প্ৰাৰ্থীৰ নাম নহাৰ অভিযোগ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 13, 2025 at 9:47 PM IST

Updated : May 13, 2025 at 11:23 PM IST

3 Min Read

ডিব্ৰুগড়: ৰাজ্যত শান্তিপূৰ্ণভাৱে সমাপ্ত হ'ল পঞ্চায়ত নিৰ্বাচন । দেওবাৰে পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হোৱা কোনো কোনো জিলাত সোমবাৰে পুৱালৈকে অনুষ্ঠিত হ'ল পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা । ইয়াৰ মাজতে চৰাইদেউ জিলাৰ সোণাৰিত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাত বিসংগতি হোৱাৰ অভিযোগ উত্থাপিত হৈছে । জয়ী ঘোষণাৰ পাছতো তালিকাত কংগ্ৰেছ প্ৰাৰ্থীৰ নাম নহাৰ অভিযোগ ।

দেওবাৰে নিশা জয়ী প্ৰাৰ্থীক সোমবাৰে পুৱা পৰাজিত ঘোষণা কৰা পাছতে সোণাৰিত আৰম্ভ হৈছে প্ৰতিবাদ । অভিযোগ অনুসৰি লংপতীয়া পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী প্ৰফুল্ল বৰুৱাই ৪৫৯ টা ভোট লাভ কৰাৰ বিপৰীতে অৰূপ বৰুৱা নামৰ প্ৰাৰ্থী গৰাকীয়ে ৪০৩ টা ভোট লাভ কৰাৰ দাবী কৰে প্ৰাৰ্থী গৰাকীয়ে ।

জয়ী ঘোষণাৰ পাছতো তালিকাত কংগ্ৰেছ প্ৰাৰ্থীৰ নাম নহাৰ অভিযোগ (ETV Bharat Assam)

ইয়াৰ পৰিপ্ৰেক্ষিতত দেওবাৰে নিশা কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী প্ৰফুল্ল বৰুৱাক বিজয়ী হোৱা বুলি ৰাজহুৱা হয় । কিন্তু ৰহস্যজনকভাৱে সোমবাৰে পুৱাৰ ভাগত চৰাইদেউ জিলা প্ৰশাসনে প্ৰকাশ কৰা বিজয়ী প্ৰাৰ্থীৰ তালিকাত প্ৰফুল্ল বৰুৱাৰ সলনি অৰূপ বৰুৱাৰ নাম উল্লেখ থকাক লৈ জিলা আয়ুক্তক লিখিত আবেদন দাখিল কৰে ভুক্তভোগী নিৰ্দলীয় প্ৰাৰ্থী প্ৰফুল্ল বৰুৱাই ।

ঘটনাক লৈ জিলা আয়ুক্তগৰাকীয়ে প্ৰাৰ্থীগৰাকীৰ লগতে সমৰ্থিতসকলক কোনো ধৰণৰ সদুত্তৰ দিব নোৱাৰিলে । কেৱল আদালতৰ কাষ চাপিবলৈ আহ্বান জনায় । কিন্তু এতিয়া সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে ভুক্তভোগী প্ৰাৰ্থীগৰাকীয়ে ।

পঞ্চায়ত নিৰ্বাচনৰ ভোটগণণাত অনিয়মৰ অভিযোগক লৈ চৰাইদেউ জিলা কংগ্ৰেছৰ লগতে ৰাইজৰ মাজত অসন্তুষ্টি । লংপতীয়া গাঁও পঞ্চায়তৰ আঠ নং ৱাৰ্ডৰ কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী প্ৰফুল্ল বৰুৱাৰ উপস্থিতিত ৰাইজে প্ৰতিবাদী সভা অনুষ্ঠিত কৰি ঘটনাৰ তদন্তৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ।

আজি ক্ষুব্ধ কংগ্ৰেছ কৰ্মী আৰু লংপতিয়াৰ একাংশ ৰাইজে বিষয়টোৰ প্ৰতিবাদ জনোৱাৰ লগতে জিলা আয়ুক্তক সাক্ষাৎ কৰি ইয়াৰ এক উচিত তদন্তৰ দাবী জনায় । অহা শুকুৰবাৰৰ ভিতৰত বিষয়টো সমাধান কৰাৰ আশ্বাস দিয়ে জিলা আয়ুক্তগৰাকীয়ে ।

প্ৰশাসনৰ ওপৰত আশ্বাস নোহোৱা হৈছে:

জয়লাভ কৰা পাছত চলিল পাৰ্টী, তাৰ পাছত প্ৰশাসনে প্ৰকাশ কৰা তালিকাত নিজৰ নাম দেখা নাপাই ক্ষোভ হতাশাত জৰ্জৰিত হৈ পৰা প্ৰাৰ্থী প্ৰফুল্ল বৰুৱাই কয়, "লংপতীয়া পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ পৰা ৪৫৯ টা ভোট লাভ কৰাৰ বিপৰীতে অৰূপ বৰুৱা নামৰ প্ৰাৰ্থীগৰাকীয়ে ৪০৩ টা ভোট লাভ কৰিছিল । কিন্তু কালি প্ৰশাসনে প্ৰকাশ কৰা তালিকাত মোৰ নাম নাহিল । ইয়াৰ পাছতে আয়ুক্তক অভিযোগ দিছো । আয়ুক্তই আদালতলৈ যাবলৈ কৈছে যদিও আদালতলৈ যাবলৈ মই সক্ষম নহয় । প্ৰশাসনৰ ওপৰত আশ্বাস নোহোৱা হৈছে ।"

আযুক্তই দিলে বিসংগতি দুৰ কৰাৰ আশ্বাস:

আজি ক্ষুব্ধ কংগ্ৰেছ কৰ্মী আৰু লংপতিয়াৰ একাংশ ৰাইজে বিষয়টোৰ প্ৰতিবাদ জনোৱাৰ লগতে জিলা আয়ুক্তক সাক্ষাৎ কৰি ইয়াৰ এক উচিত তদন্তৰ দাবী জনোৱা পাছতে জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী এগৰাকীয়ে কয়, "জয়লাভ কৰা প্ৰাৰ্থীৰ নামৰ সলনি পৰাজিত হোৱা প্ৰাৰ্থীৰ নাম অহাক লৈ বিসংগতিৰ সৃষ্টি হৈছে, তাক লৈ আয়ুক্তৰ সৈতে আলোচনাত মিলিত হ'লো । আয়ুক্তই আশ্বাস দিছে অহা শুকুৰবাৰৰ ভিতৰত বিষয়টো সমাধান কৰিব ।"

লগতে পঢ়ক: আমেৰিকাৰ ভূমিকাৰ প্ৰতিক্ৰিয়া বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে কেনেদৰে দিব ? প্ৰশ্ন গৌৰৱ গগৈৰ - GAURAV GOGOI ON US ACTIONS

ভোট পালে সমান সমান, অৱশেষত টছেৰে হ'ল ভাগ্য নিৰ্ণয় - ASSAM PANCHAYAT ELECTION RESULTS

Last Updated : May 13, 2025 at 11:23 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.