জীয়াঢলৰ খহনীয়া প্ৰতিৰোধৰ নামত ব্যাপক দুৰ্নীতি-অনিয়মৰ অভিযোগ - Erosion of Jiadhal River
Scam In Erosion Protection: অব্যাহত জীয়াঢল নদীত ব্যাপক খহনীয়া । আঁচনি লাভ কৰা ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ কৃষক মুক্তি সংগ্রাম সমিতিৰ । শীঘ্রে বিভাগীয় মন্ত্ৰী আৰু জিলা প্ৰশাসনক খহনীয়া পৰিদৰ্শন কৰি স্থায়ী সমাধানৰ আহ্বান জনায় কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

Published : June 28, 2024 at 2:28 PM IST
জোনাই, 28 জুন: আজিও অব্যাহত আছে খৰস্ৰোতা জীয়াঢল নদীৰ ব্যাপক খহনীয়া । নদীৰ এই তীব্ৰ খহনীয়াত জাহ গৈছে অঞ্চলটোৰ শতাধিক পৰিয়ালৰ খেতি পথাৰৰ লগতে হাজাৰৰো অধিক মূল্যৱান গছ-গছনি । ইফালে জীয়াঢল নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে প্ৰতি বছৰে চৰকাৰৰ পৰা বিভিন্ন আঁচনি ৰূপায়ন কৰা দেখা যায় কিন্তু কোনো এখন আঁচনিয়ে আজি পৰ্যন্ত খহনীয়া প্ৰতিৰোধ কৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ তোলে ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সম্পাদক দুৰ্গা বড়াই ।
ইয়াৰ বিপৰীতে আঁচনি ৰূপায়নৰ দায়িত্ব লাভ কৰা ঠিকাদাৰসকলে নিজৰ পকেট গৰম কৰাৰ লগতে সা-সম্পত্তি বৃদ্ধি কৰাত ব্যস্ত হৈ পৰে বুলি অভিযওগ তুলি গৰাখহনীয়া ৰোধৰ বাবে কোনো এজন ঠিকাদাৰে বিজ্ঞানসন্মতভাৱে কাম নকৰাৰ বাবে আজিও এই খহনীয়া অব্যাহত বুলি কয় ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সম্পাদকগৰাকীয়ে ।
লগতে পঢ়ক: এফালৰ পৰা শেষ কৰি গৈছে খহনীয়াই, কান্দোনত ভাগি পৰিছে ভুক্তভোগী - Massive Erosion
উল্লেখযোগ্য যে, বিগত কিছু বছৰত জীয়াঢল নদীৰ খহনীয়াত কুৰিখনৰো অধিক গাঁৱৰ ৰাইজৰ খেতি পথাৰ আৰু গছ-গছনি নদীৰ বুকুত জাহ গৈছে । ইয়াৰে সন্তপুৰ গাঁৱৰ লগতে কেঁচা কাঠনি, লালুকিজান, কমলপুৰ, মিলনপুৰ, জয়ৰামপুৰ আদি দাঁতি-কাষৰীয়া অঞ্চললৈ এতিয়া তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে জীয়াঢল নদীৰ খহনীয়াই ।
গতিকে অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰীৰ লগতে জিলা প্ৰশাসনে অতি শীঘ্ৰে খহনীয়া অঞ্চল পৰিদৰ্শন কৰি বিজ্ঞানসন্মতভাৱে খহনীয়া প্ৰতিৰোধৰ দাবী জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজি জিলাৰ যুটীয়া সম্পাদক দুৰ্গা বড়াই । অন্যথা অনাগত দিনত ভুক্তভোগী ৰাইজক লগত লৈ বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷

