গো-মাংস বিক্ৰীৰ অভিযোগ: কেইবাখনো হোটেলত আৰক্ষীৰ অভিযান
দীৰ্ঘদিন ধৰি মুকলিকৈ হোটেলত গো-মাংস বিক্ৰী । অভিযানৰ পিচতেই মোতায়েন কৰা হৈছে চিআৰপিএফ ।

Published : July 1, 2025 at 8:16 PM IST
মৰাণ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত ৰাজহুৱা স্থানত গো-মাংস উদ্ধাৰ হোৱা ঘটনাক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা স্থানত গো-মাংস ভক্ষণ কবিব নোৱাৰিব বুলি কঠোৰ নিৰ্দেশ দিয়াৰ লগতে মন্দিৰ, নামঘৰৰ পৰা ৫ কিলোমিটাৰ আঁতৰতহে গো-মাংস ভক্ষণ কৰিবলৈ আহ্বান জনাইছে । ইয়াৰ পিচতো বহুতেই চলাই আছে এই কাৰ্য । ইয়াৰ মাজতে আজি দ্বিতীয় ৰাজধানীত কেইবাখনো হোটেলত উদ্ধাৰ হৈছে গো-মাংস ।
গো-মাংস বিক্ৰী কৰাৰ অভিযোগত ডিব্ৰুগড়ৰ কেইবাখনো হোটেলত চলিল আৰক্ষীৰ অভিযান । মঙলবাৰে ডিব্ৰুগড় মহানগৰৰ কালিবাৰীস্থিত শামা হোটেল, পাঁচ আলিৰ কাইনাট হোটেল আৰু আফৰিন হোটেলত আৰক্ষীয়ে অভিযান চলায়। দীৰ্ঘদিন ধৰি মুকলিকৈ হোটেল কেইখনত গো-মাংস বিক্ৰী কৰি অহাৰ অভিযোগ উত্থাপিত হৈছিল । ইয়াৰ পাছতে আজি হোটেল কেইখনত ডিব্ৰুগড়ৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অতুল কুমাৰৰ লগতে আৰক্ষীৰ এটা দল উপস্থিত হৈ অভিযান চলায় । হোটেল কেইখনত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিছে বহুতো খাদ্য সামগ্ৰী ।
আৰক্ষীয়ে খাদ্য সামগ্ৰী জব্দ কৰিছে যদিও কোনো লোককে আটক কৰা নাই বুলি জানিব পৰা গৈছে। কিন্তু এই ঘটনা পোহৰলৈ অহাৰ পাছতে হোটেল কেইখনৰ নিৰাপত্তাৰ বাবে মোতায়েন কৰা হৈছে চিআৰপিএফ জোৱান । এই অভিযান সম্পৰ্কে ডিব্ৰুগড়ৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অতুল কুমাৰে কয়, "সমগ্ৰ ঘটনাক লৈ তদন্ত অব্যাহত আছে । বহুখিনি সামগ্ৰী উদ্ধাৰ কৰা হৈছে । হোটেল কৰ্তৃপক্ষৰ বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেই কথা পৰৱৰ্তী সময়ত জনোৱা হ'ব ।"

