ETV Bharat / state

আছু নেতাক প্ৰহাৰ কৰা আৰক্ষী বিষয়াক নিলম্বনৰ দাবীত উত্তাল জোনাই, থানা ঘেৰাও - POLICE BEATEN AASU LEADER

আৰক্ষীৰ বিৰুদ্ধে আছু নেতাক প্ৰহাৰৰ অভিযোগ । প্ৰশাসনক ১০ ঘন্টাৰ সময় বান্ধি দিলে ক্ষুব্ধ জনতাই ।

Allegations of beating up AASU leader against police
আৰক্ষীৰ বিৰুদ্ধে আছু নেতাক প্ৰহাৰৰ অভিযোগ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 12, 2025 at 2:17 PM IST

5 Min Read

জোনাই: জনহিত জনসেৱাৰ্থে নিয়োজিত অসম আৰক্ষীৰ বিৰুদ্ধে বৰ্বৰতা‌ৰ অভিযোগত উত্তাল জোনাই । ছাত্ৰনেতাৰ ওপৰত নৃশংসভাৱে আক্ৰমণ কৰা এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছে । এই ঘটনাক লৈ শনিবাৰে আছুৰ নেতৃত্বত হাজাৰ হাজাৰ লোকে থানা ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ।

জোনাইত যোৱানিশা সংঘটিত হোৱা এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এই উত্তপ্ত পৰিস্থিতিৰ । জোনাই মহকুমা আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাঙৰ বিৰুদ্ধে আছু নেতাক মাৰপিট কৰাৰ অভিযোগ উত্থাপিত হৈছে । অভিযোগ অনুসৰি বাহিৰ জোনাই আঞ্চলিক ছাত্র সন্থাৰ উপদেষ্টা চন্দ্ৰকান্ত বৰুৱাক আৰক্ষী বিষয়াগৰাকীয়ে প্ৰহাৰ কৰাত ছাত্ৰ নেতাজন গুৰুতৰভাৱে আহত হয় ।

আৰক্ষীৰ বিৰুদ্ধে আছু নেতাক প্ৰহাৰৰ অভিযোগ (ETV Bharat Assam)

আছু নেতাক চোৰ বুলি ক'লে আৰক্ষীয়ে :

প্ৰত্য়ক্ষদৰ্শীৰ অভিযোগ মতে, আৰক্ষীয়ে নিশা মন্দিৰৰ পৰা উঠাই আনি গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে ছাত্রনেতা চন্দ্ৰকান্ত বৰুৱাক । কোনো কাৰণ নোহোৱাকৈ আৰক্ষী বিষয়াগৰাকীয়ে লাঠিৰে প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে । শুকুৰবাৰে নিশা বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা চন্দ্ৰকান্ত বৰুৱাই এজন বন্ধুৰ সৈতে জোনাই সদৰৰ হনুমান মন্দিৰত চলি থকা নামকীৰ্তন উপভোগ কৰি থকাৰ সময়তে জোনাই আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাঙে গাড়ী ৰখাই ‘‘তহঁতে কি কৰিছ, চোৰ নেকি ?’’' বুলি বিভিন্ন গালি-গালাজ কৰাৰ লগতে মন্দিৰৰ সন্মুখৰ পৰা উঠাই নি এক অজ্ঞাত স্থানত প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰে ৷

আছু নেতাগৰাকীয়ে বাৰে বাৰে আৰক্ষী বিষয়াগৰাকীক কাকুতি মিনতি কৰাৰ পিছতো কোনো কথা নুশুনি লাঠিৰে ডিঙিৰ লগতে শৰীৰৰ বিভিন্ন অংগত গুৰুতৰভাৱে আঘাত কৰি আৰক্ষী থানালৈ আনে ৷ এই খবৰ বিয়পি পৰাৰ লগে লগে জোনাই আৰক্ষী থানাত ছাত্ৰ সন্থাৰ কৰ্মীসকলে পুৱতি নিশাই উপস্থিত হৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । জোনাই সদৰ আৰক্ষী থানাত অৱস্থান গ্ৰহণ কৰি আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

আনহাতে আছুৰ সহকাৰী সাধাৰণ সম্পাদক দীপক শৰ্মা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিত্ত সম্পাদক জ্ঞান শৰ্মা, ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাস, ধেমাজি জিলা আগছুৰ সভাপতি সুমৰাজ পুৰী, টাই আহোম যুৱ পৰিষদে ঘটনাৰ বুজ লৈ ঘটনাত জড়িত আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাঙক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে ।

ইফালে, গুৰুতৰভাৱে আহত ছাত্ৰ সন্থাৰ কৰ্মীজনক উন্নত চিকিৎসাৰ বাবে পুৱাই ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে ৷ ছাত্ৰনেতা চন্দ্ৰকান্ত বৰুৱাক আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি জোনাই দৈনিক বজাৰ বন্ধ ৰখা হয় । জোনাই সমজিলাৰ আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাঙক অতিশীঘ্রেই নিলম্বনৰ দাবীত ধেমাজি জিলা ছাত্ৰ সন্থাই থানাৰ সন্মুখত প্ৰতিবাদী এক কাৰ্যসূচী ৰূপায়ণ কৰে ।

প্ৰত্য়ক্ষদৰ্শীৰ ভাষ্য়:

এই সন্দৰ্ভত এজন প্ৰত্য়ক্ষদৰ্শী যুৱকে কয়, "মই লগতেই আছিলো । জোনাই বজাৰৰ মন্দিৰৰ সন্মুখতেই বহি আছিলো । আমাক আৰক্ষীয়ে মাতিছিল যদিও আমি শুনা নাছিলো । পিছত জোনাই থানাৰ আৰক্ষী বিষয়াগৰাকীয়ে আমাক মতাত আমি গ'লো । কি কৰি আছা বুলি আমাক সোধাত আমি এজন বন্ধুৰ বাবে অপেক্ষা কৰি থকা বুলি কওঁ । ইয়াৰ পিছতেই জোনাই আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাঙে আমাক চোৰ বুলি কোৱাত জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা চন্দ্ৰকান্ত বৰুৱাই কিয় চোৰ বুলি কৈছে বুলি প্ৰতিবাদ কৰাত তেওঁক প্ৰহাৰ কৰে ।"

প্ৰতিটো কোবৰ হিচাপ লাগিব !

এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছুৰ সভাপতি উৎপল শৰ্মাই কয়, "যোৱা নিশা বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা চন্দ্ৰকান্ত বৰুৱাক কোনোধৰণৰ কাৰণ নোহোৱাকৈ জোনাই মহকুমা আৰক্ষী বিষয়াই বৰ্বৰ অত্যাচাৰ কৰিছে । দাঁত ভাঙি গৈছে, ডিঙিত চিৰাল ফাট মেলিছে । সৰ্বশৰীৰত আঘাতৰ চিন ! এজন নিৰীহ যুৱকক এইদৰে প্ৰহাৰ কৰাৰ অধিকাৰ ক'ত পালে ? আৰক্ষী বিষয়াগৰাকীক গৰিহণা দিছো । তেওঁৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থাৰ দাবী জনাইছো । আৰক্ষীৰ নামত এনে গুণ্ডাগিৰি সহ্য কৰা নহ'ব । মুখ্যমন্ত্রী, ডিজিপিয়ে ব্যৱস্থা লওক; অন্যথা তীব্র আন্দোলন হ'ব ।" আছুৰ সভাপতিগৰাকীয়ে প্ৰতিটো কোবৰ হিচাপ লাগিব বুলিও আৰক্ষীক সকীয়াই দিয়ে ।

প্ৰতিবাদকাৰীসকলে দহ ঘন্টাৰ ভিতৰত সূৰ্যকান্ত মৰাঙক নিলম্বন কৰা আৰু দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ দাবীৰে জোনাই সমজিলাৰ আয়ুক্ত আনন্দ মালহোত্ৰাক ধেমাজি জিলা ছাত্ৰ সন্থা, লাচিত সেনা, টাই আহোম যুৱ ছাত্ৰ পৰিষদ, আক্ৰাছু গোৰ্খাৰ লগতে বিভিন্ন ছাত্ৰ সংগঠনে স্মাৰক পত্ৰ প্ৰদান কৰে ।

লগতে পঢ়ক:নিশা ছাত্ৰনেতাক দলবদ্ধ আক্ৰমণ কৰাক লৈ উত্তপ্ত পৰিস্থিতি, ক্ষমা খোজাৰ দাবী আছুৰ - GANG ATTACK ON AASU LEADER

আকৌ খিলঞ্জীয়াৰ ওপৰত অনা অসমীয়াৰ আক্ৰমণ ! আঠু ল'লে শ্বহীদ বেদীত - GANG ATTACK ON AASU LEADER

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.