ETV Bharat / state

কিমান বৰ্বৰ ভাৰ্গৱ বৰবৰা ?

পোহৰলৈ আহিছে বিতৰ্কিত ভাৰ্গৱ বৰবৰাৰ কু-কীৰ্তি । নিলম্বিত আৰক্ষী বিষয়াগৰাকীক কঠোৰ শাস্তিৰ দাবী গোৱালপাৰাৰ এটা ভুক্তভোগী পৰিয়ালৰ ।

Allegations against suspended police officer Bhargav Borbora
পোহৰলৈ আহিছে বিতৰ্কিত ভাৰ্গৱ বৰবৰাৰ কু-কীৰ্তি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 17, 2024 at 7:55 AM IST

2 Min Read
Choose ETV Bharat

গোৱালপাৰা: গুৱাহাটী কটন বিশ্ববিদ্যালয়ত অধ্যায়নৰত তথা ডেলিভাৰী বয় হিচাপে কৰ্মৰত জ্ঞানদ্বীপ হাজৰিকাক ৰাজপথত বর্বৰভাৱে আক্ৰমণ কৰা পানবজাৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া ভাৰ্গভ বৰবৰাৰ বিৰুদ্ধে উত্থাপন হৈছে আন এক গুৰুতৰ অভিযোগ । গোৱালপাৰাৰ এটি দৰিদ্ৰ পৰিয়ালে তুলিছে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বৰবৰাৰ বিৰুদ্ধে ।

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ নিলম্বনৰ পিছতেই ন ন তথ্য পোহৰলৈ আহিছে । গোৱালপাৰাৰ পৰিয়ালটোৰ অভিযোগ অনুসৰি ২০১৫ চনত তদানীন্তন গোৱালপাৰা চহৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাৰ্গৱ বৰবৰাই চহৰৰ পাহাৰতলীৰ লোহিত কছাৰী নামৰ যুৱক এজনক সুৰাসক্ত অৱস্থাত দেখি গোৱালপাৰা টাউন আৰক্ষীৰ লকআপত ভৰাই থৈ ওৰে নিশা মাৰপিট কৰিছিল ।

পোহৰলৈ আহিছে বিতৰ্কিত ভাৰ্গৱ বৰবৰাৰ কু-কীৰ্তি (ETV Bharat Assam)

পাছত যুৱকজনৰ মৃতদেহ ৰহস্যজনকভাৱে পুৱা উদ্ধাৰ হৈছিল ব্ৰহ্মপুত্ৰৰ পাৰত । তাৰ পাছত পৰিয়াল তথা ৰাইজে লকআপত সুৰাসক্ত যুৱকজনক নিৰ্মম প্ৰহাৰ কৰি হত্যা কৰি ৰহস্যজনকভাৱে মৃতদেহ পেলাই দিয়াৰ অভিযোগ তুলি চহৰ আৰক্ষীৰ চকীৰ সন্মুখত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল । কিন্তু সেই সময়ত আৰক্ষীৰ শীৰ্ষ বিষয়াৰ প্ৰলোভনৰ আশ্বাসত ভোল গৈছিল দুৰ্ভগীয়া পৰিয়ালটো ।

কিন্তু পৰিতাপৰ বিষয় এয়া যে আজিলৈ ন্যায় নাপালে দৰিদ্ৰ পৰিয়ালটোৱে । ইফালে হঠাৎ আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ কাণ্ড দেখি নিজৰ ভাতৃৰ অকল্পনীয় মৃত্যুক সুৱৰি চকুলো টুকাৰ লগতে ভাৰ্গৱ বৰবৰাক কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে ভগ্নীয়ে । লোহিত কছাৰীক বৰ্বৰভাৱে হত্যা কৰি পৰিয়ালটোক ধ্বংস কৰা গোৱালপাৰাৰ দুৰ্ভগীয়া এই পৰিয়ালটোৱে সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰি ভাৰ্গভ বৰবৰাক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ দাবী উত্থাপন কৰিছে ।

লগতে পঢ়ক: যুৱকক প্ৰহাৰ কৰা পাণবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক নিলম্বন

নিৰীহৰ ওপৰত বীৰত্ব ! ইখনৰ পিছত সিখন এজাহাৰ ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে