আৰক্ষীৰ জিম্মাত তফাজ্জুলৰ মৃত্যু; গোচৰ উঠাই ল’বলৈ পৰিয়ালক টকা-ঘৰ-মাটিৰ প্ৰলোভন দিছিল কোনে ? - Dhing Rape Case
Custodial death of Dhing rape accused: ধিংকাণ্ডৰ অভিযুক্ত তফাজ্জুলৰ মৃত্যুৰ গোচৰ উঠাই ল’বলৈ পৰিয়ালক প্ৰলোভন দিয়াৰ অভিযোগ ৷ ঘৰ, মাটি, টকাৰ প্ৰলোভন দিয়া বুলি অভিযোগ পিতৃৰ ৷ দালালৰ জৰিয়তে এই প্ৰলোভন দিয়াইছে বুলি আৰক্ষীলৈ আঙুলি টোঁৱালে তফাজ্জুলৰ পিতৃয়ে ৷

Published : September 18, 2024 at 8:49 PM IST
নগাঁও, ১৮ ছেপ্টেম্বৰ: ৰাজ্যত এতিয়াও মাৰ যোৱা নাই ধিঙৰ কিশোৰী ধৰ্ষণক লৈ সৃষ্টি হোৱা চাঞ্চল্য । বিগত ২২ আগষ্টত ধিঙত সংঘটিত হোৱা কিশোৰী ধৰ্ষণৰ ঘটনাৰ এটা দিনৰ পিচতেই মূল অভিযুক্ত হিচাপে গণ্য কৰি নগাঁও আৰক্ষীয়ে কৰায়ত্ব কৰা ধিঙৰ তফাজ্জুল ইছলাম নামৰ এজন যুৱকৰ মৃত্যু হৈছিল আৰক্ষীৰ জিম্মাত । আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতেই পুখুৰীত পৰি অভিযুক্ত তফাজ্জুলৰ মৃত্যু হোৱা বুলি দাবী কৰিছিল নগাঁও আৰক্ষীয়ে ।
কিন্তু আৰক্ষীৰ দাবী সহজভাৱে মানি নোলোৱা তফাজ্জুলৰ পৰিয়ালৰ লোকে অৱশেষত কাষ চাপে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ । আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা অভিযুক্ত তফাজ্জুলৰ পৰিয়ালে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা লেখ আৱেদনৰ শুনানি ন্যায়ালয়ে গ্ৰহণ কৰাৰ পিচতেই সংবাদ মাধ্যমৰ সন্মুখতো আৰক্ষীৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰে তফাজ্জুলৰ পৰিয়াল ৷
কি কয় তফাজ্জুলৰ পৰিয়ালে ?
আৰক্ষীৰ জিম্মাত আৰক্ষীৰ অত্যাচাৰতেই তফাজ্জুলৰ মৃত্যু হোৱা বুলি ভয়ংকৰ অভিযোগ উত্থাপন কৰে মৃত তফাজ্জুলৰ বৃদ্ধ পিতৃয়ে ৷ সংবাদ মাধ্যমৰ সন্মুখত তফাজ্জুলৰ পিতৃ আব্দুল আউৱালে উল্লেখ কৰা অনুসৰি ধিঙত ধৰ্ষণৰ ঘটনা সমঘটিত হোৱাৰ দিনা তফাজ্জুলে বল খেলি নিশাৰ আহাৰ গ্ৰহণ কৰি ঘৰতেই নিদ্ৰাৰত অৱস্থাত থকাৰ সময়তেই ২৩ আগষ্টৰ পুৱতি নিশা শোৱাপোটীৰ পৰা আৰক্ষীয়ে উঠাই নিছিল তফাজ্জুলক । তাৰ পিচতেই দিনটো আৰক্ষীৰ জিম্মাত থকা তফাজ্জুলৰ পিচদিনা অৰ্থাৎ ২৪ আগষ্টৰ পুৱা ঘটনাৰ অনুসন্ধানৰ সময়ত পুখুৰীত পৰি মৃত্যু হোৱা বুলি আৰক্ষীয়ে খবৰ দিছিল পৰিয়ালৰ লোকক ।
কেৱল এয়াই নহয়, তফাজ্জুলৰ মৃত্যুৰ পিচত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন বিচাৰি আবেদন কৰাৰ পিচতো পৰিয়ালৰ লোকক মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন নিদিয়া বুলিও সংবাদ মাধ্যমক জনাইছিল গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰা তফাজ্জুলৰ পৰিয়ালৰ অধিবক্তা জোনাইদ খলিফে । আনকি, শেহতীয়াকৈ তফাজ্জুলৰ পৰিয়ালৰ লোকক গোচৰ প্ৰত্যাহাৰ কৰিবলৈ প্ৰলোভন তথা হেঁচা প্ৰয়োগ কৰা বুলিও নগাঁও আৰক্ষীৰ বিৰুদ্ধে অভিযোগ কৰে তফাজ্জুলৰ পৰিয়ালৰ লোকে ৷
গোচৰ মীমাংসাৰ বাবে মাটি-টকাৰ প্ৰলোভন দিয়াৰ অভিযোগ :
তফাজ্জুলৰ পিতৃয়ে উত্থাপন কৰিছে এক ভংকৰ অভিযোগ ৷ পুত্ৰৰ মৃত্যুৰ বাবে দাখিল কৰা গোচৰ উঠাই লোৱাৰ বাবে প্ৰলোভন দিয়া বুলি অভিযোগ উত্থাপন কৰিছে আব্দুল আৱালে ৷ তেওঁ কয়, ‘‘কেচটো উঠাই ল’বলৈ কৈছে ৷ তাৰ বাবে দুবিঘা মাটি আৰু ৫০ লাখ টকা দিব বুলি কৈছে ৷ ৫ টা ল’ৰা আছে, ৫ টা ঘৰ দিব ৷ মই কৈছোঁ- মোক ঘৰ, মাটি, টকা নালাগে ৷ দালাল কেইটামানে এই কথা কৈছে ৷ এছ পিয়ে ক’বলৈ লগাই দিছে ৷’’
মন্তব্য প্ৰকাশৰ পৰা বিৰত আৰক্ষী :
আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা ধিংকাণ্ডৰ অভিযুক্ত তফাজ্জুল ইছলামৰ মৃত্যুক লৈ তফাজ্জুলৰ পৰিয়ালৰ লোকে নগাঁও আৰক্ষীৰ বিৰুদ্ধে উত্থাপন বহুকেইটা অভিযোগ । কিন্তু এই অভিযোগ সন্দৰ্ভত নগাঁও আৰক্ষীৰ মন্তব্য গ্ৰহণৰ বাবে ইটিভি ভাৰতৰ তৰফৰ পৰা যোগাযোগ কৰা হৈছিল নগাঁও আৰক্ষীৰ সৈতে ৷ সমগ্ৰ ঘটনা সম্প্ৰতি ন্যায়ালয়ৰ বিচাৰাধীন হোৱা বাবেই বৰ্তমান কোনো মন্তব্য নকৰে নগাঁও আৰক্ষীয়ে । ঘটনাসমূহ তথ্য ন্যায়ালয়ত দাখিল কৰিব বুলি ই টিভি ভাৰতৰ সাংবাদিকক ফোনযোগে জনায় নগাঁও আৰক্ষীৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই ।
আৰক্ষীয়ে নোৱাৰিলে ! সংখ্যালঘু সংগঠনেহে আত্মসমৰ্পণ কৰোৱালে ধিঙৰ ধৰ্ষণকাণ্ডৰ দুই অভিযুক্তক

