সাৱধান ! চৰকাৰী স্বাস্থ্যকেন্দ্ৰৰ বিনামূলীয়া সামগ্ৰীয়ে প্ৰাণ কাঢ়িব পাৰে আপোনাৰ - Supply of expired Nutritious foods
Expired Nutritious foods Supply : মৰিয়নীৰ চেলেংহাট প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ম্যাদ উকলা পুষ্টিকৰ খাদ্য যোগানৰ অভিযোগ । ক্ষোভ প্ৰকাশ ভুক্তভোগীৰ ৷

Published : August 10, 2024 at 8:50 AM IST
যোৰহাট, 10 আগষ্ট : সাৱধান ! পুষ্টিকৰ খাদ্যয়েও প্ৰাণ কাঢ়িব পাৰে আপোনাৰ ! কিয়নো চৰকাৰী চিকিৎসালয়ৰ চিকিৎসা কৰ্মীয়ে এইবাৰ ৰোগীক ম্যাদ উকলা পুষ্টিকৰ খাদ্য ধৰাৰ অভিযোগ উত্থাপন হৈছে ৷ এই অপ্ৰত্যাশিত ঘটনাটো সংঘটিত হৈছে যোৰহাটৰ চেলেংহাট প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ৷
উল্লেখ্য যে, ৰাজ্যৰ স্বাস্থ্য বিভাগে প্ৰসূতি মাতৃসকলৰ বাবে প্ৰদান কৰি আহিছে পুষ্টিকৰ সামগ্ৰী ৷ ইয়াত আছে চিৰা-মুড়ি, গুৰ আৰু গাখীৰৰ পেকেট । এই বিনামূলীয়াকৈ চৰকাৰী স্বাস্থ্য কেন্দ্ৰত প্ৰদান কৰা এইসমূহ সামগ্ৰী অত্যন্ত নিম্নমানৰ হোৱাৰ লগতে খাদ্যৰ পেকেটত পোক ওলোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যোৰহাটৰ এজন ভুক্তভোগীয়ে ।
ভুক্তভোগীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, যোৰহাট মৰিয়নীৰ চেলেংহাট প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ববীতা চাহানী নামৰ এগৰাকী প্ৰসূতিয়ে সন্তান প্ৰসৱ কৰাৰ পিছত মাতৃগৰাকীক পুষ্টিকৰ আহাৰ হিচাপে স্বাস্থ্যকেন্দ্ৰটোত প্ৰদান কৰা হৈছিল চিৰা মুড়ি, গুৰ আৰু গাখীৰৰ পেকেট । কিন্তু চিৰা আৰু মুড়িৰ পেকেটৰ ভিতৰত পোক থকা বুলি প্ৰসূতিগৰাকীৰ আত্মীয়ই সংবাদ মাধ্যমৰ আগত কয় ।
তদুপৰি স্বাস্থ্যকেন্দ্ৰটোত যোগান ধৰা গাখীৰৰ পেকেটটোৰো ম্যাদ উকলি যোৱা বুলি উল্লেখ কৰি ক্ষোভ প্ৰকাশ কৰে প্ৰসূতিগৰাকীৰ আত্মীয় ।
সংবাদ মাধ্যমৰ আগত মত প্ৰকাশৰ পৰা বিৰত থাকে স্বাস্থ্যকেন্দ্ৰ কৰ্তৃপক্ষ
এই ঘটনা সংঘটিত হোৱা পিছতে স্বাস্থ্যকেন্দ্ৰটোৰ কোনো লোকে এই সম্পৰ্কত মন্তব্য প্ৰকাশৰ পৰা বিৰত থকাৰ অভিযোগ তুলিছে সচেতন লোকে । উল্লেখ্য যে, উক্ত স্বাস্থ্যকেন্দ্ৰটোৰ প্ৰসূতি কক্ষত ফেনৰ ব্যৱস্থাও নাই বুলি ভুক্তভোগীয়ে জনায় ।
প্ৰসূতি মাতৃৰ বাবে যোগান ধৰা খাদ্যত পোক আৰু ম্যাদ উকলি যোৱা ঘটনাটো প্ৰশাসনে কি দৰে গ্ৰহণ কৰে আৰু কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয় বিষয় ।

