সুলভ মূল্যৰ চাউল আত্মসাতৰ অভিযোগ সুুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে - Rice Corruption in Raha
Rice Scam in Raha: সুলভ মূল্যৰ চাউল হৰলুকি কৰাৰ অভিযোগ ব্যৱসায়ীৰ বিৰুদ্ধে ৷ হিতাধিকাৰীৰ চাউল আত্মসাৎ কৰাৰ অভিযোগ সুুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে ৷ উচিত তদন্তৰ দাবী ভুক্তভোগীৰ ৷

Published : July 3, 2024 at 10:20 AM IST
ৰহা, 3 জুলাই: ৰহাৰ জৰাবাৰী মৌজা সমবায় সমিতিত সুলভ মূল্যৰ চাউলৰ ক্ষেত্ৰত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ সমিতিৰ অন্তৰ্গত কাকতিগাঁও পদুমনিত বিনামূলীয়া চৰকাৰী চাউল বিতৰণৰ নামত বৃহৎ লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছে সুুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে ৷
উত্থাপিত অভিযোগ অনুসৰি, দৰিদ্ৰ লোকৰ বাবে চৰকাৰে যোগান ধৰা বিনামূলীয়া চাউল আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে পদুমনিৰ সুলভ মূল্যৰ দোকানী জমিৰুল হকৰ বিৰুদ্ধে ।
ভুক্তভোগী গ্ৰাহকসকলে তোলা অভিযোগ অনুসৰি প্ৰতিটো হিতাধিকাৰী পৰিয়ালে পাবলগীয়া চাউলৰ পৰা পাঁচ কিলো চাউল কমকৈ প্ৰদান কৰে সুলভ মূল্যৰ দোকানীজনে । এই সন্দৰ্ভত গ্ৰাহকসকল অৱগত হোৱাৰ পাচতে সুলভ মূল্যৰ দোকানীজনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ।
অভিযোগ অনুসৰি, শতাধিক ৰেচন কাৰ্ড থকা হিতাধিকাৰীৰ পৰা দোকানীজনে প্ৰতি মাহে 4/5 কেজিকৈ চাউল কমকৈ দি আহিছে । শেহতীয়াকৈ জুলাই মাহৰ বিনামূলীয়া চাউল নিবলৈ আহি পুনৰ পাঁচ কেজি চাউল কমকৈ পোৱাত জাঙুৰ খাই উঠে হিতাধিকাৰীসকল । সংবাদ মাধ্যমৰ সমুখতে চাউল জুখি উদঙাই দেখুৱাই দিলে ভুক্তভোগী গ্ৰাহকসকলে ।
উল্লেখ্য যে, যি সময়ত চৰকাৰে সুলভ মূল্যৰ চাউলৰ পৰা কোনো হিতাধিকাৰী বঞ্চিত নহয় তথা দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি গ্ৰহণ কৰা বুলি দাবী কৰি আহিছে সেই সময়তে এই ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।
আনপিনে, সুুলভ মূল্যৰ দোকানীজনে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা বুলি দাবী কৰিছে ।
ভুক্তভোগী গ্ৰাহকসকলে এই ঘটনাৰ উচিত তদন্ত দাবী কৰি দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ যোগান বিভাগ তথা প্ৰশাসনক আহ্বান জনাইছে ।

