ETV Bharat / state

বিশ্ব ৰেকৰ্ড বহুত হ'ল, এইবাৰ আন এটা ৰেকৰ্ড

একোখন ছোফাৰ ভাৰা ৩ লাখ ৷ ৰেড কাৰ্পেটৰ নামত ২০ লাখ ৷ বিহুনাচৰ গীনিজ বুক অৱ ৰেকৰ্ডছৰ নামত ১২.৬৮ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ ৷

Raijor Dal press meet
ৰাইজৰ দলৰ সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 28, 2025 at 9:35 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: গীনিজ বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত বিহুনাচ আৰু ঢোলবাদন অনুষ্ঠানৰ পেণ্ডেল, মঞ্চ, ছোফা, চকী আদি যোগানৰ নামত সংঘটিত হৈছে এক বিয়াগোম কেলেংকাৰী ।

বেকডেটেড নিবিদাৰ জৰিয়তে কিকি নামেৰে পৰিচিত ভূপিন্দৰ পাল সিং বাহিনীয়ে সৰকাই নিলে ৰাজকোষৰ ১২.৬৮ কোটি টকা । নীতিবহিৰ্ভূতভাৱে বিহু অনুষ্ঠানৰ ৫ মাহ ১৭ দিনৰ পাছত নিবিদা মুকলি কৰিছিল লোক নিৰ্মাণ বিভাগে ।

ৰাইজৰ দলৰ সংবাদমেল (ETV Bharat Assam)

আৰ টি আইৰ তথ্য ৰাজহুৱা কৰি এখন সংবাদমেলত এই বিয়াগোম অভিযোগ উত্থাপন কৰিলে ৰাইজৰ দলে । বিহুৰ বিশ্ব অভিলেখৰ গইনা লৈ সংঘটিত কৰা এই প্ৰকাণ্ড কেলেংকাৰী সন্দৰ্ভত শুকুৰবাৰে গুৱাহাটীৰ ২ নং মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ কেন্দ্ৰীয় কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি দলটোৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে কয়, "বিহুৰ বিশ্ব অভিলেখৰ নামত অস্থায়ী মঞ্চ, পেণ্ডেল নিৰ্মাণ আদিত মুঠ ১২ কোটি ৬৮ লাখ টকাৰ কেলেংকাৰী সংঘটিত হৈছে । লক্ষণীয় কথা এই যে বিহুৰ অনুষ্ঠান হৈ যোৱাৰ ৫ মাহ ১৭ দিনৰ পাছতহে দিয়া হৈছিল ৱৰ্ক অডাৰ । তদুপৰি লোকনিৰ্মাণ বিভাগে ১২,৬৮ কোটি টকাৰ নিবিদা আহ্বান কৰি নীতিবৰ্হিভূতভাৱে 'কিকি'খ্যাত ভূপিন্দৰ পাল সিং, গুলজাছ সিং, কমলজিৎ সিঙক দিছিল ঠিকাৰ কাম ।"

তেওঁ লগতে কয়, "বিহু অনুষ্ঠিত হৈছিল ২০২৩ চনৰ ১৪ এপ্ৰিলত আৰু নিবিদা দিয়া হৈছিল ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত ।" ৫ মাহৰ পাছত কেনেকৈ নিবিদা দিয়া হয় তাক লৈ প্ৰশ্ন উত্থাপন কৰে ৰাইজৰ দলে । ৰাইজৰ দলৰ নেতাগৰাকীয়ে এই কেলেংকাৰী সন্দৰ্ভত পুনৰ কয়, "এখন ছোফাৰ ভাৰা দিয়া হৈছে ৩ লাখ টকা । ৬ খন ছোফাৰ নামত ১৭ লাখ ৯২ হাজাৰ টকা খৰচ কৰা হৈছে । আনহাতে, ৰেড কাৰ্পেটৰ নামত খৰচ কৰা হৈছে ২০ লাখৰো অধিক টকা । তদুপৰি একেটা ঘৰৰ ৩জন মানুহক ঠিকা প্ৰদান কৰা হৈছে ।"

ব্যাপক অনিয়মৰ জৰিয়তে ৰাজকোষৰ ১২.৬৮ কোটি লুণ্ঠন হোৱাৰ অভিযোগ উত্থাপন কৰি ৰাইজৰ দলে সাহস আছে যদি মুখ্যমন্ত্ৰীক এই কেলেংকাৰীৰ উত্তৰ দিবলৈ আহ্বান জনায় । এই তিনিটা কোম্পানীকে ঝুমইৰ বিনন্দিনী আৰু এডভাণ্টেজ আছামৰ দায়িত্ব দিয়া হৈছে বুলি ৰাইজৰ দলৰ নেতা ৰাছেল হুছেইনে সংবাদমেলত অভিযোগ কৰে ।

লগতে পঢ়ক:ঝুমুইৰ নৃত্যৰ শিল্পী বাচনিত ধনৰ লেনদেনৰ অভিযোগ আটছাৰ - ASSAM JHUMUR DANCE WORLD RECORD