ETV Bharat / state

কৃষকৰ হুমুনিয়াহ; উৎপাদনৰ পূৰ্বেই পথাৰতে মৰহিছে শস্য

কৃষি বিভাগৰ উদাসীনতাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ কৃষকৰ ।

Crops destroy in the fields of Nagaon
নগাঁৱৰ কৃষ্ণাইঘাটৰত পথাৰতে মৰহিছে শষ্য় (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 18, 2025 at 2:37 PM IST

4 Min Read
Choose ETV Bharat

নগাঁও : কঁপালৰ ঘাম মাটিত পেলাই কৃষিকৰ্মক জীৱনৰ একমাত্ৰ উপাৰ্জনৰ পথ হিচাপে বাছি লোৱা কৃষকৰ হুমুনিয়াহ । গাঁঠিৰ ধন ভাঙি খেতি কৰি এতিয়া পথাৰতেই এগৰাকী খেতিয়কে কাঢ়িবলগীয়া হৈছে হুমুনিয়াহ । কৃষিকাৰ্যকে একমাত্ৰ উপাৰ্জন হিচাপে বাছি লৈ বৃহৎ লোকচানৰ সন্মুখীন হোৱা কৃষকে পথাৰৰ পৰাই ক্ষোভ উজাৰিছে চৰকাৰৰ বিৰুদ্ধে ।

নগাঁৱৰ কৃষ্ণাইঘাটৰ কৃষক জিতেন বৰাৰ এতিয়া হতাশা আৰু ক্ষোভৰ মাজত পথাৰতেই হা-হুমুনিয়াহ কাঢ়িবলগীয়া অৱস্থা হৈছে । নগাঁও চহৰৰ পৰা প্ৰায় ৮-১০ কিলোমিটাৰ দূৰত্বত অৱস্থিত কৃষ্ণাইঘাটৰ যমুনা জলাহ পথাৰত জিতেন বৰাই বিগত মাৰ্চৰ পৰা বিভিন্ন পাঁচলিৰ খেতি আৰম্ভ কৰিছিল; কিন্তু শস্য উৎপাদনৰ পূৰ্বেই গছ-গছনিবোৰ মৰিবলৈ আৰম্ভ কৰিছে, যাৰ ফলত তেওঁৰ সপোন আৰু আশা চূৰমাৰ হৈ পৰিছে ।

নগাঁৱৰ কৃষ্ণাইঘাটৰত পথাৰতে মৰহিছে শষ্য় (ETV Bharat Assam)

কৃষি বিভাগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ :

এই দুৰৱস্থাৰ মাজত কৃষি বিভাগৰ উদাসীনতাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে কৃষকজনে । জিতেন বৰাৰ পৰিয়ালৰ জীৱিকাৰ একমাত্ৰ ভৰসা কৃষি । কৃষ্ণাইঘাট বাইপাছৰ কাষৰ নিজৰ প্ৰায় পোন্ধৰ বিঘা কৃষিভূমিত তেওঁ বেঙেনা, তিয়ঁহ, ভোট জলকীয়াৰ লগতে বিভিন্ন পাচলিৰ খেতিৰে উপাৰ্জনৰ সপোন দেখিছিল ।

পৰিয়ালৰ মুখত হাঁহি বিৰিঙাবলৈ কঁপালৰ ঘাম মাটিত পেলাইছিল এইগৰাকী কৃষকে; কিন্তু তেওঁৰ কঠোৰ পৰিশ্ৰমৰ এতিয়া কোনো ফল নোপোৱাৰ উপক্ৰম হৈছে । কৃষি পথাৰৰ বিভিন্ন পাঁচলিৰ গছবোৰ ক্ৰমান্বয়ে শস্য উৎপাদনৰ পূৰ্বেই মৰিবলৈ আৰম্ভ কৰিছে । ফলত তেওঁৰ আৰ্থিক অৱস্থা সংকটৰ মুখত পৰিছে ।

এই সন্দৰ্ভত ইটিভি ভাৰতৰ সন্মুখত কৃষক জিতেন বৰাই কয়, “মই মোৰ সকলো সঞ্চয় খৰচ কৰি দুপইচা উপাৰ্জনৰ বাবে এই খেতি কৰিছিলো । পৰিয়াল পোহাৰ আশাত পথাৰত দিন-ৰাতি পৰিশ্ৰম কৰিছিলো । সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে খেতি কৰি এতিয়া যেন বিপদত পৰিবলগীয়া হৈছে ।”

কৃষকজনে তেওঁৰ এই দুৰৱস্থাৰ কথা নগাঁও কৃষি বিভাগক অৱগত কৰাৰ কথাও উল্লেখ কৰি কৃষি বিভাগ তথা চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে । গছপুলি মৰি যোৱা সন্দৰ্ভত কৃষি বিভাগক অৱগত কৰোৱাৰ পাছত কৃষি বিভাগে পৰীক্ষাৰ বাবে এজোপাকৈ গছৰ নমুনা সংগ্ৰহ কৰিছিল; কিন্তু ইমানতেই বিয়াগোম কৃষি বিভাগে দায়িত্ব সামৰা বুলি অভিযোগ উত্থাপন কৰি আজি পৰ্যন্ত গছপুলি মৃত্যুৰ কাৰণ জনোৱা নাই বুলি কয় কৃষকজনে ।

চৰকাৰ তথা কৃষি বিভাগৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰা জিতেন বৰাৰ হতাশা আৰু অসহায় অৱস্থাৰ বিষয়ে খবৰ ল’বলৈয়ো কৃষি বিভাগে আহৰি নোপোৱা বুলিয়েই উল্লেখ কৰি কয়, “এতিয়া গছবোৰ মৰি যোৱাত মোৰ সকলো শেষ হৈ গ’ল । এতিয়া কি কৰিম, ক’লৈ যাম কাক ক’ম ?”

পৰামৰ্শ আগবঢ়ায়ে সামৰিলে দায়িত্ব :

সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে পথাৰত জিতেন বৰাই কৰা খেতিৰ গছবোৰ মৰাৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই । কীট-পতংগৰ আক্ৰমণ, মাটিৰ গুণাগুণৰ অভাৱ, পানীৰ সমস্যা নে অন্য কোনো কাৰণত গছবোৰ মৰিবলৈ ধৰিছে এই বিষয়ে কৃষি বিভাগৰ পৰা কোনো পৰীক্ষা বা সমাধানৰ পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই । মাত্ৰ বিভাগটোৰ এগৰাকী কৰ্মীয়ে এবিধ ঔষধ ক্ৰয় কৰি ব্যৱহাৰ কৰিবলৈ কৃষকগৰাকীৰ পৰিয়ালৰ লোকক পৰামৰ্শ দিয়াৰ কথা উল্লেখ কৰে জিতেন বৰাই ।

কেৱল জিতেন বৰাই নহয়, এইখন পথাৰত খেতি কৰা বহু কৃষকৰে একেই অৱস্থা । চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি জিতেন বৰাই কয়, “চৰকাৰে কৃষকৰ বাবে বিভিন্ন আঁচনিৰ কথা কয়, কিন্তু আমাৰ দৰে সাধাৰণ কৃষকৰ ওচৰলৈ সেই সহায় কেতিয়াও নাহে । আমি কষ্ট কৰি খেতি কৰো, কিন্তু যেতিয়া লোকচান হয়, তেতিয়া আমাক কোনো সহায় কৰিবলৈ নাহে।”

অৱশ্যে এই সন্দৰ্ভত কৃষি বিভাগে কোনো স্পষ্ট মন্তব্য কৰা নাই । জিতেন বৰাৰ দৰে বহু কৃষকে কৃষি বিভাগৰ পৰা কোনো সা-সুবিধা লাভ নকৰাৰ ফলত সংকটত পৰাটো কোনো নতুন কথা নহয় । তেওঁলোকৰ এই কষ্ট সমাধানৰ বাবে কৃষি বিভাগ তথা চৰকাৰ তথা বিয়াগোম বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ।

লগতে পঢ়ক:নেতৃত্বত এগৰাকী মহিলা: একেডৰা মাটিত তিনিটাকৈ খেতিৰে অপূৰ্ব নিদৰ্শন ৰঙিয়াৰ এইসকল কৃষকৰ - AGRI REVOLUTION IN RANGIA

দূৰ-দূৰণিলৈ কেৱল মাকৈ আৰু মাকৈ... গোমধানজোপায়ো পেৰা ভৰাব পাৰে কৃষকৰ - AGRICULTURAL REVOLUTION IN DHEMAJI