ETV Bharat / state

প্ৰকৃত কৃষকক বঞ্চিত কৰি বিধায়কপুত্ৰক চৰকাৰী আঁচনিৰ সুবিধা প্ৰদানৰ অভিযোগ - Allegation of Irregularities

Allegation of irregularities : জিলা কৃষি বিভাগৰ চৰম গাফিলতি তথা অনিয়মৰ বাবে প্ৰকৃত কৃষক চৰকাৰী আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ কৃষকক বঞ্চিত কৰি বিধায়কপুত্ৰই চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰাৰ অভিযোগ ৷

HILAKANDI DISTRICT AGRICULTURE DEPT
জিলা কৃষি বিভাগৰ চৰম গাফিলতি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 17, 2024 at 10:46 PM IST

2 Min Read
Choose ETV Bharat

কৰিমগঞ্জ, 17 আগষ্ট : হাইলাকান্দি জিলা কৃষি বিভাগৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ ৷ জিলা কৃষি বিভাগৰ চৰম গাফিলতি তথা অনিয়মৰ বাবে প্ৰকৃত কৃষক চৰকাৰী আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি চৰকাৰী আঁচনিৰ পাৱাৰটিলাৰ লাভৰ পৰা প্ৰকৃত কৃষকক বঞ্চিত কৰি বিধায়কৰ পুত্ৰক প্ৰদান কৰিছে এই আঁচনিৰ সুবিধা ৷

বিধায়ক পুত্ৰক চৰকাৰী আঁচনিৰ সুবিধা প্ৰদানৰ অভিযোগ (ETV Bharat Assam)

অভিযোগ অনুসৰি প্ৰকৃত কৃষকক বঞ্চিত কৰি চৰকাৰী আঁচনিৰ পাৱাৰটিলাৰ বিতৰণৰ তালিকাত নাম আহিছে হাইলাকান্দি সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন লস্কৰৰ পুত্ৰ জাহাংগীৰ আলাহি লস্কৰৰ ৷ বিলাসী গাড়ী তথা বিলাসী জীৱন-যাপন কৰা এইজন বিধায়কপুত্ৰ জাহাংগীৰ আলাহি লস্কৰে কেনেকৈ এই আঁচনিৰ সুবিধা লাভ কৰিছে তাকে লৈ প্ৰশ্ন উত্থাপন কৰিছে বঞ্চিত কৃষকে ৷

ইফালে হাইলাকান্দি জিলা কৃষি বিষয়া আব্দুল বাতেনৰ ভাইৰেল হোৱা এটা বিশেষ ফোন ৰেকৰ্ডিঙে আৰু অধিক ৰহস্যৰ সৃষ্টি কৰিছে ৷ হাইলাকান্দি জিলাৰ কৃষি বিষয়া আব্দুল বাতেনৰ ফোন কল ৰেকৰ্ডিঙক লৈ ইতিমধ্যে চাঞ্চল্যৰ সৃষ্টি হৈছে জিলাখনত ৷ জানিব পৰা মতে এইজন বিধায়কপুত্ৰ জাহাংগীৰ আলাহি লস্কৰে মাটিজুৰি য়ুথ ফার্মাৰ প্ৰডিউছাৰ কোম্পানী লিমিটেড নামেৰে চৰকাৰী আঁচনি অধীনত পাৱাৰটিলাৰৰ অনুমোদন পায় ৷ ইতিমধ্যে এই ঘটনাক লৈ ক্ষোভিত হৈ পৰিছে জিলাখনৰ বঞ্চিত কৃষক তথা প্ৰকৃত হিতাধিকাৰী ৷ সেয়েহে এই ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে তেওঁলোকে ৷ এই ঘটনাক লৈ বিধায়ক আৰু জিলা কৃষি বিষয়াৰ বিৰুদ্ধে উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণৰো দাবী কৰিছে ক্ষোভিত কৃষকসকলে ৷

লগতে পঢ়ক : প্ৰৱঞ্চকক গ্ৰেপ্তাৰৰ পিছতে হাহাকাৰ লাগিল ভুক্তভোগী গ্ৰাহকৰ মাজত - Fraudster in Assam