দুৰ্নীতি সাংসদ পুঁজিত নে পঞ্চায়তৰ এম জি এনেৰেগাত ? - Scam in road construction
MGNREGA: নগাঁৱত এটি পথ নিৰ্মাণক লৈ সৃষ্টি হৈছে সংঘাত । একেটা পথ নিৰ্মাণৰ বাবদ সাংসদ পুঁজিৰ লগতে পঞ্চায়তৰ এম জি এনেৰেগা আঁচনিৰ পৰাও আৱণ্টিত হৈছে পুঁজি । পথটো নিৰ্মাণৰ নামত এতিয়া উত্থাপন হৈছে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ- প্ৰতি অভিযোগ। পথ নিৰ্মাণৰ নামত কোনে উদৰস্থ কৰিলে ধন ?

Published : July 13, 2024 at 10:19 PM IST
নগাঁও, ১৩ জুলাই: নগাঁও চহৰৰ সমীপৱৰ্তী এটা পথ নিৰ্মাণক লৈ সৃষ্টি হৈছে অৰিয়াঅৰিৰ । আনকি পথটো নিৰ্মাণৰ নামত প্ৰদ্যুৎ বৰলদৈৰ সাংসদ পুঁজি আৰু গাঁও পঞ্চায়তৰ এম জি এনেৰেগা আঁচনিৰ ধন আত্মসাতৰ অভিযোগ-প্রতি অভিযোগ উত্থাপিত হৈছে । নগাঁৱৰ টাউন তেলিয়াগাঁৱৰ নামঘৰ পথ নিৰ্মাণৰ নামত সাংসদ পুঁজিৰ পৰা দহ লাখ টকা আবন্টন হোৱাৰ বিপৰীতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এম জি এনেৰেগা আঁচনিৰ পৰা আৱণ্টিত হয় প্ৰায় 17 লাখ টকা । কিন্তু পথটো নিৰ্মাণৰ নামত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ঘনিষ্ঠ কংগ্ৰেছ নেতা ভাস্কৰ গোস্বামীৰ বিৰুদ্ধে সাংসদ পুঁজিৰ ধনৰ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় একাংশই ।
স্থানীয় লোকে উত্থাপন কৰা অভিযোগ অনুসৰি পঞ্চায়তৰ এম জি এনেৰেগা আঁচনিৰ ধনেৰে নিৰ্মাণ কৰা পথটোৰ নিৰ্মাণকাৰ্য দেখুৱাই সাংসদ পুঁজিৰ মুঠ দহ লাখ টকাৰ পৰা সাত লাখ 50 হাজাৰ টকা ইতিমধ্যেই মোকোলাই নিছে । কোনো কাম নকৰাকৈয়ে সাংসদ পুঁজিৰ ধন আত্মসাৎ কৰা বুলি কংগ্ৰেছ নেতা ভাস্কৰ গোস্বামীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ।
লগতে পঢ়ক: ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে খালী হ’ব কংগ্ৰেছ : মুখ্যমন্ত্ৰীৰ ভৱিষ্যদ্বাণী
ইয়াৰ বিপৰীতে চলিত বৰ্ষৰ জানুৱাৰীতে পথটো নিৰ্মাণৰ বাবে সাংসদ পুঁজিৰ পৰা অনুমোদন লাভ কৰাৰ পাচত ফেব্ৰুৱাৰীত সাংসদ পুঁজিৰ ধনেৰে পথটো নিৰ্মাণৰ কাম কৰিছিল বুলি দাবী কৰে কংগ্ৰেছ নেতা ভাস্কৰ গোস্বামীয়ে । সাংসদ পুঁজিৰ ধনেৰে নিৰ্মাণ কৰা পথটো দেখুৱাই এম জি এনেৰেগা আঁচনিৰ ধনৰ দুৰ্নীতি সংঘটিত কৰা বুলি পঞ্চায়তৰ বিৰুদ্ধে ওলোটাই অভিযোগ উত্থাপন কৰে কংগ্ৰেছ নেতা ভাস্কৰ গোস্বামীয়ে ।
পঞ্চায়তেই হওঁক অথৱা সাংসদ পুঁজিতেই হওঁক একেটা পথ নিৰ্মাণৰ নামত দুটাকৈ পুঁজিৰ ধন আবন্টন হোৱাত দুৰ্নীতি যে সংঘটিত হৈছে এয়া একপ্ৰকাৰ নিশ্চত বুলি দাবী কৰিছে স্থানীয় আন একাংশ লোকে । এতিয়া দুয়োটা পুঁজিৰ এক নিৰপেক্ষ তদন্ত হ'লেহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা ।
লগতে পঢ়ক: অসমৰ চৰকাৰী চাকৰিত 100 শতাংশ থলুৱা যুৱক-যুৱতীৰ নিযুক্তি নিশ্চিত কৰাৰ দাবী অজাপৰ

