ETV Bharat / state

সুৰাত মগন আৰক্ষীৰ অভব্য আচৰণ; নিশা এটা পৰিয়াললৈ গৈ নিৰ্যাতন চলোৱাৰ অভিযোগ

নিশা সুৰাৰ ৰাগীত মাতাল আৰক্ষী বিষয়াৰ অভব্য আচৰণ । আলফাৰ নামত হোৱা এনকাউণ্টাৰ ঘটনাৰ সোধা-পোছাৰ বাবে এটা পৰিয়ালত নিশা গৈ নিৰ্যাতন চলোৱাৰ অভিযোগ ।

moran encounter case
মৰাণত সুৰাসক্ত আৰক্ষীয়ে নিশা এটা পৰিয়ালত নিৰ্যাতন চলোৱাৰ অভিযোগ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 26, 2024 at 11:58 AM IST

3 Min Read
Choose ETV Bharat

মৰাণ : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীৰ লোকসকলক সংযম ৰক্ষা কৰি ৰাইজৰ সৈতে বন্ধুত্বসুলভ আচৰণ কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতো যেন চৰিত্ৰ সলনি হোৱা নাই একাংশ আৰক্ষীৰ । মৰাণত বুধবাৰে নিশা এজন মাতাল আৰক্ষী বিষয়াই এক প্ৰকাৰৰ অংগুষ্ঠ প্ৰদৰ্শন কৰিলে মুখ্যমন্ত্ৰীৰ নিৰ্দেশক ।

ৰাজপথত সুৰা সেৱন কৰা চালকৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই থকাৰ সময়তে আলফাৰ নামত হোৱা এনকাউণ্টাৰ ঘটনাৰ সোধা-পোচাৰ বাবে এটা পৰিয়াললৈ গৈ সুৰামত্ত আৰক্ষীয়ে নিশা নিৰ্যাতন চলোৱাৰ অভিযোগ । ঘটনা অনুসৰি, বুধবাৰে নিশা প্ৰায় ১০ বজাত মৰাণ খটখটিৰ খেলমাটি গাঁৱৰ ৰাহুল হাজৰিকাৰ ঘৰলৈ যায় আৰক্ষীৰ এটা বৃহৎ দল । আৰক্ষীৰ দলটোত আছিল নাজিৰাৰ চি আই । তেওঁ নিজে নাজিৰাৰ চি আই বুলি পৰিচয় দিয়ে । তালৈ যোৱাৰ কাৰণ আছিল দুমাহমান পূৰ্বে খটখটিৰ ৰাহুল হাজৰিকাক এনকাউণ্টাৰ কৰি পংগু কৰিছিল আৰক্ষীয়ে ।

মৰাণত সুৰাসক্ত আৰক্ষীয়ে নিশা এটা পৰিয়ালত নিৰ্যাতন চলোৱাৰ অভিযোগ (ETV Bharat Assam)

এই এনকাউণ্টাৰৰ ঘটনাক পৰিয়ালৰ লোকে ভুৱা এনকাউণ্টাৰ বুলি অভিযোগ তুলি আৰক্ষীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে । ইয়াৰ ভিত্তিতে বুধবাৰে নিশা নাজিৰাৰ চি আইৰ সহিতে আৰক্ষীৰ দলে ৰাহুলক সোধা-পোছাৰ বাবে পৰিয়ালটোৰ ওচৰলৈ যায় । কিন্তু মহিলা সদস্য থকা পৰিয়ালটোলৈ যোৱা নাছিল এগৰাকীও মহিলা আৰক্ষী ।

ইফালে নিজকে চি আই বুলি পৰিচয় দিয়া আৰক্ষী বিষয়াজনে মাতাল অৱস্থাত পৰিয়ালটোৰ সদস্যসকলক বিভিন্ন দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ উঠিছে । আনহাতে, আৰক্ষী বিষয়াগৰাকী সুৰামত্ত অৱস্থাত থকা বাবে ৰাহুলক সোধা-পোছা কৰাৰ অনুমতি নিদিলে পৰিয়ালটোৱে । ফলত পৰিয়ালটোক গালি-গালাজ কৰি আৰু এই ঘটনা তদন্ত কৰা নহ'ব বুলি কয় । লগতে মাতাল আৰক্ষী বিষয়াগৰাকীয়ে যাবৰ সময়ত খ্ৰীষ্টমাছ খাবলৈ অহা বুলিও পৰিয়ালটোক কৈ যায় । ইফালে আৰক্ষী বিষয়াজনৰ আচৰণক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

কেনেকৈ এনকাউণ্টাৰ হৈছিল ৰাহুল হাজৰিকাৰ

এই বৰ্ষৰ লক্ষ্মীপূজাৰ দিনাই আলফাৰ লগত জড়িতৰ অভিযোগত ৰাহুলক এনকাউণ্টাৰ কৰিছিল আৰক্ষীয়ে । শিৱসাগৰৰ বকতা শ'লগুৰিত পুৱতিনিশা সংঘটিত হৈছিল এনকাউণ্টাৰৰ ঘটনাটো । মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত খটখটি খেলমাটি গাঁও নিবাসী ৰাহুল হাজৰিকা ওৰফে লাডেন হাজৰিকাক আৰক্ষীয়ে আলফাৰ লিংকমেনৰ সন্দেহত নিশা ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ।

জানিব পৰা অনুসৰি, বকতা, ডিমৌ, মৰাণ আৰু শিৱসাগৰ আৰক্ষীয়ে লাডেনক থানালৈ আনি থকা অৱস্থাত থানাৰ গাড়ীখন যান্ত্ৰিক বিজুতি ঘটাত ৰাহুল হাজৰিকা ওৰফে লাডেন হাজৰিকাই আৰক্ষীৰ বেহু ভাঙি পলাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে ভৰিত গুলী মাৰে । গুলীবিদ্ধ হোৱা ৰাহুল হাজৰিকা ওৰফে লাডেন হাজৰিকাক ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰি চিকিৎসা কৰা হৈছিল যদিও গুলীবিদ্ধ ভৰিখন কাটি পেলাবলগা হয় । পৰৱৰ্তী সময়ত এই এনকাউণ্টাৰক পৰিয়ালৰ লোকে ভুৱা এনকাউণ্টাৰ অভিযোগ তুলি আৰক্ষীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ।

লগতে পঢ়ক :নৰখাদকৰ আতংকত কলিয়াবৰ দৰ্শনৰ পৰা বঞ্চিত বিদেশী পৰ্যটক - TIGER SCARES AT KALIABOR
লগতে পঢ়ক :অপৰাধৰ অভিলেখেৰে বিদায়ী বৰ্ষটো - YEARENDER 2024