অনাথ আশ্ৰমৰ ঠাইত বিলাসী হোটেল; পুনৰ এবাৰ বিতৰ্কৰ মাজত দেৱলাল গাৰ্লোচা
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাৰ বিৰুদ্ধে এটাৰ পিছত আনটো কেলেংকাৰীৰ অভিযোগ ৷ পিছে কিমান দূৰ সত্য এই অভিযোগসমূহ ?

Published : July 29, 2025 at 5:24 PM IST
হাফলং : কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰে নিৰ্মাণ কৰা অনাথ আশ্ৰম ভাঙি সেই স্থানত নিৰ্মাণ বিলাসী হোটেল ৷ এই অভিযোগ উত্থাপন হৈছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাৰ বিৰুদ্ধে ।
প্ৰাপ্ত তথ্য অনুসৰি, ডিমা হাছাওত সমাজ কল্যাণ বিভাগৰ অধীনত অনাথ শিশুসকলৰ বাবে নিৰ্মাণ কৰা হৈছিল এখন অনাথ আশ্ৰম । ২০২১ চনৰ ২৬ জুলাইত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিছিল এই অনাথ আশ্ৰমখন । উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল মন্ত্ৰী পীযুষ হাজৰীকা, নন্দিতা গাৰ্লোচা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচা আদি ৷
এই অনাথ আশ্ৰমখন মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰাৰ এক বছৰ পিছতে ভাঙি তাৰ স্থানত বিলাসী হোটেল নিৰ্মাণৰ যো-জা চলাইছিল উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদে । সেই সময়ত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ কংগ্ৰেছ সদস্য ডেনিয়েল লাংথাচাই এই অনাথ আশ্ৰমত এটাও শিশু নথকাৰ বাবে গুৱাহাটীৰ ঠিকাদাৰে হোটেল নিৰ্মাণ কৰাৰ কাম আৰম্ভ কৰিছে বুলি অভিযোগ তুলি সমাজ কল্যাণ বিভাগলৈ প্ৰেৰণ কৰিছিল এখন পত্ৰ ।
অনাথ আশ্ৰমৰ স্থানত হোটেল নিৰ্মাণ
অৱশ্যে এই পত্ৰ প্ৰেৰণৰ প্ৰায় চাৰি বছৰ পিছতহে ডেনিয়েল লাংথাচাৰ অভিযোগ সত্য প্ৰমাণিত হয় ৷ অনাথ আশ্ৰমখনৰ স্থানত সদম্ভে থিয় দিয়ে এখন বিলাসী হোটেলে ৷ শেহতীয়াকৈ সাধাৰণ ৰাইজৰ বাবে এই হোটেল মুকলি কৰিছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই ।
এন এল চি পি আৰ আঁচনিৰ অধীনত চি জে এম আদালতৰ ওচৰতে থকা জাতিংগাৰ ছিবাৰাই হাডিঙত ২,৯৮,৪৮০০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা চৰকাৰী অনাথ আশ্ৰমৰ ভৱনটো উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদে ভাঙি এখন বিলাসী হোটেললৈ ৰূপান্তৰিত কৰে ।

এই অনাথ আশ্ৰমৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২.৬৮ কোটি টকা আৰু ৰাজ্য চৰকাৰে ২৯.৮৫ লাখ টকাৰ পুঁজি আবণ্টন দিছিল ৷ অনাথ আশ্ৰমৰ গৃহ আৰু তাত থকা সদস্যসকলৰ বাবে এক ভ’কেচনেল কেন্দ্ৰ স্থাপনৰ বাবদহে মুকলি কৰি দিয়া হৈছিল এই পুঁজি । বিগত প্ৰায় দহ বছৰ পূৰ্বে অৰ্থাৎ ২০১৩ চনৰ ২৯ জুনত এই আঁচনিয়ে অনুমোদন লাভ কৰিছিল ।
সচেতন মহলত প্ৰতিক্ৰিয়া
এই সমগ্ৰ কথাটোৱে সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ অনাথ আশ্ৰমৰ চৰকাৰী পুঁজিৰ দ্বাৰা নিৰ্মিত এই হোটেলখন এতিয়া কোনে চলাব ? এই মুহূৰ্তত এয়া হৈ পৰিছে এক লাখটকীয়া প্ৰশ্ন ৷ খোদ মুখ্যমন্ত্ৰীয়ে মুকলি কৰা এটা চৰকাৰী প্ৰকল্প ধ্বংস কৰাৰ পৰা আৰম্ভ কৰি ব্যক্তিগত মুনাফা লাভৰ স্বাৰ্থত হোটেল নিৰ্মাণ কৰালৈকে এই সকলো কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে দেৱলাল গাৰ্লোচাৰ বিৰুদ্ধে ৷
বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰাক্তন বিধায়ক তথা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য সমৰজিত হাফলংবাৰে কয়, ‘‘দেওবাৰে যি হোটেল উদ্বোধন কৰা হৈছে, ইয়াৰ বাবে আনন্দিত হৈছো ৷ পৰ্যটকৰ সুবিধাৰ বাবে ই এক ভাল পদক্ষেপ । কিন্তু কেনেদৰে জনতাৰ টেক্স দিয়া পুঁজি অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ এন এল চি পি আৰ পুঁজিৰ দ্বাৰা যিসকল ল’ৰা-ছোৱালীৰ পিতৃ-মাতৃ নাই তেওঁলোকৰ বাবে নিৰ্মাণ কৰা অনাথ আশ্ৰম এখন বিলাসী হোটেললৈ ৰূপান্তৰিত হ’ল, সেয়া আচৰিত ঘটনা ৷ এই অনিয়মৰ তদন্ত হ’ব লাগে ৷’’

হাফলংবাৰে পুনৰ কয়, ‘‘যি অনাথ আশ্ৰম মন্ত্ৰী পীযুষ হাজৰীকা, নন্দিতা গাৰ্লোচা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উপস্থিতিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিছিল, সেই ভৱনৰ পৰা তেওঁলোকৰ নামৰ প্লেটসমূহ আঁতৰাই পেলাই হোটেললৈ ৰূপান্তৰিত কৰা কাৰ্য অতি দুৰ্ভাগ্যজনক আৰু নিন্দনীয় ৷ এয়া চৰকাৰী ধনৰ অপব্যৱহাৰ ৷’’
উল্লেখ্য যে, বিগত সময়তো বহুবাৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাৰ বিৰুদ্ধে বিভিন্ন বিষয়ত সংঘটিত হোৱা কেলেংকাৰীত জড়িত থকা বুলি উত্থাপিত হৈছিল অভিযোগ ৷ খোদ বিজেপি কৰ্মীসকলেও গাৰ্লোচাৰ অপসাৰণৰ দাবীৰে সাব্যস্ত কৰিছিল প্ৰতিবাদ ৷
লগতে পঢ়ক: দেৱলাল গাৰ্লোচাৰ অপসাৰণৰ দাবীৰে বিজেপি নেতা-কৰ্মীৰ প্ৰতিবাদ - BJP WORKERS PROTEST

