ETV Bharat / state

অসমৰ ভূমিত নগাৰ বেদখল; অৰ্থনৈতিক অৱৰোধৰ হুংকাৰ আটাছুৰ

অসমৰ সংৰক্ষিত বনাঞ্চলত নগাৰ অবাধ বেদখল । অসমৰ ভূমিত পকীপথ নিৰ্মাণ, গঢ়িছে ৰবৰ-তামোলৰ বাগান । নাগালেণ্ডৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধৰ হুংকাৰ আটাছুৰ ।

Naga encroachment at Mariani
অসমৰ ভূমিত নগাই স্থাপন কৰা তামোলৰ বাৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 3, 2025 at 7:31 PM IST

4 Min Read
Choose ETV Bharat

যোৰহাট : অসম-নাগালেণ্ড সীমান্তত পুনৰ তীব্ৰ উত্তেজনাই বিৰাজ কৰাৰ আশংকা প্ৰকট হৈ উঠিছে । কাৰণ বিগত সময়ত নগাই অবৈধভাৱে অসমৰ ভূমি দখল কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে ।

যোৰহাট জিলাৰ অন্তৰ্গত মৰিয়নীৰ অসম-নাগালেণ্ড সীমান্তত অসমৰ ভূমিত থকা দিচৈ, তিৰুহিলছ আদি সংৰক্ষিত বনাঞ্চলৰ বনভূমি ধ্বংস কৰি বেদখল কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছত এইবাৰ নগাই অসমৰ সংৰক্ষিত বনাঞ্চল দিচৈ ভেলীৰ ৯০ শতাংশ বনভূমিত ধ্বংসযজ্ঞ চলাইছে ।

অসমৰ ভূমিত নগাৰ বেদখল; অৰ্থনৈতিক অৱৰোধৰ হুংকাৰ আটাছুৰ (ETV Bharat Assam)

কেৱল সিমানেই নহয়, উক্ত ভূমি নিজৰ কব্জালৈ নি তাত ক্ৰমান্বয়ে বস্তি বনাই নগাই নিগাজীকৈ বসবাস কৰাৰ অভিযোগ উঠিছে । এইবাৰ নগাই এখোপ আগুৱাই গৈ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ সেউজ ভূমি উছন কৰি চৰকাৰী আঁচনিৰ জৰিয়তে পকীপথ নিৰ্মাণ কৰি যাতায়াত ব্যৱস্থা সুচল কৰি লৈছে ।

লগতে নগাই অসমৰ বনাঞ্চল ধ্বংস কৰি উক্ত স্থানত ৰবৰ বাগিচা, তামোলৰ বাৰী পাতি নিগাজীকৈ বহাৰ অভিযোগ উত্থাপিত হৈছে । ইয়াৰ পিছতো নিৰ্বিকাৰ যোৰহাট জিলা প্ৰশাসন তথা অসম চৰকাৰ ।

ইফালে নগাৰ বেদখলস্থলী পৰিদৰ্শন কৰিবলৈ সীমান্তৱৰ্তী স্থানত উপস্থিত হয় সদৌ টাই আহোম ছাত্র সন্থাৰ এটি সঁজাতি দল । দলটিয়ে দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ সেউজ ভূমি নগাই কৰা বেদখল পৰিদৰ্শন কৰি শীঘ্ৰে এই ক্ষেত্ৰত অসম চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে । লগতে অসমৰ ভূমিত নগাৰ বেদখল বন্ধ কৰাৰ দাবী জনাইছে । অন্যথা নাগালেণ্ডৰ বিৰুদ্ধে টাই আহোম ছাত্র সন্থাই অৰ্থনৈতিক অৱৰোধ গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ।

Naga encroachment at Mariani
অসমৰ ভূমিত নগাই নিৰ্মাণ কৰা পকীপথ (ETV Bharat Assam)

এই সন্দৰ্ভত টাই আহোম ছাত্ৰ সন্থাৰ যোৰহাট নগৰ সমিতিৰ সভাপতি দ্ৰুপদ লাহনে কয়, "অসমৰ সেউজ ভূমি ধ্বংস কৰি নগাই বেদখল কৰাটো দুৰ্ভাগ্যজনক । আমি ভাবিছোঁ অসম চৰকাৰ ভয়াতুৰ চৰকাৰ । তেওঁলোক নগালৈ ভয় কৰিছে আৰু দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ ৯০ শতাংশ ভূমি নগাই বেদখল কৰিলে । অসমৰ প্ৰশাসনে কি কৰি আছে । নগাই বেদখল কৰা ঠাইলৈ অসম প্ৰশাসনৰ দল আহি ঘটনাৰ বুজ নল'লে ।"

লগতে তেওঁ কয়, "আমাৰ অসমীয়া ল'ৰাই ইয়াত আহি বনাঞ্চলখন ৰক্ষণাবেক্ষণ দিবলৈ আহিছিল যদিও আঠজনকৈ লোক নগাই ধৰি লৈ গ'ল । কিন্তু এই ক্ষেত্ৰত প্ৰশাসনে কোনো ব্যৱস্থা নল'লে । বৰ্তমান অসমৰ লোকসকলৰ জীৱন-জীৱিকা আৰু সা-সম্পত্তিৰ ওপৰত সংশয় নামি আহিছে । যদি এই ক্ষেত্ৰত অসম চৰকাৰে কোনো স্থায়ী সমাধান সূত্ৰ উলিয়াব নোৱাৰে, তেতিয়াহ'লে নগাৰ বিৰুদ্ধে টাই আহোম ছাত্র সন্থাই অৰ্থনৈতিক অৱৰোধৰ দৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব ।"

লগতে নগাই গুলী ফুটালে অসমৰ প্ৰশাসনে ভয় কৰে আৰু পলাই আহে বুলি অভিযোগ কৰে ।

আনহাতে, টাই আহোম ছাত্র সন্থাৰ যোৰহাট জিলা সমিতিৰ সভাপতি ৰাজীৱ গগৈয়ে কয়, "নগাই অসমৰ বনভূমি বেদখল কৰি ৰবৰ বাগান পৰ্যন্ত খুলিলে । কিন্তু এইক্ষেত্ৰত অসম প্ৰশাসনে একো ব্যৱস্থা গ্ৰহণ কৰা নাই । নগাই কৰা বেদখলৰ বিৰুদ্ধে বিগত সময়ত বাৰম্বাৰ জিলা প্ৰশাসন আৰু বন বিভাগক জনোৱা হৈছে যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ।"

উল্লেখ্য যে অসম প্ৰশাসনৰ নিৰৱতাৰ সুযোগ গ্ৰহণ কৰি নগাই অসমৰ ভূমি অবাধ হাৰত বেদখল কৰাৰ অভিযোগ উঠিছে । এনেদৰে বেদখল চলি থাকিলে অসমৰ মানচিত্ৰ সংকুচিত হ'বলৈ বেছি সময় নালাগিব বুলি সচেতন মহলে আশংকা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :মৰিবলৈ সাজু আছোঁ কিন্তু এক ইঞ্চি মাটিও এৰি নিদিওঁ: হুংকাৰ স্থানীয় লোকৰ - BIG EVICTION PROCEDURE MEETING
লগতে পঢ়ক :বাঁহশিল্পৰে জগত জিনাৰ প্ৰয়াস; এজন বিশেষভাৱে সক্ষম যুৱকে দেখুৱাইছে আদৰ্শ - MORAN BAMBOO WORK ARTISAN