ETV Bharat / state

বাংলাদেশী পণ্য এসপ্তাহৰ ভিতৰত বিক্ৰী কৰি শেষ কৰাৰ দাবী

বাংলাদেশৰ ৰাষ্ট্ৰীয় পতাকাসহ মহম্মদ ইউনুছৰ পুত্তলিকা জ্বলিল লখিমপুৰত । বাংলাদেশত হিন্দুৰ ওপৰত চলা নিৰ্যাতনৰ বিৰুদ্ধে সাব্যস্ত কৰা হয় প্ৰতিবাদী কাৰ্যসূচী ।

All Assam Hindu Yuccva Parishad protest against atrocities on Hindus in Bangladesh
বাংলাদেশৰ পণ্য এসপ্তাহৰ ভিতৰত বিক্ৰী কৰি শেষ কৰাৰ দাবী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 2, 2024 at 7:26 PM IST

2 Min Read
Choose ETV Bharat

লখিমপুৰ: লখিমপুৰত জ্বলিল বাংলাদেশৰ পতাকা, ইউনুছৰ পুত্তলিকা । বাংলাদেশত হিন্দুৰ ওপৰত চলা নিৰ্যাতনৰ বিৰুদ্ধে সোমবাৰে সদৌ অসম হিন্দু যুৱ পৰিষদে লখিমপুৰ নগৰৰ মাজমজিয়াত বাংলাদেশৰ পতাকাৰ লগতে মহম্মদ ইউনুছৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । বাংলাদেশ চৰকাৰ হায় হায় ধ্বনিৰে লখিমপুৰত উত্তাল প্ৰতিবাদ কৰে পৰিষদে । ইস্কন মন্দিৰৰ মহাৰাজ চিন্ময়কৃষ্ণ দাসৰ মুক্তিৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম হিন্দু যুৱ পৰিষদ লখিমপুৰ জিলা সমিতিয়ে ।

প্ৰতিবাদ সাব্যস্ত কৰি পৰিষদৰ নেতৃত্বই কয়,"বহু হিন্দুৰ তেজৰ বিনিময়ত যিখন বাংলাদেশে স্বাধীনতাৰ সোৱাদ পাইছিল সেইখন বাংলাদেশত এতিয়া হিন্দুক নিৰ্যাতন চলোৱা হৈছে । চৰম নিৰ্যাতন চলোৱা হৈছে হিন্দুৰ ওপৰত ।" ইয়াৰোপৰি তেওঁলোকে বাংলাদেশৰ সকলো পণ্য সামগ্রী এসপ্তাহৰ ভিতৰত শেষ কৰিবলৈ ব্যৱসায়ীসকলক আহ্বান জনায় । এসপ্তাহৰ পাছত বাংলাদেশৰ সামগ্রীৰ বিৰুদ্ধে পৰিষদে প্ৰতিবন্ধক অভিযান চলাব বুলি সকীয়াই দিয়ে ।

বাংলাদেশৰ পণ্য এসপ্তাহৰ ভিতৰত বিক্ৰী কৰি শেষ কৰাৰ দাবী (ETV Bharat Assam)

আনহাতে বাংলাদেশৰ বিৰুদ্ধে সকলো হিন্দু ঐক্যবদ্ধ হোৱাৰ উপৰি কেন্দ্রীয় চৰকাৰক বিশ্বজুৰি বাংলাদেশৰ বিৰুদ্ধে জনমত গঠনৰ উদ্যোগ ল'বলৈ আহ্বান জনায় । বাংলাদেশত হিন্দুৰ ওপৰত চলা নিৰ্যাতন বন্ধ নহ'লে পৰিষদে সীমান্ত ভাঙি বাংলাদেশত প্ৰৱেশ কৰি হিন্দু সুৰক্ষাৰ হকে যুঁজ দিব বুলি জংগী মন্তব্য প্ৰকাশ কৰে ।

এই প্ৰতিবাদী কাৰ্যসূচীত সম্ভু সিংহ, দীপাঞ্জল সোণোৱালকে ধৰি পৰিষদৰ ভালেকেইগৰাকী নেতা-কৰ্মীয়ে অংশগ্রহণ কৰে । পৰিষদৰ কৰ্মীসকলৰ প্ৰতিবাদী শ্ল'গানেৰে উত্তাল হৈ পৰে লখিমপুৰ চহৰ । শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰক পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাই প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক: বাংলাদেশৰ হিন্দুৰ ওপৰত নিৰ্যাতন চলোৱাৰ অভিযোগত ৰাজ্যত প্ৰতিবাদ