ETV Bharat / state

ঋণ মুক্তৰ প্ৰমাণ-পত্ৰৰ নামত দালাল চক্ৰ গঢ়ি উঠাৰ অভিযোগ

Nagaon protest : মাইক্ৰ’ফাইনেঞ্চৰ ঋণগ্ৰস্তই লাখপতি বাইদেউ আঁচনিৰ পৰা বঞ্চিত হোৱাৰ আশংকা ৷ চৰকাৰে ঋণ ৰেহাই দিয়া বহু মহিলাই ঋণ মুক্তৰ প্ৰমাণ-পত্ৰ লাভ নকৰাৰ অভিযোগ । ঋণ মুক্তৰ প্ৰমাণ পত্ৰৰ নামত দালাল চক্ৰ গঢ়ি উঠাৰ অভিযোগ । নগাঁৱত উত্তাল প্ৰতিবাদ গ্ৰামীণ শ্ৰমিক সন্থা, প্ৰগতিশীল নাৰী সন্থাৰ ।

All Assam Gramin Labour Union and All Assam Progressive Women Association protest in Nagaon
নগাঁৱত গ্ৰামীণ শ্ৰমিক সন্থা, প্ৰগতিশীল নাৰী সন্থাৰ উত্তাল প্ৰতিবাদ
author img

By ETV Bharat Assamese Team

Published : March 1, 2024 at 7:24 AM IST

2 Min Read
Choose ETV Bharat
নগাঁৱত গ্ৰামীণ শ্ৰমিক সন্থা, প্ৰগতিশীল নাৰী সন্থাৰ উত্তাল প্ৰতিবাদ

নগাঁও, 1 মাৰ্চ : সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা, প্ৰগতিশীল নাৰী সন্থাই বৃহস্পতিবাৰে নগাঁৱত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে ৰাজ্যৰ মাইক্ৰ’ফাইনেঞ্চৰ ঋণগ্ৰস্ত মহিলাক ঋণ ৰেহাইৰ বাবে গ্ৰহণ কৰা আঁচনিয়ে প্ৰকৃতাৰ্থত মহিলাসকলক কোনো সকাহ দিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰি বৃহস্পতিবাৰে নগাঁৱত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰগতিশীল নাৰী সন্থাৰ লগতে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই ।

বিশেষকৈ ৰাজ্য চৰকাৰে ঋণ ৰেহাই দিয়া বহু মহিলাই এই পৰ্যন্ত ঋণমুক্তৰ প্ৰমাণ পত্ৰ লাভ নকৰাৰ অভিযোগ উত্থাপন কৰে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই । এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় নেতা অৰূপ কুমাৰ মহন্তই লগতে ঋণমুক্তৰ প্ৰমাণ-পত্ৰৰ নামতো সম্প্ৰতি দালাল চক্ৰ সক্ৰিয় হৈ পৰিছে বুলি অভিযোগ তোলে ।

ঋণ-মুক্ত প্ৰমাণ পত্ৰ দিয়াৰ নামত দালাল চক্ৰই ব্যাপক হাৰত ধন সংগ্ৰহ আৰম্ভ কৰাৰো গুৰুতৰ অভিযোগ তুলিছে গ্ৰামীণ শ্ৰমিক সন্থাৰ নেতাগৰাকীয়ে । এই ক্ষেত্ৰত 12 হাজাৰ মহিলাৰ মাজত গ্ৰামীণ শ্ৰমিক সন্থাৰ তৰফৰ পৰা চলোৱা এক সমীক্ষাৰ কথা উল্লেখ কৰি 12 হাজাৰ মহিলাৰ 9 হাজাৰ মহিলা এতিয়ালৈকে ঋণগ্ৰস্ত হৈ থকা বুলি উল্লেখ কৰে গ্ৰামীণ শ্ৰমিক সন্থাৰ নেতাগৰাকীয়ে ।

আনকি মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়াৰ নামত ঋণ মুক্তৰ প্ৰমাণ-পত্ৰ লাভ নকৰা মহিলাই পৰৱৰ্তী সময়ত চৰকাৰৰ লাখপতি বাইদেউ আঁচনিৰ পৰাও বঞ্চিত হোৱাৰ আশংকা ব্যক্ত কৰিছে গ্ৰামীণ শ্ৰমিক সন্থাই । বৃহস্পতিবাৰে নগাঁৱৰ নেহৰুবালিৰ পৰা গ্ৰামীণ শ্ৰমিক সন্থা আৰু প্ৰগতিশীল নাৰী সন্থাৰ উদ্যোগত উলিওৱা হয় এই বিশাল প্ৰতিবাদী সমদল। প্ৰতিবাদী সমদলত কেইবা শতাধিক মহিলাই অংশগ্ৰহণ কৰি চৰকাৰ বিৰোধী ধ্বনিৰে উত্তাল কৰি তোলে ।

  • " class="align-text-top noRightClick twitterSection" data="">

লগতে পঢ়ক: Micro Finance Relief Scheme: বিশ্বনাথত মাইক্ৰ’ফাইনেঞ্চ আঁচনিৰ চেক বিতৰণ মন্ত্ৰী পীযুষ হাজৰিকা