আগষ্টৰ পৰা খাদ্য সুৰক্ষাৰ বিনামূলীয়া চাউল বিতৰণ বন্ধ কৰাৰ হুংকাৰ - Protest in CHACHAL
Protest in Guwahati : চচলৰ ধৰ্ণাস্থলীত আজিৰে পৰা তিনিদিনীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাই ৷ প্ৰতিবাদকাৰীসকলে নাৰ্য প্ৰাপ্তিৰ দাবী তুলি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

Published : July 15, 2024 at 7:50 PM IST
গুৱাহাটী, 16 জুলাই : চৰকাৰৰ পৰা ইতিবাচক সঁহাৰি নাপালে আগন্তুক আগষ্ট মাহৰ পৰা অসমত বন্ধ হ’ব খাদ্য সুৰক্ষাৰ বিনামূলীয়া চাউলৰ বিতৰণ ৷ চাউল বিতৰণৰ পৰা বিৰত থাকিব সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থা ৷ সোমবাৰে সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাই চচলত এই হুংকাৰ দিয়ে ৷
বিগত 6 টা মাহ ধৰি চৰকাৰে সুলভ মূল্যৰ ব্যৱসায়ীসকলক কোনো পাৰিশ্ৰমিক নিদিয়াৰ অভিযোগ তুলি সোমবাৰে গুৱাহাটী মহানগৰীৰ চচলৰ ধৰ্ণাস্থলীত আজিৰে পৰা তিনিদিনীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে সন্থাই ৷ প্ৰতিবাদকাৰীসকলে নাৰ্য প্ৰাপ্তিৰ দাবী তুলি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷
প্ৰতিবাদকাৰীসকলে 2015 চনৰ ডিচেম্বৰ মাহৰ পৰা 2019 চনৰ মার্চ মাহলৈকে মাহৰ প্ৰতি কুইণ্টলত 42.90 টকা প্ৰাপ্য বকেয়া আৰু কমিছন আদায় দিয়া, 2014 বৰ্ষৰ ফেব্ৰুৱাৰীৰ পৰা জুলাই মাহলৈকে মুঠ 6 মাহৰ প্ৰাপ্য কমিচন আদায় দিয়া, প্ৰতি কুইণ্টল চাউলত 300 টকালৈ কমিছন বৃদ্ধি কৰাৰ দাবী কৰে ৷ লগতে মাহেকীয়া পাৰিতোষিক 30 হেজাৰ টকা নিশ্চিত কৰা, প্ৰতি মাহৰ কমিছন প্ৰতি মাহে আদায় দিয়া, সুলভ মূল্যত পুনৰ চেনি যোগান ধৰাৰ ব্যৱস্থা কৰা, অত্যাৱশ্যকীয় নিত্য প্ৰয়োজনীয় সামগ্ৰী সুলভ মূল্যত যোগান ধৰা, EPOS মেচিনৰ দ্বাৰা চাউল বিতৰণ কৰাৰ বাবদ প্ৰতি কুইন্টল 26 টকা আদায় দিয়া, ৰেচন কার্ডত বৈধ আধাৰযুক্ত হিতাধিকাৰীৰ নাম অন্তর্ভুক্ত কৰা, e-KYC কৰাৰ বাবদ প্ৰতিগৰাকী সুলভ মূল্যৰ দোকানীক পাৰিশ্ৰমিক দিয়াৰো দাবী জনায় তেওঁলোকে ৷
এই কাৰ্যসূচীৰ অন্তত 18 জুলাইত সন্থাই ৰাজহ চক্ৰ বিষয়াৰ লগত আলোচনাত মিলিত হ’ব বুলি জানিবলৈ দিয়ে প্ৰতিবাদকাৰীসকলে ৷ এই আলোচনাত এটা সঠিক সিদ্ধান্ত নাপালে আগন্তুক আগষ্ট মাহত বিনামূলীয়া চাউল বিতৰণৰ পৰা বিৰত থাকিব বুলিও হুংকাৰ প্ৰদান কৰে প্ৰতিবাদীসকলে ৷
লগতে পঢ়ক : মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি উচ্ছেদক লৈ ডুমডুমাত কংগ্ৰেছৰ প্ৰতিবাদ - CONGRESS PROTEST AT DOOM DOOMA

