ETV Bharat / state

বিহু বুলিলেনো ৰৈ থাকে কেনেকৈ, ভোজপুৰী সমাজৰ বিহু কৰ্মশালা - BOHAG BIHU 2025

বিহু নাচিবলৈ আহিল শতাধিক ভোজপুৰী শিকাৰু । উখল-মাখল হৈ পৰিল শিৱসাগৰৰ ৰংপুৰ ৰাষ্ট্ৰভাষা উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণ ।

All Assam Bhojpuri Parishad organises bihu workshop for the first time in Sivasagar
ভোজপুৰী সমাজৰ বিহু কৰ্মশালা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 5, 2025 at 2:28 PM IST

2 Min Read

শিৱসাগৰ: চৌদিশে বিয়পিছে ৰঙালীৰ আনন্দ । ঢোল-পেঁপাৰ মাতে ৰজনজনাইছে ৰাজ্যৰ উজনি-নামনি । বিহু আখৰা, কৰ্মশালাস্থলীত নাচনীৰ গছকত মৰিছে দুবৰি, ঢোলত উঠিছে ৰগৰ । প্ৰতিগৰাকী অসমীয়াই যেন চলাইছে বিহুৰ প্ৰস্তুতি । পিছ পৰি থকা নাই ভোজপুৰী সমাজো । শিৱসাগৰত ভোজপুৰী সমাজে ল'লে ব্যতিক্ৰমী পদক্ষেপ । অসমীয়াৰ আপোন বিহুটি শিকাৰ যেন দুৰ্বাৰ হেঁপাহ ।

থলুৱা কৃষ্টি-সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হৈ সদৌ অসম ভোজপুৰী পৰিষদে শিৱসাগৰত প্ৰথম বাৰৰ বাবে আয়োজন কৰে বিহু কৰ্মশালা । নগৰখনৰ ৰংপুৰ ৰাষ্ট্ৰভাষা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত ২৩ মাৰ্চৰ পৰা ১২ দিনীয়াকৈ এই কৰ্মশালাৰ আয়োজন কৰে ভোজপুৰী পৰিষদে । কৰ্মশালাত বিহুনাচৰ লগতে ঢোল, পেঁপা, গগনা আদি বাদ্য ব্যৱহাৰৰ সম্যক ব্যৱহাৰিক জ্ঞান প্ৰদান কৰা হৈছে ।

ভোজপুৰী সমাজৰ বিহু কৰ্মশালা (ETV Bharat Assam)

এই কৰ্মশালাক কেন্দ্ৰ কৰি নগৰৰ ৰংপুৰ ৰাষ্ট্ৰভাষা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণ ঢোল, পেঁপা, গগনাৰ মধুৰ সুৰত মুখৰিত হৈ পৰে । মনিষা বৰুৱা গুপ্তা, অনিতা শৰ্মা আদিকে ধৰি ১০ গৰাকী প্ৰশিক্ষকে এই কৰ্মশালাত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰি প্ৰশিক্ষাৰ্থীসকলক বিহুনাচ শিকায় । সদৌ অসম ভোজপুৰী পৰিষদে অসমত বসবাস কৰা ভোজপুৰী সমাজেও যাতে বিহুৰ ধাৰাবাহিকতা ৰক্ষা কৰিব পাৰে, সেই লক্ষ্যৰে এই পদক্ষেপ লোৱা হৈছে বুলি উল্লেখ কৰে ।

এই সন্দৰ্ভত ভোজপুৰী পৰিষদৰ সভাপতি বিট্টু গুপ্তাই কয়,"পোন প্ৰথমবাৰৰ বাবে সদৌ অসম ভোজপুৰী পৰিষদ জিলা সমিতি আৰু আঞ্চলিক সমিতিৰ উদ্যোগত এই বিহু কৰ্মশালা আয়োজন কৰা হৈছে । এয়া এটা পৰিৱৰ্তন আমাৰ মাজত যিহেতু আমি অসমত বসবাস কৰি আছোঁ আৰু সকলোৰে পৰিচয় বুলি ক'বলৈ গ'লে আমি অসমীয়া ।"

তেওঁ লগতে কয়,"অসমীয়া বুলি ক'বলৈ গ'লে ফেচবুকত বা ছ'চিয়েল মিডিয়াত চিঞৰিলেই নহ'ব । যিকেইজন লোক অসমীয়া কলা-কৃষ্টিৰ লগত জড়িত হৈ আছে বা আঁকোৱালি লৈছে, নৱপ্ৰজন্মকো শিকাইছে, সেয়া আচল অসমীয়া বুলি প্ৰমাণিত হৈ পৰে । যদি শিৱসাগৰৰ ৰাইজৰ সহযোগিতা থাকে তেন্তে অনাগত দিনত ইয়াতকৈয়ো বিশাল ৰূপত আমি কৰ্মশালা আয়োজন কৰিম ।" শতাধিক শিকাৰুৱে অংশগ্ৰহণ কৰা এই কৰ্মশালা অহা ৬ এপ্ৰিলত সামৰণি পৰিব ।

লগতে পঢ়ক: অন্তৰা-অংকিতা, উভয়ে কণ্ঠ নিগৰোৱা ছেমি-ক্লাছিকেল অৰিজিনেল ‘ৰং যা’ৰ ভিডিঅ’ মুকলি - ANTARA NANDY ANKITA NANDY RANG JAA

জেং বিহু চাবলৈ অকলে নাযাবা আমাকো লগতে নিবা..., চলিছে জেং বিহুৰ আখৰা - BOHAG BIHU 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.