স্বাস্থ্য বিভাগে লুকুৱাইছে জাপানীজ এনকেফেলাইটিছত মৃত্যুৰ তথ্য : অভিযোগ আদিবাসী মহিলা সন্থাৰ - Japanese Encephalitis in Assam
Japanese Encephalitis at Tea Garden Areas : চাহ অধ্যুষিত অঞ্চলত ভয়ঙ্কৰ ৰূপত ছানি ধৰিছে জাপানীজ এনকেফেলাইটিছে । স্বাস্থ্য বিভাগে জাপানীজ এনকেফেলাইটিছত মৃত্যুৰ তথ্য লুকুওৱাৰ অভিযোগ । বাগিচা কৰ্তৃপক্ষ, স্বাস্থ্য বিভাগ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ আদিবাসী মহিলা সমাজ ।

Published : July 24, 2024 at 9:59 PM IST
যোৰহাট, ২৪ জুলাই : ৰাজ্যত ক্ৰমাৎ সংহাৰী ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণে । ইতিমধ্যে বিভিন্ন স্থানত এই ৰোগৰ সংক্ৰমণত কেইবাটাও মৃত্যুৰ ঘটনা পোহৰলৈ আহিছে ।
তাৰ মাজতে যোৱা ২২ জুলাইত তিতাবৰৰ লেতেকুজান চাহ বাগিচাৰ এগৰাকী ১৭ বছৰীয়া কিশোৰী জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱাৰ তথ্য আহি পৰিছে । যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় কিশোৰীগৰাকীৰ । কিন্তু কিশোৰীগৰাকীৰ মৃত্যৰ কাৰণক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে ।
চিকিৎসালয়ৰ মৃত্যুৰ প্ৰতিবেদনত কিশোৰীগৰাকী জাপানীজ এনকেফেলাইটিছত মৃত্যু হোৱা বুলি প্ৰকাশ পাইছে যদিও স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলে এই তথ্য নাকচ কৰিছে । আনহাতে, বাগিচা কৰ্তৃপক্ষয়ো এই কথা মানি লোৱা নাই । ইয়াৰ পাচতে জাঙুৰ খাই উঠিছে সদৌ অসম আদিবাসী মহিলা সন্থা আৰু বৃহত্তৰ চাহ শ্ৰমিক সমাজ।
এই সন্দৰ্ভত বুধবাৰে তিতাবৰত এক সংবাদমেল অনুষ্ঠিত কৰি বাগিচা কৰ্তৃপক্ষ, স্বাস্থ্য বিভাগ আৰু ৰাজ্য চৰকাৰৰ ওপৰত জাঙুৰ খাই উঠিছে সংগঠনটোৰ লগতে চাহ শ্ৰমিক সমাজ । বাগিচা কৰ্তৃপক্ষসমূহে সম্পূৰ্ণৰূপে শ্ৰমিক আইন উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে চাহ শ্ৰমিক সংগঠনটোৱে ।
তেওঁলোকৰ অভিযোগ, চাহ বাগিচাসমূহত কোনোধৰণৰ উন্নত চিকিৎসা ব্যৱস্থা নথকাৰ লগতে চাহ শ্ৰমিকসকলে অতি শোচনীয় পৰিৱেশত বসবাস কৰিবলগীয়া হৈছে । যাৰ ফলত প্ৰতিবছৰে বাৰিষাৰ সময়ত বিভিন্ন ৰোগত আক্ৰান্ত হৈ চাহ শ্ৰমিকৰ মৃত্যু হৈ আহিছে । ইয়াৰ উপৰি চাহ বাগিচাসমূহত উন্নয়ন হোৱা বুলি দম্ভালি মাৰি থকা চৰকাৰখনেও কোনো ধৰণৰ উন্নয়নমূলক ব্যস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে সংগঠনটোৱে ।
ইয়াৰ উপৰি শীঘ্ৰে চাহ বাগিচাসমূহত উন্নত চিকিৎসা ব্যৱস্থা প্ৰদান কৰা, ২৪ ঘণ্টাই চিকিৎসক-নাৰ্ছ থকাৰ ব্যৱস্থা কৰাৰ লগতে চাহ বাগিচাসমূহত সজাগতা সভা অনুষ্ঠিত কৰাৰো দাবী জনাইছে সংগঠনটোৱে । ২৪ ঘণ্টাৰ ভিতৰত বাগিচা কৰ্তৃপক্ষ আৰু প্ৰশাসনে দাবীসমূহ সমাধান নকৰিলে জংগী আন্দোলনৰো হুংকাৰ দিয়ে আদিবাসী মহিলা সন্থাই ।

