আলি আঃয়ে লৃগাং: কেতিয়াৰ পৰা আৰম্ভ হ'ল ফাগুনৰ প্ৰথমটো বুধবাৰে পালন কৰাৰ পৰম্পৰা ?
আলি আঃয়ে লৃগাং মানে কি ? লৃগাঙত কি কি ব্যৱহাৰ কৰা হয় ? এই উৎসৱ কেনেদৰে পালন কৰা হয় জানো আহক ...

Published : February 12, 2025 at 2:27 PM IST
জোনাই : ফাগুন আহিছে ! গাভৰুৰ আঁচল উৰুৱাই নিবলৈ আহিছে নিলাজ ফাগুন ৷ আকাশ ৰঙাই নামিছে ফাগুন । আকাশে-বতাহে ৰং চটিয়াই আহিছে ফাগুন- যেন লৃগাঙৰ বতৰা লৈ ।
লৃগাঙলৈ মাজত মাথোঁ কেইটামান দিন বাকী । ঐনিতমৰ কলিৰে আকাশ-বতাহ মুখৰিত হৈ পৰিছে অসমৰ অন্যতম ভূমিপুত্ৰ মিচিংসকলৰ জনবসতিপূৰ্ণ গাঁওসমূহত ।
ফাগুনৰ ৰঙত ৰঙীন আলি আঃয়ে লৃগাং
আকাশ ৰঙীন কৰা দুষ্ট ফাগুনতেই হ'ব ঢুম ঢুম লুপিৰ গুমৰাগ চমানৰ নৃত্য । এই গুমৰাগৰ সুৰতেই নাচিব ফাগুনৰ ৰং চোৱা পছোৱাই, গুমৰাগৰ সুৰত নাচিব শিমলু, মদাৰ কম্বং ফুলে । ৰাজ্যত এতিয়া প্ৰতিটো মিচিং অধ্যুষিত অঞ্চলত প্ৰাণচঞ্চল পৰিৱেশ । চোতাল-পথাৰ সকলোতে অবিৰাম নিগৰিছে ঐনিঃতম ৷ মিচিং কনেং আৰু বোৱাৰীসকলে এগে গাচৰ, ৰিঃবি-গাচেং, মিবু গালুগ আৰু পৰ আপং অৰ্থাৎ পৰম্পৰাগত ছাইমদ প্ৰস্তুত কৰাত ব্যস্ত ।

আনফালে মাছ মাৰিবলৈ প্ৰস্তুত গাঁৱৰ বোৱাৰীসকলো । লৃগাঙৰ দিনা গাহৰি মাংস, শুকান মাছ, পৰ আপঙেৰে আপ্যায়ন কৰিব লৃগাঙলৈ অহা অতিথিসকলক ৷
কেতিয়া পালন কৰা হয় আলি আঃয়ে লৃগাং
ফাগুনৰ প্ৰথমটো বুধবাৰত ভূমিপুত্ৰ মিচিংসকলে উদযাপন কৰিব মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং । ইয়াকে লৈ ধেমাজি জিলাৰ জোনাইত মিচিং গাঁওসমূহত এতিয়া উখল-মাখল পৰিৱেশ । অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিংসকলৰ চাঃচৌ চাঃচাঃ চৌলয়াঃ, ঐনিতম আৰু গুমৰাগ নৃত্যৰ ছন্দত আনন্দত জোৱাৰ উঠে এই ফাগুনতে ৷

শিমলু, মদাৰ, কম্বং ফুলৰ ৰঙেৰে ৰাঙলী হৈ পৰিছে আকাশ । গুমৰাগ নৃত্য আৰু ঐনিতমৰ কলিৰে আকাশ-বতাহ মুখৰিত হৈ পৰিছে নৈপৰীয়া মিচিং জনবসতি অঞ্চলত ।
এৰা, ফাগুন মানেই এক উন্মাদনা, এক মাদকতা, ফাগুন মানেই আলি আঃয়ে লৃগাং । আলি আঃয়ে লৃগাং অসমৰ মিচিং বা মিৰি জনজাতিৰ এক বসন্ত উৎসৱ ৷ প্ৰতিবছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত এই উৎসৱ পালন কৰা হয় ৷ মিচিং ভাষাত 'আলি' মানে শস্যৰ বীজ, 'আঃয়ে' মানে ফল আৰু 'লৃগাং' মানে সিঁচা বুজায় ৷

খেতিৰ লগত জড়িত লৃগাঙৰ পৰম্পৰা
সাধাৰণতে এই উৎসৱত মিচিংসকলে শস্য সিঁচাৰ লগতে ডেকা-গাভৰু, বুঢ়া-মেথা সকলোৱে সমূহীয়া ভোজ-ভাত খাই নানান নৃত্য-গীত কৰে ৷ মিচিংসকলে বিশ্বাস কৰে যে দেৱতাক নাচ-গানেৰে সন্তুষ্ট নকৰিলে পৃথিৱীত বৰষুণ নহ'ব; তেতিয়া শস্যৰ উৎপাদন নহ'ব ৷ সেয়ে তেওঁলোকে নৃত্য-গীতৰ মাজেৰে লখিমীক সন্মান প্ৰদৰ্শন কৰে ৷
এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয় । ইফালে ফাগুনৰ প্ৰথমটো বুধবাৰৰ দিনটোত মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং উদযাপনৰ বাবে অসম-অৰুণাচল সীমান্তৰ পুৰণা জেলম গাঁৱৰ ডেকা-গাভৰুসকল গোমৰাগ চঃমানৰ আখৰাত ব্যস্ত ৷ ইয়াৰ সমান্তৰাভাৱে জোনাইৰ মিচিং গাঁওসমূহত অব্যাহত আছে ব্যাপক প্রস্তুতি ।
কঁকালত টঙালি বান্ধি মিচিংসকলৰ প্ৰাণস্পন্দন স্বৰূপ আলি আঃয়ে লৃগাঙক আদৰিবলৈ মিচিং বসতিপ্ৰধান অঞ্চলসমূহত ডেকা- গাভৰুসকলে তেওঁলোকৰ পৰম্পৰাগত পঃৰ আপং (ছাই আপং) বনোৱা, নৈ-বিলত মাছধৰা, তৰাপাত কাটি আনি পুৰাং আপিন বনোৱা, মাছ শুকুওৱা আৰম্ভ কৰিছে ।
মাংগলিক অনুষ্ঠান, পৰম্পৰা
তদুপৰি মিচিং গাঁওসমূহত আলি আঃয়ে লৃগাঙৰ মূৰং ঘৰ সাজিবৰ বাবে মাংগলিক আৰু পৰম্পৰাগতভাৱে লাইখুঁটা স্থাপন কৰা দেখা গৈছে । কোনোবা কঃনেঙে পাঙিছে লৃগাঙত আপোনজনলৈ মিবু গালুক, এৰকক, গনঃৰ উগন উপহাৰ দিয়াৰ । লৃগাঙৰ আগমনৰ বতৰাই তাঁতশালত বহি মিবু গালোগ, ঐৰকগ (মিচিং মাফলাৰ), গেৰ , গনৰঃ উগন মেখেলা-চাদৰ, গুমৰাগ নৃত্যত দিবলৈ ৰিবি গাছেং, মিবু গালোক আদি বৈ তাঁতশালত মাকোৰ খিটখিটনিৰ মাজতে কনেঙৰ ওঁঠৰ পৰা নজনাকৈ নিগৰিছে ঐঃনিতম, কাবান ।
এনেদৰে মিচিং কনেঙৰ তাঁতশালৰ মাকোঁৰ শব্দই যেন এতিয়া ৰজনজনাই আছে মিচিং গাঁওসমূহত । এইদৰে মিচিং গাঁৱত পঃৰ আপং, পোৰাং আপিন আদি বনাবলৈও উখল-মাখল লগাইছে গাভৰু-বোৱাৰীহঁতে । মিচিং সমাজৰ পুৰুষসকলৰ চিকাৰীৰ দল চিকাৰলৈ, মাছমৰীয়াৰ দল জাকে জাকে মাছলৈ গৈছে । চিকাৰত পোৱা মাছ-মাংসবোৰ নষ্ট নহ’বৰ বাবে জুইত শুকুৱাই ৰখাবোৰক ‘ঙচান’ অং আঃচান, (শুকান মাছ) আৰু আদিন আঃচান, (শুকান মঙহ) বুলি কোৱা হয় ।

আলি আঃয়ে লৃগাঙত বিশেষভাৱে শুকান মাছ আৰু মাংস তেল-মচলা নিদিয়াকৈ আঞ্জা সিদ্ধ কৰি খোৱা হয় । ডেকা ল’ৰাবোৰে তৰাপাত, কৌপাত গোটোৱা, প্ৰত্যোক ঘৰত অতি আন্তৰিকতাৰে আদা, মাহ, বিবিধ বনৰীয়া শাক, মাছ, মাংস সংগ্ৰহ কৰা দেখা গৈছে ।
চন্দ্ৰ-সূৰ্য দেৱতাক পূজা
ফাগুন মাহৰ প্ৰথমটো বুধবাৰে পালন কৰা এই উৎসৱটোত চন্দ্ৰ আৰু সূৰ্য দেৱতাৰ পূজা কৰি আমচিদ চিদনাম অৰ্থাৎ বীজ সিঁচা কাৰ্যৰ শুভাৰম্ভণি কৰা হয় । নৈপৰীয়া মিচিংসকলে নিজৰ উপাস্য দেৱতাসকলৰ ওচৰত আশীৰ্বাদ বিচাৰি নিজৰ শস্য পথাৰত যাতে কোনো অমংগল নহয় তাৰ কামনা কৰাৰ লগতে জীৱ-জন্তুৰো মংগল কামনা কৰে আৰু জ্যেষ্ঠসকলৰ আশীৰ্বাদ লৈ নিজৰ ঘৰখনৰ লগতে দেশখনলৈ সুখ-শান্তি আৰু উন্নতিৰ কামনা কৰে ।
উল্লেখ্য যে জনগোষ্ঠীটোৰ লোকসকলে সম্পূৰ্ণ পৰম্পৰাগতভাৱে আলি আঃয়ে লৃগাং উৎসৱ পালন কৰে । যুগ যুগ ধৰি চলি অহা এই উৎসৱ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মিচিং জনগোষ্ঠীৰ বয়োজ্যেষ্ঠৰ পৰা আৰম্ভ কৰি যুৱক-যুৱতী আৰু চেমনীয়াসকল আনন্দিত হোৱা পৰিলক্ষিত হয় । মিচিং ডেকা-গাভৰুসকলে গুমৰাগ নৃত্য কৰি পৃথিৱীত বৰষুণ কামনা, শস্যৰ উৎপাদন বৃদ্ধি আৰু লখিমীক আদৰাৰ প্ৰস্তুতি আলি আঃয়ে লৃগাঙৰ পৰাই আৰম্ভ কৰে ।
শস্য সিঁচাৰ আৰম্ভণি উৎসৱ
এই উৎসৱ পালন কৰি মিচিং জনগোষ্ঠীৰ লোকসকলে শস্য সিঁচা, আলুখেতি আৰম্ভ কৰে । নৈপৰীয়া মিচিংসকলে নিজৰ উপাস্য দেৱতাসকলৰ ওচৰত আশীৰ্বাদ বিচাৰি নিজৰ শস্য পথাৰত যাতে কোনো অমংগল নহয় তাৰ কামনা কৰাৰ লগতে জীৱ-জন্তুৰো মংগল কামনা আৰু জ্যেষ্ঠসকলৰ আশীৰ্বাদ লৈ নিজৰ ঘৰখনৰ লগতে দেশখনলৈ সুখ-শান্তি আৰু উন্নতি কামনা কৰে ।
জোনাইৰ জ্যেষ্ঠ নাগৰিক দত্তৰাম দলেৰ মুখেৰে জানো আহক আলি আঃয়ে লৃগাং উৎসৱৰ তাৎপৰ্য
"আলি আঃয়ে লৃগাং (ইংৰাজী Ali-Aye-Ligang) অসমৰ মিচিং জনগোষ্ঠীৰ এক বসন্ত উৎসৱ । প্ৰতিবছৰে ফাগুন মাহৰ প্রথম বুধবাৰটোত এই উৎসৱ পালন কৰা হয় । এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয় । প্রথম অৱস্থাত ফাগুন, চ'ত বা ব'হাগ মাহৰ কোনো এটা দিনত এই উৎসৱ পালন কৰা হৈছিল যদিও ১৯৫৬ চনত মিচিংসকলৰ বৃহত্তম আর্থ-সামাজিক অনুষ্ঠান বানে কেবাঙে (তেতিয়াৰ নাম আছিল নানে কেবাং) আলি আঃয়ে লৃগাং উৎসৱ ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰিবৰ বাবে প্ৰস্তাৱ আগবঢ়াই আৰু তেতিয়াৰ পৰাই ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ পালন কৰা হয় ।"

মিচিং জনগোষ্ঠীৰ চহকী পৰম্পৰা আলি আঃয়ে লৃগাং
মিচিং জনগোষ্ঠীটোৰ লোকসকলে সম্পূৰ্ণ পৰম্পৰাগতভাৱে আলি আঃয়ে লৃগাং উৎসৱ পালন কৰে । যুগ যুগ ধৰি চলি অহা এই উৎসৱ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মিচিং জনগোষ্ঠীৰ বয়োজ্যেষ্ঠৰ পৰা আৰম্ভ কৰি যুৱক-যুৱতী আৰু চেমনীয়াসকল আনন্দিত হোৱা পৰিলক্ষিত হয় । মিচিং ডেকা-গাভৰুসকলে গুমৰাগ নৃত্য কৰি পৃথিৱীত বৰষুণ কামনা, শস্যৰ উৎপাদন বৃদ্ধি আৰু লখিমীক আদৰাৰ প্ৰস্তুতি আলি আঃয়ে লৃগাঙৰ পৰাই আৰম্ভ কৰে ।
লৃগাং উৎসৱৰ দিনা পুৱাতে গাঁৱৰ জীয়াৰী-বোৱাৰীহঁতে তিয়াই ৰখা বৰাচাউল তৰাপাতেৰে টোপোলা বান্ধি 'পুৰাং' আপিন সিজায় ৷ ইয়াৰ পিছত গাঁৱৰ প্ৰতিঘৰৰ মুখিয়ালজনৰ নেতৃত্বত ঘৰৰ কেইজনমানে পথাৰত আহুধানৰ গুটি সিঁচা কাৰ্য শুভাৰম্ভ কৰে ৷ সেই মাটিডৰাত চাৰি চুকত চাৰিডাল পীঃৰ (মেডেলা) গছৰ আগলি কাটি আনি পোতে ৷ পীঃৰৰ পাতবোৰ একেলগে মেৰিয়াই বগা সূতাৰে বান্ধি ৰাখে আৰু পূবেদি গুজি পীঃৰ গছৰ আগলি ডালৰ গুৰিতে সঁচ লৈ পঃৰ আপং আৰু নগিন আপং ঢালি প্ৰাৰ্থনা কৰে ৷ এই অনুষ্ঠানত গাঁৱৰ প্ৰতিঘৰতে সন্ধিয়া 'পাকছ-মনাম' নৃত্য কৰে ৷ এই নৃত্যত সকলোৱে অংশগ্ৰহণ কৰে ৷
বিশ্বাস
আলি আঃয়ে লৃগাং উৎসৱৰ সৈতে বহু বিশ্বাস যুক্ত হৈ আছে । এনে বিশ্বাসমতে শস্য সিঁচিবলৈ যাওঁতে গৃহস্থজনে ধানৰ থোক ঘিলাৰ চেইনৰ দৰে দীঘল আৰু শিলৰ দৰে গধুৰ হোৱাৰ কামনাৰে লগত ঘিলা আৰু শিলগুটি লৈ যাব লাগে । শস্য সিঁচাৰ পাছৰ পৰা কেইদিনমান তেওঁলোকে মাটি নাখান্দে, বাঁহ-বেত, খেৰ-খাগৰি আদি নাকাটে, ভজা-পোৰা নাখায় । অন্যথা শস্যৰ বীজ শুকাই যায় বুলি ভবা হয় । বীজ সিঁচি ঘৰলৈ আহি গৃহস্থজনে এবাটি পঃৰ আপং আৰু পুৰাং খায় আৰু এই কামনা কৰে যাতে খাদ্যবস্তুৰ কোনোদিনে অভাৱ নহয় ।
শস্য সিঁচাৰ তিনিদিন পাছত ৰীতি-নীতি মতে এই বাধা-নিষেধ ভঙা হয় । মিচিংসকলে বিশ্বাস কৰে যে দেৱতাক নাচ-গানেৰে সন্তুষ্ট নকৰিলে পৃথিৱীত বৰষুণ নহ'ব; তেতিয়া শস্যৰ উৎপাদন নহ'ব । সেয়ে তেওঁলোকে নৃত্য-গীতৰ মাজেৰে লখিমীক সন্মান প্ৰদৰ্শন কৰে।

