ETV Bharat / state

কোচ ৰাজবংশী লোকসকলক জনজাতিৰ মৰ্যদা প্ৰদানৰ দাবী আক্ৰাছুৰ

বি টি চিৰ পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ দাবীত পুনৰ সোচ্চাৰ আক্ৰাছু ৷

AKRASU demands SC
জনজাতিকৰণৰ দাবীত পুনৰ সোচ্চাৰ আক্ৰাছু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 19, 2025 at 10:42 AM IST

3 Min Read
Choose ETV Bharat

বঙাইগাঁও: প্ৰায় তিনি দশক ধৰি চলি থকা কোচ ৰাজবংশী লোকসকলৰ জনজাতিকৰণৰ দাবী আজিও পূৰণ নকৰিলে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে । বিগত তিনিটা দশকত বহুকেইখন চৰকাৰ আহিল আৰু সলনি হ'ল, পিছে দীৰ্ঘদিন ধৰি জাতিটোৰ জনজাতিকৰণৰ সমস্যাটোৰ কোনো সঠিক পথহে নোলাল ৷ এই বিষয়ক লৈ পুনৰ সৰৱ হৈছে কোচ ৰাজবংশী ছাত্ৰ সন্থা ।

বুধবাৰে বঙাইগাঁৱত এক সংবাদমেল সম্বোধন কৰি কোচ ৰাজবংশীসকলক শীঘ্ৰে জনজাতিকৰণৰ দাবী জনায় আক্ৰাছুৰ এটা গোটৰ সভাপতি অৰবিন্দ ৰায়ে ।

জনজাতিকৰণৰ দাবীত পুনৰ সোচ্চাৰ আক্ৰাছু (ETV Bharat Assam)

কাৰ ভুল আৰু ন্যস্তস্বাৰ্থৰ বাবে বাৰে বাৰে প্ৰতাৰিত হয় কোচ ৰাজবংশী লোকসকল ?

ভাষিক তথা সাংস্কৃতিকভাৱে চহকী কোচ ৰাজবংশী লোকসকলে জনজাতিকৰণৰ দাবীত আজিও অটল হৈ আছে যদিও একাংশ স্বাৰ্থলোভী সংগঠনৰ নেতা, সাংসদ, মন্ত্ৰী, বিধায়কে কোচ ৰাজবংশী লোকসকলক পণবন্দী কৰি দশকৰ পিছত দশক ধৰি কেৱল ন্যস্ত স্বাৰ্থ পূৰণ কৰি অহাৰ ফলত জনজাতিকৰণৰ সমস্যাটো সমাধান হোৱাৰ বিপৰীতে জাতিটোৰ মূল বিষয়টো চৰকাৰী ফাইলতে থাকি গ'ল ।

আনহাতে, কোচ ৰাজবংশী লোকসকলৰ জনজাতিকৰণৰ বাবে আন্দোলন কৰি অহা সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ একাংশ স্বাৰ্থলোভী নেতাৰ বাবেই কেইবাটাও ভাগত বিভক্ত হৈ পৰিছে সংগঠনটো । ফলত ৰাজনৈতিক দলসমূহেও দুৰ্বল হৈ পৰা সংগঠনটোক এতিয়া গুৰুত্ব প্ৰদান নকৰা পৰিলক্ষিত হৈছে ।

সেয়ে সময়ে সময়ে সংবাদমেলৰ আয়োজন কৰি নিজৰ অস্তিত্ব জাহিৰ কৰি আহিছে সংগঠনটোৱে । গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি বুধবাৰে আক্ৰাছুৰ আন এটা গোটৰ সভাপতি অৰবিন্দ দাসে চৰকাৰক কোচ ৰাজবংশী লোকসকলৰ জনজাতিকৰণৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিবলৈ আহ্বান জনায় ।

তেওঁ কয় যে, "ৰাজ্য চৰকাৰে সমাগত বি টি চি পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব লাগিব । আমাৰ জনজাতিকৰণৰ বাবে আমিতো আন্দোলন কৰিবই লাগিব, সমস্যা সমাধানৰ বাবে প্ৰয়োজনত তেজ দিম । আমাৰ নৱপ্ৰজন্মই আগবাঢ়ি আহিব লাগিব ।"

লগতে আক্ৰাছুৰ একত্ৰিকৰণ প্ৰক্ৰিয়াত সহমত থকা বুলিও তেখেতে প্ৰকাশ কৰে । ইফালে ৰাজ্য চৰকাৰে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন কৰি দিছে যদিও আজিলৈ নিৰ্বাচন অনুষ্ঠিত নকৰাত ক্ষোভ প্ৰকাশ কৰি অৰবিন্দ ৰায়ে ৰাজ্য চৰকাৰক সকীয়নি প্ৰদান কৰি লগতে কয় যে কোচ ৰাজবংশী লোকসকলৰ জনজাতিকৰণ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব ।

লগতে পঢ়ক :মানুহে কিতাপ নিকিনে বাবে বেয়া লাগে; সাহিত্য অকাডেমি বঁটাপ্ৰাপক বিনয় কুমাৰ ব্ৰহ্ম - SAHITYA AKADEMI AWARDS 2025
লগতে পঢ়ক :সুপ্রকাশ ভূঞালৈ সাহিত্য অকাডেমি যুৱ বঁটা - SAHITYA AKADEMI YUVA PURASKAR