৭৫বছৰে শোষিত কোচ ৰাজবংশীৰ কমতাপুৰ ৰাজ্য পুনৰগঠনৰ দাবী - Kamtapur state Demand
Koch Behar : ১৯৪৯ চনৰ ২৮ আগষ্টত কমতাপুৰ কোচবিহাৰ ৰাজ্যৰ সেই সময়ৰ শেষ ৰজা জগদ্বীপেন্দ্ৰ নাৰায়ন ভূপ বাহাদুৰ আৰু ভাৰত চৰকাৰৰ মাজত হৈছিল ঐতিহাসিক চুক্তি । এই চুক্তি অনুসৰিয়ে কোচ কমতাৰ অৱশিষ্ট অংশ কোচবিহাৰ ৰাজ্য ভাৰতৰ সৈতে চামিল হৈছিল । কিন্তু তেওঁলোক আজিও অৱহেলিত ।

Published : August 28, 2024 at 4:29 PM IST
বৰপেটাৰোড, ২৮ আগষ্ট: কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ দাবীত বুধবাৰে বৰপেটাৰোডৰ সমীপৰ বাক্সা জিলাৰ বেলগুৰীত আক্ৰাছুৱে প্ৰতাৰণা দিৱস পালন কৰে । আক্ৰাছুৰ বিষয়ববীয়া তথা সদস্যসকলে কলা পতাকা উৰুৱাই এই প্ৰতাৰণা দিৱস পালন কৰে ৷ পৃথক কমতাপুৰ ৰাজ্য পুনৰগঠন আৰু জনজাতিকৰণকে ধৰি বিভিন্ন সমস্যা সমাধান নহ'লে 2026 চনৰ বিধানসভা নিৰ্বাচনত প্ৰত্য়ুত্তৰ দিব বুলি চৰকাৰক সকীয়নি বাক্সা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ।
প্ৰতাৰণা দিৱসত বাক্সা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কপিলদেৱ সিনহাই কয়," ১৯৪৭ চনত ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পাছত ১৯৪৯ চনৰ ২৮ আগষ্টত কমতাপুৰ কোচবিহাৰ ৰাজ্যৰ সেই সময়ৰ শেষ ৰজা জগদ্বীপেন্দ্ৰ নাৰায়ন ভূপ বাহাদুৰ আৰু ভাৰত চৰকাৰৰ মাজত এক ঐতিহাসিক চুক্তিৰ জৰিয়তে কোচ কমতাৰ অৱশিষ্ট অংশ কোচবিহাৰ ৰাজ্য ভাৰতৰ সৈতে চামিল হৈছিল । কিন্ত অতিকৈ দুৰ্ভাগ্যৰ কথা যে উল্লেখিত চুক্তিপত্ৰত সন্নিবিষ্ট দফাসমূহ আজিলৈকে কাৰ্যকৰী নকৰিলে । ভাৰতৰ সতে চামিল হ'লেও কোচবিহাৰ ভাৰতৰ ভিতৰতে এখন 'গ' শ্ৰেণীৰ ৰাজ্য হিচাপে মৰ্যদা পাব লাগে । কিন্ত চৰকাৰে চুক্তিখন ৰূপায়ন নকৰিলে । বৰঞ্চ ভাৰতৰ লগত চামিল হোৱাৰ পিছত বিগত ৭৫ টা বছৰে ঐতিহাসিকভাৱে স্বাধীন কোচ কমতা ৰাজ্যৰ ভূমিপুত্ৰ কোচৰাজবংশীসকল পদে পদে লাঞ্চিত,বঞ্চিত,শোষিত তথা প্ৰতাৰিত হৈ আহিছে ।"
তেওঁ পুনৰ কয়,"যোৱা কেইবা দশক ধৰি পৃথক কমতাপুৰ ৰাজ্য পুনৰগঠন আৰু জনজাতিকৰণকে ধৰি বিভিন্ন সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছে । কিন্তু আজিকোপতি কোচ ৰাজবংশীসকলক চৰকাৰে প্ৰতাৰণাৰ বাহিৰে একোৱেই নকৰিলে ৷ আগন্তুক 2026 চনৰ নিৰ্বাচনৰ পূৰ্বে যদি কোচ ৰাজবংশীসকলক জনজাতিকৰণ আৰু কমতাপুৰ গঠন কৰা নকৰে তেন্তে তাৰ বিৰুদ্ধে কোচৰাজবংশী সকলে উচিত প্ৰত্য়ুত্তৰ দিব ।"
আজিৰ প্ৰতিবাদত কোচ ৰাজবংশী ছাত্ৰ সন্থা, কোচ ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনা লগতে প্ৰতিখন আঞ্চলিক সমিতিৰ সহযোগত আজি কলা পতাকা উৰুৱাই প্ৰতাৰণা দিৱস পালন কৰে ৷

