গুৱাহাটী : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক অখিল গগৈৰ অভিযোগ-প্ৰতিঅভিযোগে কঁপাইছে বিধানসভাৰ মজিয়া । অভিযোগ-প্ৰতিঅভিযোগৰ মাজতেই ঘটিল অসমৰ সংসদীয় ইতিহাসত নোহোৱা নোপোজা এক ঘটনা । পত্নীৰ চৰকাৰী চাকৰিৰ নিযুক্তিৰ তদন্তৰ লগতে নিজৰ গুৱাহাটীৰ সম্পত্তিৰ তদন্ত বিচাৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ প্ৰেৰণ কৰিলে বিধায়ক অখিল গগৈয়ে । শুকুৰবাৰে পুৱা বিধানসভা চৌহদত নিজৰ ঘোষণা অনুসৰিয়েই মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই প্ৰেৰণ কৰিলে দুয়োখন পত্ৰ ।
কিয় পত্ৰ প্ৰেৰণ কৰিলে মুখ্যমন্ত্ৰীলৈ ?
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে চলিত বাজেট অধিৱেশনত সদনৰ মজিয়াত অখিল গগৈৰে হোৱা বিতৰ্কত বিধায়কগৰাকীৰ অধ্যাপিকা পত্নীৰ চাকৰিৰ নিযুক্তি আৰু তেওঁলোকৰ পৰিয়ালৰ গুৱাহাটীৰ বাসগৃহ ক্ৰয়ক লৈ প্ৰশ্ন উত্থাপন কৰিছিল । এই বিষয়টো সদনৰ কাৰ্যবিৱৰণিত লিপিবদ্ধ হৈ ৰয় । মুখ্যমন্ত্ৰীগৰাকীয়ে বিধানসভাৰ মজিয়াত অখিল গগৈক আক্ৰমণ কৰি কৈছিল,“ মই যদি কওঁ আপোনাৰ পত্নীয়ে বি বৰুৱা কলেজত চাকৰি কেনেকৈ পাইছিল ! মইতো আজিলৈকে কাৰো আগত কোৱা নাই ৷” মুখ্যমন্ত্ৰীৰ অভিযোগ আছিল যে অখিল গগৈৰ পত্নী অধ্যাপিকা গীতাশ্ৰী তামুলীতকৈ মেধা সম্পন্ন ছোৱালীক পিছ পেলাই চাকৰি দিয়া হৈছিল ৷
ইপিনে,অখিল গগৈৰ পৰিয়ালৰ চানমাৰিত ঘৰ থকা প্ৰসংগতো মুখ্যমন্ত্ৰীগৰাকীয়ে সমালোচনা কৰি কয়, “চেণ্ডেল পিন্ধা আন্দোলনকাৰী এজনে যেতিয়া চানমাৰিত মাটি কিনে তাৰ উত্তৰ কোনে দিব ?” ইয়াৰ পিচতেই সদনৰ মজিয়াতে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনায় অখিল গগৈয়ে । পৰৱৰ্তী সময়ত শুকুৰবাৰে বি বৰুৱা কলেজৰ সহকাৰী অধ্যাপক পদত তেওঁৰ পত্নীক নিযুক্তি আৰু চানমাৰিৰ নিজৰাপাৰত থকা তেওঁলোকৰ আৱাসিক সম্পত্তিৰ তদন্ত বিচাৰি মুখ্যমন্ত্ৰীলৈ দুখন পত্ৰ প্ৰেৰণ কৰে ।

পত্নীৰ নিযুক্তিৰ তদন্ত বিচাৰ দিয়া পত্ৰখন :
মুখ্যমন্ত্ৰীলৈ লিখা প্ৰথমখন পত্ৰত বিধায়ক অখিল গগৈয়ে পত্নীৰ চাকৰিৰ নিযুক্তি প্ৰসংগত লিখিছে,“ ২০১১ চনত বি বৰুৱা মহাবিদ্যালয়ত (স্বায়ত্তশাসিত) অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা পদত মোৰ পত্নীৰ নিযুক্তি অবৈধ বুলি অভিযোগ কৰি ২০২৫ চনৰ ২০ ফেব্ৰুৱাৰীত ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক ভাষণৰ সময়ত অসম বিধানসভাৰ মজিয়াত আপোনাৰ বক্তব্যই মোৰ আৰু মোৰ পত্নীৰ আত্মসন্মানত আঘাত হানিছে । আপুনি উল্লেখ কৰিছিল যে বৰ্তমান বি বৰুৱা মহাবিদ্যালয়ৰ (স্বায়ত্তশাসিত) অসমীয়া বিভাগৰ সহযোগী অধ্যাপক হিচাপে মোৰ পত্নী ড৹ গীতাশ্ৰী তামুলীয়ে নিযুক্তি পোৱাটো অবৈধ। গতিকে মোৰ পত্নী ড৹ গীতাশ্ৰী তামুলীক অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক পদৰ বাবে নিযুক্তি দিয়াটো অসাধু আৰু অনিয়ম আছিল যদি বিষয়টোৰ তদন্তৰ দাবী জনাইছো । তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে তেওঁ চাকৰিটোৰ সততা বজাই ৰাখিবলৈ চাকৰিৰ পৰা বিৰত থাকিব ।”

নিজৰ ঘৰ-সম্পত্তিৰ তদন্ত বিচাৰি দিয়া পত্ৰখন :
দুৰ্নীতিৰ ধনেৰে চানমাৰিৰ ঘৰ ক্ৰয় কৰা বুলি প্ৰমাণিত হ’লে চৰকাৰক নিজৰ ঘৰ-সম্পত্তি গতাই দিব অখিল গগৈয়ে । মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখি নিজৰাপাৰত থকা ঘৰটোৰ ক্ৰয়ৰ তদন্ত বিচাৰি মুখ্যমন্ত্ৰীলৈ লিখা পত্ৰখনত অখিল গগৈয়ে লিখিছে,“ মই আপোনাৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছো যে মই বৰ্তমান চানমাৰি নিজৰাপাৰৰ যিটো ব্যক্তিগত ৪০ নং আবাসিক সম্পত্তিত থাকো, সেইটো প্ৰয়াত ভদ্ৰ বৰাৰ পৰা ক্ৰয় কৰিছিল মোৰ পত্নী ড৹গীতাশ্ৰী তামুলীয়ে । ২০২৫ চনৰ ২০ ফেব্ৰুৱাৰীত ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱৰ ওপৰত আপোনাৰ ভাষণৰ সময়ত অসম বিধানসভাৰ সদনৰ ওপৰত দিয়া এক বিবৃতিত আপুনি অভিযোগ কৰিছিল যে মই অবৈধ উপায়েৰে আহৰণ কৰা ধন আৰু দুৰ্নীতিৰ জৰিয়তে ঘৰটো ক্ৰয় কৰিছিলো, ই মোৰ আৰু মোৰ পত্নীৰ আত্মসন্মানত আঘাত হানিছে । আপুনি উল্লেখ কৰিছিল যে বৰ্তমান মই পৰিয়ালৰ সৈতে বাস কৰা ঘৰটো দুৰ্নীতিৰ মাধ্যমেৰে আহৰণ কৰা ধনেৰে ক্ৰয় কৰা হৈছে । গতিকে বিষয়টোৰ সত্যতাৰ তদন্ত আৰম্ভ কৰিবলৈ অনুৰোধ জনালো আৰু যদিহে তদন্তত প্ৰমাণিত হয় যে মই অবৈধ আৰু দুৰ্নীতিৰ মাধ্যমেৰে ঘৰটো ক্ৰয় কৰিছিলো তেন্তে মই আৱাসিক সম্পত্তিটো অসম চৰকাৰক গতাই দিম ।”

উল্লেখ্য যে শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আয়তকৈ বেছি সম্পত্তি আহৰণৰ অভিযোগ তুলি সম্পত্তিৰ তদন্ত বিচাৰিলে অখিল গগৈয়ে ৷ একেখন পত্ৰযোগে মুখ্যমন্ত্ৰীৰো সম্পত্তিৰ তদন্ত বিচাৰিলে অখিল গগৈয়ে, “একে দিনাই মই অসম বিধানসভাত আপুনি জ্ঞাত আয়ৰ উৎসৰ বিপৰীতে অসমতাপূৰ্ণ ধন-সম্পত্তিৰ অধিকাৰী বুলি অভিযোগ কৰিছিলো । সমান্তৰালভাৱে মই আপোনাক অনুৰোধ কৰিম যে শিক্ষামন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী আৰু পৰৱৰ্তী সময়ত অসমৰ মুখ্যমন্ত্ৰী হিচাপে আপোনাৰ কাৰ্যকালত আপুনি যিমানখিনি অসমতাপূৰ্ণ সম্পদ সঞ্চয় কৰিছিল, তাৰ লগতে মই বৰ্তমান পৰিয়ালৰ সৈতে বাস কৰা ঘৰ নং ৪০, নিজৰাপাৰ, চানমাৰিৰ তথাকথিত অনৈতিক উপায়েৰে ক্ৰয়ৰ তদন্তৰ লগতে মই কৰা দাবীসমূহৰো আপুনি তদন্ত আৰম্ভ কৰিব ।”এই দুখন পত্ৰৰে অখিল গগৈয়ে এইবাৰ বল ঠেলি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ৷